Logo
image

ৰহস্যৰ আৱৰ্তত গুৱাহাটী বিশ্ববিদ্যালয়

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ এ পি ডি চি এলৰ ১,৯৫৭ টা পদৰ নিযুক্তি পৰীক্ষা কেলেংকাৰি গোচৰত অ’ এছ ডি দীপাংকৰ দিহিঙীয়াকে ধৰি ১০ জন বিষয়া-কৰ্মচাৰীক ভিজিলেন্সে গ্ৰেপ্তাৰ কৰাৰ পাছতেই হাহাকাৰ লাগিছে বিজুলী ভৱনৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো৷ এ পি ডি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱাৰ [ৰাজ্য চৰকাৰৰ মুখ্য সচিব] বিশেষ কৰ্তব্যৰত বিষয়া দীপাংকৰ দিহিঙীয়াসহ ১০ অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে যদিও সোমবাৰে বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাই ৫জন অভিযুক্তক ৫ দিনৰ বাবে জিম্মাত লোৱাৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ৷ তদন্তকাৰী আৰক্ষীয়ে জিম্মাত ল’ব বিচৰা অন্যতন দুই অভিযুক্ত হৈছে এপিডিচিএলৰ অধ্যক্ষৰ অ’ এছ ডি দীপাংকৰ দিহিঙীয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কণিষ্ঠ সহায়ক শশাংক শইকীয়া৷ স্বাভাৱিকতে এই দুই বিষয়াই মুখ খুলিলেই আৰক্ষীৰ হাতত আৰু একাধিক বিষয়া গ্ৰেপ্তাৰৰ আশংকাত বিজুলী ভৱন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাত শ্বাসৰুদ্ধ পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ তদন্তকাৰী আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি এ পি ডি চি এলৰ চাকৰি বজাৰৰ অন্যতম পৰিকল্পনাকাৰী অ’ এছ ডি দীপাংকৰ দিহিঙীয়াই বিভিন্ন প্ৰাৰ্থীৰ সৈতে দৰ-দামৰ  মোবাইল বাৰ্তালাপৰ তথ্য-প্ৰমাণ ইতিমধ্যে  উদ্‌ঘাটন কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷ কেৱল প্ৰাৰ্থীৰ সৈতে যোগাযোগ কৰাই নহয়, বিজুলী ভৱনৰ আন কেইবাজনো বিষয়াই দীপাংকৰ দিহিঙীয়াক নিজৰ নিজৰ প্ৰাৰ্থীৰ তালিকা দিয়াৰ বিস্ফোৰক তথ্য প্ৰমাণো লাভ কৰিছে আৰক্ষীয়ে৷ ইতিপূৰ্বে তদন্তকাৰী আৰক্ষীয়ে বিজুলী ভৱনৰ মুঠ ৪২ জন বিষয়া-কৰ্মচাৰীক প্ৰাথমিক জেৰা কৰাৰ পাছতেই এই তথ্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰিছে৷ চাকৰিৰ বাবে দীপাংকৰ দিহিঙীয়াক প্ৰাৰ্থীৰ তালিকা দিয়া সংশ্লিষ্ট বিষয়াসকলক গ্ৰেপ্তাৰৰ ইংগিত দিছে তদন্তকাৰী আৰক্ষীয়ে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে বিদ্যুৎ বিভাগৰ পূৰ্বৰ নিযুক্তিসমূহতো দীপাংকৰ দিহিঙীয়া এণ্ড কোম্পানীয়ে চাকৰিৰ এখন বজাৰ গঢ়ি