Logo
image

মোৰ লক্ষ্যস্থান হ’ল তেজপুৰ...

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ শিলে কথা কোৱা সাংস্কৃতিক নগৰী তেজপুৰ৷ পুৰাণ ইতিহাসপ্ৰসিদ্ধ তেজপুৰক পৰ্যটনক্ষেত্ৰ হিচাবে বিশ্বৰ বুকুত জিলিকাই তোলাৰ মানসেৰে শোণিতপুৰ জিলা প্ৰশাসন আৰু টিম তেজপুৰৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ‘লক্ষ্যস্থান তেজপুৰ’ শীৰ্ষক কাৰ্যসূচীৰ৷ বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি লক্ষ্যস্থান তেজপুৰ শীৰ্ষক অনুষ্ঠানটোৰ শুভাৰম্ভ হয় চাইকেল ৰেলীৰে৷ পুৱা তেজপুৰ নেহৰু ময়দানৰ পৰা উলিওৱা এই চাইকেল ৰেলী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস আৰু অভিনেত্ৰী চেতনা দাসে৷ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি বিভিন্ন শ্ৰেণীৰ প্ৰায় তিনিশ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা এই চাইকেল ৰেলীয়ে তেজপুৰৰ চিত্ৰলেখা উদ্যান, পদুম পুখুৰী, অগ্নিগড়, গণেশঘাট, মহাভৈৰৱ মন্দিৰকে ধৰি বিভিন্ন পৰ্যটনস্থলী পৰিভ্ৰমণ কৰে৷ এই ৰেলীত অৰুণাচল অলিম্পিক সন্থাৰ সভাপতি, অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া, সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতেই দিনৰ ভাগত তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত পৰ্যটনৰ সম্ভাৱনীয়তা আৰু ইয়াৰ প্ৰচাৰ-প্ৰসাৰ সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়৷ কিদৰে গ্ৰাম্য পৰ্যটনৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰি, ইয়াৰ নিদৰ্শন দাঙি ধৰি শোণিতপুৰ নগৰীয়া জীৱিকা অভিযানৰ জৰিয়তে প্ৰস্তুত কৰা প্ৰকল্প প্ৰদৰ্শন কৰি পৰ্যটনৰ সম্ভাৱনীয়তা সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰা হয়৷ সভাত আদৰণি ভাষণ প্ৰদান কৰি শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে কয় যে, তেজপুৰ পূৰ্বৰে পৰা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ কেৱল প্ৰয়োজন পৰ্যটকসকলক সকলোধৰণৰ সা-সুবিধা প্ৰদান কৰিব পৰা ব্যৱস্থাৱলীৰ৷ সেয়েহে তেজপুৰক নৰূপত সঁজাই-পৰাই তোলাৰ প্ৰয়াস কৰা হৈছে৷ এই সভাতেই তেজপুৰৰ সু-সন্তান বিশিষ্ট অভিনেত্ৰী চেতনা দাস, জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা, অনুপম চক্ৰৱৰ্ত্তী আৰু নন্দনপ্ৰতীম শমাৰ্‌ বৰদলৈক বিশেষভাৱে সম্বৰ্ধনাজ্ঞাপন কৰা হয়৷ সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণ প্ৰসংগত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই তেজপুৰৰ পৰ্যটন ক্ষেত্ৰখনৰ সম্পৰ্কত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কক কেইটামান পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত দৃষ্টি আকৰ্ষণ কৰে৷ একেদৰে সাংবাদিক অনুপম চক্ৰৱৰ্ত্তীয়ে তেজপুৰ পৰ্যটকৰ বাবে অতি গুৰুত্বপূৰ্ণ লক্ষ্যস্থান হ’ব পাৰে বুলি কৈ এইক্ষেত্ৰত জনসাধাৰণক সচেতন কৰা আৰু দেশ-বিদেশত আমাৰ বৈভৱশালী ঐতিহ্য সম্পৰ্কে প্ৰচাৰ আৰু প্ৰসাৰ কৰাত গুৰুত্বআৰোপ কৰে৷ সাংবাদিক নন্দনপ্ৰতীম শমা বৰদলৈয়ে তেওঁৰ ভাষণত এজন বিদেশী পৰ্যটকৰ সৈতে বহুবছৰ পূৰ্বে হোৱা এটা অভিজ্ঞ তাৰ কথা কৈ অতিথিপৰায়ণ তেজপুৰীয়া ৰাইজে পৰ্যটকৰ বাবে নিজৰ ঘৰতেই কম পৰিসৰত থকা-মেলাৰ ব্যৱস্থা কৰি আপ্যায়ন কৰিব পাৰে৷ কাৰণ বহু পৰ্যটকে বিচাৰে স্থানীয় খাদ্যৰ জুতি আৰু স্থানীয় লোকৰ সান্নিধ্য৷ এনে পদক্ষেপে আৰ্থসামাজিক উন্নয়নত সহায়ক হ’ব৷ আনহাতে, নিজৰ ঠাইখনলৈ আহি আপোনজনক ওচৰত লগ পাই নষ্টালজিক হৈ পৰা বিশিষ্ট অভিনেত্ৰী চেতনা দাসে বৰ্তমানৰ বিধায়ক আৰু জিলা প্ৰশাসনৰ প্ৰচেষ্টাত তেজপুৰে নতুন ৰূপ পাব বুলি আশা ব্যক্ত কৰে৷ স্বভাৱসুলভভাৱে তেজপুৰৰ সাংস্কৃতিক ঐতিহ্যৰ কথা স্মৰণ কৰি বাণ থিয়েটাৰৰ দৰে নাট্যানুষ্ঠানে তেওঁক আজিৰ এই পৰিচয় প্ৰদান কৰিলে বুলি মন্তব্য কৰে৷ ইফালে লক্ষ্যস্থান তেজপুৰ শীৰ্ষক অনুষ্ঠানৰ আয়োজক সমিতিৰ অধ্যক্ষ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কয় যে, এই অনুষ্ঠানৰ আয়োজনৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰত তেজপুৰৰ সম্ভাৱনীয়তা আৰু ইয়াৰ সমৃদ্ধিৰ হ’কে আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰা হৈছে৷ এয়া মাত্ৰ আৰম্ভণিহে৷ পযাৰ্য়ক্ৰমে তেজপুৰখনক পৰ্যটকৰ আকৰ্ষণস্থলী ৰূপে গঢ় দিয়াৰ বাবে সকলোৰে সহযোগিতাত পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ সভাত আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱট, প্ৰৱীণ অভিনেতা সুজিৎ শমাই তেজপুৰক পৰ্যটন নগৰীৰূপে গঢ়ি তোলাৰ বাবে সকলোৱে মিলি কাম কৰি যোৱাৰ বাবে আহ্বান জনায়৷