Logo
image

লাখ লাখ টকাত বিক্ৰী টে’টৰ ভুৱা প্ৰমাণ-পত্ৰ

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ  জাল টে’ট উত্তীৰ্ণ চাৰ্টিফিকেটেৰে বহুজনে শিক্ষকতাৰ চাকৰিত নিয়োজিত হৈ অহাৰ ভয়ংকৰ তথ্য উন্মোচন হোৱাৰ পাছতে শিক্ষা বিভাগৰ বাহিৰে ভিতৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিটিচি শিক্ষা সঞ্চালকালয়ে জাল টে’ট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰৰে চাকৰি লাভ কৰা ৫২জন স্নাতক শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশৰ বাতৰি ‘আমাৰ অসম’ কাকতত প্ৰকাশ পোৱাৰ পাছতেই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দেওবাৰে তদন্ত ঘোষণা কৰিছে৷ বিটিচি শিক্ষা সঞ্চালকালয়ে এই ভয়ংকৰ জালিয়াতি পোহৰলৈ অনাৰ পাছতেই ৰাজ্যত এতিয়া বিশেষ এটা শক্তিশালী চক্ৰই লাখ লাখ টকাত টে’টৰ জাল প্ৰমাণ-পত্ৰ বিক্ৰীৰ তথ্য উন্মোচন হৈছে৷ স্বাভাৱিকতেই এই বৃহৎ চক্ৰটোত ছেবা আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী জড়িত থকাৰ অভিযোগ  উঠিছে৷ উল্লেখ্য, বিটিচি শিক্ষা সঞ্চালকালয়ে বিগত ৩ আগষ্টত হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিকত ১,৪২০টা স্নাতক টে’ট শিক্ষক পদত নিযুক্তি প্ৰদান কৰিছিল৷ কিন্তু নৱনিযুক্তি টে’ট শিক্ষকৰ ৫২জনৰে প্ৰমাণ পত্ৰ জালিয়াতি ধৰা পৰাত সঞ্চালকালয়ে ২৪ছেপ্টেম্বৰত দৰমহা বন্ধ ৰাখিবলৈ বাগ্‌সা, কোকৰাঝাৰ, চিৰাং আৰু ওদালগুৰি জিলা শিক্ষা বিষয়াক নিৰ্দেশনা জাৰি কৰিছিল৷ লক্ষণীয়ভাৱে জাল প্ৰমাণ-পত্ৰৰে ৪১জনে বাগ্‌সা জিলাত, ৩জনে কোকৰাঝাৰ জিলাত, ৩জনে চিৰাং জিলাত আৰু প্তজনে ওদালগুৰি জিলাত নিযুক্তি লাভ কৰিছিল৷ ইতিমধ্যে ৩৭ জন নৱনিযুক্ত শিক্ষকৰ টে’ট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ ভুৱা বুলি নিশ্চিত কৰিছে ছেবাই৷ বাকী ১৫ জন শিক্ষকৰ প্ৰমাণ পত্ৰৰ প্ৰতিবেদন বৰ্তমানেও ছেবাই প্ৰকাশ কৰা নাই৷ ইপিনে জাল প্ৰমাণ পত্ৰই চাকৰি লাভ কৰা টে’ট শিক্ষকসকলক মঙলবাৰে বিটিচি শিক্ষা সঞ্চালকালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে কতৃৰ্পক্ষই৷ সম্পূৰ্ণ প্ৰতিবেদন  লাভ কৰাৰ পাছতেই সংশ্লিষ্ট শিক্ষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও শিক্ষা বিভাগে জানিবলৈ দিছে৷ ইপিনে বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে জাল টে’ট উত্তীৰ্ণ প্ৰমাণ পত্ৰৰে নিযুক্তি লাভ কৰা বিষয়টোক সহজভাৱে লোৱা নাই শিক্ষা বিভাগে৷ এই প্ৰক্ৰিয়াত বৃহৎ এটা চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে শিক্ষা বিভাগে৷ আনকি চক্ৰটোৰ আঁৰত ছেবা আৰু শিক্ষা বিভাগৰ ভিতৰৰ কোনো বিষয়া-কৰ্মচাৰী জড়িত থকাৰ সন্দেহও নুই কৰা নাই সূত্ৰটোৱে৷ কিয়নো সংশ্লিষ্ট প্ৰাৰ্থীসকলে টে’ট পৰীক্ষাত অনুত্তীৰ্ণ হৈছিল যদিও টে’ট উত্তীৰ্ণৰ অৰিজিনেল চাৰ্টিফিকেট [কেৱল নম্বৰ বৃদ্ধি কৰা] কেনেকৈ সংগ্ৰহ কৰিছিল এই লৈ সন্দেহৰ সৃষ্টি হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত ছেবাৰ টে’ট উচ্ছ ক্ষমতা সম্পন্ন কমিটীৰ কোনো বিষয়াও চক্ৰটোৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰিছে শিক্ষা বিভাগৰ সূত্ৰটোৱে৷ এই জালিয়াতি পোহৰলৈ অহাৰ পাছত কেৱল বিটিচিয়ে নহয়, ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনত নিযুক্তি পোৱা আন আন টে’ট শিক্ষক পদতো জাল চাৰ্টিফিকেৰে নিযুক্তিৰ আশংকা অধিক ঘনীভূত হৈ পৰিছে৷