তুলিছিল৷ নিৰ্বাচনৰ পূৰ্বে নিযুক্তি দিয়া কণিষ্ঠ প্ৰৱন্ধক, সহকাৰী প্ৰৱন্ধকৰ দৰে পদত প্ৰাৰ্থীৰ পৰা ৮-১০ লাখ টকাকৈ সংগ্ৰহ কৰিছিল এই চক্ৰটোৱে৷ আশ্চৰ্যজনক বিষয়টো হৈছে, তদানীন্তন অধ্যক্ষ ভি কে পিপাৰছেনীয়া আৰু মুখ্য মহা প্ৰৱন্ধক তথা পৰীক্ষা পৰিচালনা ব’ৰ্ডৰ তদানীন্তন অধ্যক্ষ সঞ্জয় ভৌমিকে বিজুলী ভৱনত চলা চাকৰি বজাৰৰ সন্দৰ্ভত অভিযোগ লাভ কৰাৰ পাছতো অজ্ঞাত কাৰণত অ’ এছ ডি দীপাংকৰ দিহিঙীয়া এণ্ড কোম্পানীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ পোহৰলৈ আহিছে৷ বিভাগীয় মুৰব্বীৰ এই মৌন সমৰ্থনৰ পাছতেই বিজুলী ভৱনত উঠি ৰজা বহি ৰজা হৈ পৰিছিল সাংসদ তপন গগৈৰ প্ৰিয় বিষয়া দীপাংকৰ দিহিঙীয়াই৷ যাৰ পৰিপ্ৰেক্ষিততে তদন্তকাৰী আৰক্ষীয়ে তদানীন্তন অধ্যক্ষ ভি কে পিপাৰছেনীয় আৰু সঞ্জয় ভৌমিককো জেৰা কৰাৰ ইংগিত প্ৰদান কৰিছে৷ আনহাতে ব্যৱসায়ী বানোৱাৰীলাল আগৰৱালাৰ মালিকানাধীন বিতৰ্কিত ‘নেইকম ইম্প্ৰেছন’ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক পৰীক্ষাৰ অ’ এম আৰ শ্বীট মূল্যায়নৰ পৰা বিৰত ৰাখিবলৈ ন্যায়াধীশ অনিমা হাজৰিকা কমিটীয়ে পৰামৰ্শ দিয়াৰ পাছতো গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই ৰহস্যজনক কাৰণত সংশ্লিষ্ট বিতৰ্কিত প্ৰতিষ্ঠানটোকে অ’ এম আৰ শ্বীট মূল্যায়নৰ কামত নিয়োজিত কৰিছিল৷ কি কাৰণত ‘নেইকম ইম্প্ৰেছন’ক মূল্যায়নৰ কামত নিয়োজিত কৰা হৈছিল বুলি তদন্তকাৰী আৰক্ষীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু সচিবক প্ৰশ্ন কৰিছিল যদিও বিশ্ববিদ্যালয়ৰ শীৰ্ষ বিষয়াদ্বয়ে সেয়া তেওঁলোকৰ নিজৰ ইচ্ছাৰ বিষয় বুলিহে  প্ৰত্যুত্তৰ দিছিল৷ স্বাভাৱিকতেই এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট কতৃৰ্পক্ষই বিতৰ্কিত নেইকম ইম্প্ৰেছনক অ’ এম আৰ মূল্যায়নৰ দায়িত্ব দিয়াৰ আঁৰত ৰহস্যৰ গোন্ধ পাইছে তদন্তকাৰী আৰক্ষীয়ে৷ ধৃত শশাংক শইকীয়াক জেৰা  কৰিলেই সকলো বিষয় পৰিষ্কাৰ হ’ব বুলিও আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিছে৷ যাৰ বাবে বিশ্ববিদ্যালয়, এ পি ডি চি এল আৰু নেইকম ইম্প্ৰেছনৰ নেক্সাছ ফাদিল হোৱাৰ ভয়তে বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট মহলৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইপিনে পলাতক এপিডিচিএলৰ  মুখ্য মহা প্ৰবন্ধক আতাউৰ ৰহমানৰ সন্ধানত  ভিজিলেন্সে অভিযান অব্যাহত ৰাখিছে৷