Logo
image

অসমৰ বিজ্ঞানীলৈ ভাটনগৰ বঁটা

২০ বছৰৰ মূৰত অসমলৈ বিজ্ঞান ক্ষেত্ৰৰ শ্ৰেষ্ঠতম ৰাষ্ট্ৰীয় সন্মান

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ যোৰহাটস্থ বিজ্ঞান আৰু উদ্যোগিক গৱেষণা পৰিষদ-উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান [চিএছআইআৰ-নেইষ্ট]-ৰ বিজ্ঞানী ড॰ বিনয় কুমাৰ শইকীয়ালৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শান্তিস্বৰূপ ভাটনগৰ বঁটা-২০২১ আগৱঢ়োৱা হৈছে৷ কয়লাৰ পৰা নিৰাপদ সূক্ষ্ম পদাৰ্থ আৱিষ্কাৰৰ বাবে ড॰ শইকীয়ালৈ পৃথিৱী, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ সম্পৰ্কীয় বিজ্ঞানৰ শিতানত এই বঁটা আগৱঢ়োৱা হৈছে৷ এই বঁটাৰ অৰ্থমূল্য ৫ লাখ টকা৷ তদুপৰি উক্ত বঁটাপ্ৰাপকে তেওঁৰ ৬৫ বছৰ বয়সলৈকে মাহিলি ১৫ হাজাৰকৈ টকা লাভ কৰে৷ এই বঁটাৰ বাবে মনোনীত হোৱা চিএছআইআৰ-নেইষ্টৰ কয়লা আৰু শক্তি বিভাগৰ বিজ্ঞানী ড॰ বিনয় কুমাৰ শইকীয়া পঞ্চমজন অসমীয়া বিজ্ঞানী৷ তেওঁ ৫ বছৰ ধৰি কয়লা সম্পৰ্কে গৱেষণা কৰি আছে৷ তেওঁৰ কেইবাখনো গৱেষণা-পত্ৰ উন্নত মানৰ আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলত প্ৰকাশ পাইছে৷ তেওঁ আৱিষ্কাৰ কৰা ‘কাৰ্বন ডট’ নামৰ সুক্ষ্ম পদাৰ্থটো আত্মনিৰ্ভৰ ভাৰতৰ এক উল্লেখযোগ্য অৱদান৷  এই নেন’ পদাৰ্থ চিকিৎসা বিজ্ঞানত ব্যৱহাৰৰ বাবে অত্যন্ত উপযোগী হোৱাৰ লগতে বিদেশত উৎপাদিত এনে সামগ্ৰীতকৈ ইয়াৰ মূল্য এশ গুণে কম বুলি ড॰ শইকীয়াই ‘আমাৰ অসম’ক জানিবলৈ দিছে৷ উল্লেখ্য, গোলাঘাটৰ জোনাকী নগৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন শইকীয়া আৰু বকুলী শইকীয়াৰ পুত্ৰ ড॰ বিনয় কুমাৰ শইকীয়াই দেউতাকৰ কৰ্মসূত্ৰে সৰুপথাৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে৷ গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানৰ স্নাতক ডিগ্ৰী লৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ইয়াৰ পাছতে তেওঁ চিএছআইআৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ হালদিয়া তেল শোধনাগাৰত কৰ্মজীৱন আৰম্ভ কৰা শইকীয়াই কিছুদিনৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়তো অধ্যাপনা কৰে৷ ইয়াৰ পাছতে তেওঁ চিএছআইআৰ-নেইষ্টত বিজ্ঞানী হিচাপে যোগদান কৰে৷ তেওঁৰ এই সফলতাত চিএছআইআৰ নেইষ্টৰ বিষয়া-কৰ্মচাৰীসকলে অভিনন্দন জনাইছে৷ তদুপৰি, তেওঁ গৌৰৱ কঢ়িয়াই অনাৰ বাবে জন্মস্থান গোলাঘাট আৰু কৰ্মস্থলী যোৰহাটবাসীয়েও অভিনন্দন জনাইছে৷ উল্লেখ্য, ১৯৮৯ চনত মিহিৰ কান্তি চৌধুৰী, ১৯৯৪ চনত জিতেন্দ্ৰ নাথ গোস্বামী, ১৯৯৫ চনত ভূপেন্দ্ৰ নাথ গোস্বামী আৰু ২০০১ চনত প্ৰশান্ত গোস্বামীয়ে লাভ কৰিছিল এই বঁটা৷ বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বিজ্ঞানৰ শ্ৰেষ্ঠতম বঁটাৰূপে পৰিচিত এই বঁটা ২০ বছৰৰ মূৰত এইবাৰ পুনৰ লাভ কৰিলে অসমীয়া বিজ্ঞানীয়ে৷ স্মৰ্তব্য, দেশৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ ৰূপে খ্যাত ড॰ শান্তি স্বৰূপ ভাটনগৰৰ৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰো প্ৰথমগৰাকী অধ্যক্ষ আছিল৷ তেওঁৰ নামেৰে দেশৰ বিজ্ঞানীযগৱেষক সকলক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ১৯৫৮ চনৰ পৰা বিজ্ঞানৰ সাতটা শাখাত কৰা দিকদৰ্শী গৱেষণাৰ বাবে প্ৰতিটো শাখাত সৰ্বাধিক দুগৰাকী বিজ্ঞানীলৈ বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছিল৷ এই সাতটি শাখা হৈছে জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান, বসুধা- বতৰ- সমুদ্ৰ আৰু গ্ৰহীয় বিজ্ঞান, কাৰিকৰী বিজ্ঞান, গণিত বিজ্ঞান, চিকিৎসা বিজ্ঞান আৰু ভৌতিক বিজ্ঞান৷ উক্ত বঁটাৰ বাবে বিবেচনা কৰিবলৈ হ’লে গৱেষক-বিজ্ঞানী গৰাকীৰ বয়স ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব, তেওঁৰ গৱেষণা দেশতেই সম্পন্ন হ’ব লাগিব৷  গৱেষণা হ’ব লাগিব দিকদৰ্শী৷ এনেবোৰ কাৰণতেই এই সন্মানক দেশৰ বিজ্ঞান ক্ষেত্ৰৰ  শীৰ্ষস্থানীয় বুলি গণ্য কৰি অহা হৈছে৷ বিজ্ঞানী ড॰ বিনয় কুমাৰ শইকীয়াই সন্মানজনক শান্তিস্বৰূপ ভাটনগৰ বঁটা লাভ কৰাৰ বাবে অভিনন্দন জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জল ভট্টাচাৰ্যই৷