Logo
image

অসম এতিয়াও বিপদমুক্ত হোৱা নাই

গুৱাহাটী আৰু ১০খন জিলাত ক্ৰমাৎ বাঢ়িছে ক’ভিড আক্ৰান্তৰ সংখ্যা

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ উপ-নিৰ্বাচন আৰু উৎসৱমুখৰ পৰিৱেশত ৰাজ্যত কৰ’না পৰিস্থিতি উন্নত হোৱা বুলি চৰকাৰে দাবী কৰিছে যদিও গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ১১খন জিলাৰ কৰ’না পৰিস্থিতি ক্ৰমাৎ উৰ্ধমুখী হৈয়ে আছে৷ গুৱাহাটী মহানগৰীত যোৱা তিনিটা দিনত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’না ৰোগীৰ সংখ্যা৷ যোৱা দহ দিনত অৰ্থাৎ ১৬ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটীত ১০৯০জন লোক নতুকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ গুৱাহাটী মহানগৰীৰ পাছতেই ক্ৰমে যোৰহাট, গোলাঘাট, লখিমপুৰ, কামৰূপ, শোণিতপুৰ, দৰং, বৰপেটা, শিৱসাগৰ, নগাঁও আৰু ডিব্ৰুগড় জিলাত ক্ৰমাৎ উৰ্ধমুখী হৈছে কৰ’না পৰিস্থিতি৷ যোৱা দহ দিনত যোৰহাটত নতুনকৈ ৩৫০জন লোক, গোলাঘাটত ৩১৪ জন লোক, লখিমপুৰত ২১৮জন লোক, কামৰূপ জিলাত ১৮৪ জন লোক, শোনিপুৰত ১৮৪ জন লোক, শোণিতপুৰত ১৭৬জন লোক, দৰং জিলাত ১৭৫জন লোক, বৰপেটা জিলাত ১৫৬জন লোক, শিৱসাগৰ জিলাত ১৫২জন লোক, নগাঁও জিলাত ১২৯ জন লোক আৰু ডিব্ৰুগড় জিলাত ১১৩জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ গুৱাহাটীত যোৱা তিনিটা দিনত দৈনিক কৰ’না আক্ৰান্তৰ হাৰ ক্ৰমে ১০৭, ১২২ আৰু ১৩৩জনলৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে ৰাজ্যৰ জিলাসমূহৰ ভিতৰত দক্ষিণ শালমাৰা আৰু হাইলকান্দি জিলাত যোৱা ১০টা দিনত সৰ্বনিম্ন কৰ’নাৰ নতুন সংক্ৰমণ হৈছে৷ দক্ষিণ শালমাৰাত মাত্ৰ ১জন কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে হাইলাকান্দিত পাঁচজন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ লক্ষণীয় যে দেশত প্ৰতিদিনে ২৮-৩০ হাজাৰ কৰ’না ৰোগী নতুনকৈ চিনাক্ত হৈছে৷ কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰতি সাৱধান হ’বলৈ কেন্দ্ৰীয় চৰকাৰে সতৰ্কতামূলক জাননী জাৰি কৰিছে৷ কৰ’নাই সকলোতকৈ ভয়াৱহ ৰূপ লোৱা কেৰালাত যোৱা ২৪ ঘণ্টাত ১৬,৬৭১জন কৰ’না ৰোগী নতুনকৈ চিনাক্ত হোৱাৰ বিপৰীতে ১২০জন কৰ’না ৰোগীৰ মৃত্যু ঘটিছে৷ কেৰালাৰ চুবুৰীয়া ৰাজ্য কৰ্ণাটকতো যোৱা ২৪ ঘণ্টাত ৭৮৯জন নতুন ক’ভিড ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে ১১জন মৃত্যু হৈছে৷ মহাৰাষ্ট্ৰ আৰু দিল্লীতো নতুনকৈ ক’ভিডে মূৰ তুলি উঠিছে৷ যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ২৭জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ গোৱাটো ৮৪জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