Logo
image

দেশৰ শ্বেয়াৰ বজাৰত বৰপেটীয়াৰ শক্তিশালী খোজ

মূলধনী বজাৰত বিনিয়োগৰ ক্ষেত্ৰত দেশৰ অষ্টম স্থানত বৰপেটা জিলা

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ আজিৰ পৰা কেইবছৰমান পূৰ্বে বিত্তীয় ক্ষেত্ৰৰ এটা অনাকাংক্ষিত ঘটনাৰ বাবে চৰ্চালৈ আহিছিল বৰপেটা জিলাৰ নাম৷ সেই ঘটনা আছিল জীৱন বীমা সম্পৰ্কীয় এটা বৃহৎ কেলেংকাৰি, যিটো কেলেংকাৰিত ৫০০ কোটিৰো অধিক টকাৰ লেন-দেন সংঘটিত হৈছিল৷ জীৱন বীমাৰ এজেণ্ট, চিকিৎসক, চৰকাৰী বিষয়াকে ধৰি অনেক লোক গ্ৰেপ্তাৰ হোৱা সেই কেলেংকাৰিৰ এতিয়াও ইতি পৰা নাই৷ তাৰ মাজতে এইবাৰ বিত্তীয় ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে উজলি উঠিছে বৰপেটা জিলাৰ নাম৷ নাই, এইবাৰ কোনো অনাকাংক্ষিত অভিলেখ নহয়, মুলধনী বজাৰত বিনিয়োগৰ জৰিয়তে ইতিবাচক দিশতে নাম উজলাইছে বৰপেটা জিলাই৷ এনএছ ই অৰ্থাৎ নেচনেল ষ্টক এক্সচেঞ্জৰ তথ্য অনুসৰি ষ্টক মাৰ্কেটত ধন বিনিয়োগৰ ক্ষেত্ৰত বৰপেটা জিলাই দেশৰ ভিতৰতে অষ্টম স্থান লাভ কৰিছে৷ এই পৰিসংখ্যা হঠাতে এমাহৰ বাবে হোৱা নহয়৷ বৰং বিগত মাৰ্চৰ পৰা অৰ্থাৎ বিগত বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰিমাসিকৰ অন্তিম মাহৰ পৰা চলিত বিত্তীয় বৰ্ষৰ প্ৰায় দুটা ত্ৰিমাসিকত বৰপেটাই দেশৰ ষ্টক মাৰ্কেটত কৰা বিনিয়োগত একেৰাহে অষ্টম স্থান অধিকাৰ কৰি আছে৷ ‘দ্য টাইমছ অব ইণ্ডিয়া’ই প্ৰস্তুত কৰা এটা প্ৰতিবেদনত এই পৰিসংখ্যা প্ৰকাশ পাইছে৷ অৱশ্যে ষ্টক মাৰ্কেটত ধন বিনিয়োগৰ ক্ষেত্ৰত অৱধাৰিতভাৱে শীৰ্ষস্থান অধিকাৰ কৰি আছে মেট্ৰ’পলিছ চহৰে৷ মুঠ বিনিয়োগৰ ৫.৯ শতাংশ অংশৰে এন এছ ই-ৰ শীৰ্ষত আছে দিল্লী৷ ৫.৮ শতাংশ বিনিয়োগেৰে মুম্বাইৰ স্থান দ্বিতীয়৷ ইয়াৰ পাছতে স্থান অধিকাৰ কৰিছে ক্ৰমে পুনে [২%], আহমেদাবাদ [১.৯%], চুৰাট [১.৬%], বেংগালুৰু [১.৬%] আৰু জয়পুৰে [১.৫ শতাংশ]৷ এই সাতখন চহৰৰ পাছতে দেশৰ মুলধনী বজাৰত ধন বিনিয়োগ কৰি অষ্টম স্থান অধিকাৰ কৰিছে অসমৰ বৰপেটা জিলাই৷ এন এছ ই অৰ্থাৎ নেচনেল ষ্টক এক্সচেঞ্জত বৰপেটা জিলাৰ বিনিয়োগ এন এছ ই-ৰ মুঠ বিনিয়োগৰ ০.৮ শতাংশ৷ এই পৰিমাণ নিচেই কম নহয়, বৰং অসমৰ দৰে এখন ৰাজ্যৰ এখন জিলাৰ বিনিয়োগ হিচাপে এয়া অৱশ্যেই অতিশয় উল্লেখনীয় পৰিমাণ৷ যিখন ৰাজ্যত এতিয়াও ছেনছেক্স বা নিফ্‌টি বুলি ষ্টক বজাৰৰ সূচকৰ বিষয়ে উল্লেখ কৰিলে শিক্ষিত লোকেও ‘মই ছেনছেক্স বুজি নাপাও’ বুলি কৈ আঁতৰি যায়, তেনে এখন ৰাজ্যৰ অন্তৰ্গত বৰপেটা জিলাই ষ্টক এক্সচেঞ্জৰ বিনিয়োগৰ ক্ষেত্ৰত দেশৰ ভিতৰত অষ্টম স্থান দখল কৰাটো পৰম বিস্ময়৷ ‘টাইমছ অব ইণ্ডিয়া’ই প্ৰতিবেদনত উল্লেখ কৰিছে, সম্প্ৰতি মেট্ৰ’পলিটান চহৰৰ লগতে ষ্টক বজাৰত বিনিয়োগৰ ক্ষেত্ৰত দেশৰ টায়াৰ-২, টায়াৰ-৩ পৰ্যায়ৰ  চহৰসমূহৰো উল্লেখনীয় বৰঙণি আছে৷ মিউচুৱেল ফাণ্ড, ডি-মেট একাউণ্ট আদি শব্দবোৰ পৰিচিত হৈ পৰাত তেনে চহৰৰ লোকেও ষ্টক বজাৰৰ অংশীদাৰিত্ব ক্ৰয় কৰাৰ প্ৰতি আগ্ৰহী হৈ উঠিছে৷ তদুপৰি বিত্তীয় লেন-দেন এতিয়া ডিজিটেল হৈ পৰাত সহজ হৈ পৰিছে আৰু কাগজবিহীন কে ৱাই চি ব্যৱহৃত হোৱাত ষ্টক ব্ৰকিং সহজলভ্য বিনিয়োগ হৈ পৰিছে৷ ইয়াত এজেণ্টক দিবলগীয়া কমিছনৰ অংকও সৰু৷ এসময়ত জীৱন বীমাৰ এজেণ্ট থকাৰ দৰে এতিয়া মিউচুৱেল ফাণ্ডৰ এজেণ্টো ৰাজ্যত অলেখ৷ সেয়ে ইকুইটি বজাৰৰ বিষয়ে সাধাৰণ লোকৰো সীমিত হ’লেও জ্ঞান হৈছে৷ ফলত নিতৌ আগবাঢ়ি আহিছে ন ন বিনিয়োগকাৰী৷ অৱশ্যে বৰপেটাৰ যিসকল বিনিয়োগকাৰীয়ে মুলধনী বজাৰত ধন বিনিয়োগ কৰিছে, তেওঁলোকে বিষয়টো কিমান ভালকৈ বুজি লৈ বিনিয়োগ কৰিছে তাত সন্দেহ আছে৷ অৱশ্যে ষ্টক বজাৰত ধন বিনিয়োগ কৰি ধন অৰ্জন কৰিলে তাৰ নিচা বাঢ়ে আৰু সম্ভৱতঃ তাৰ ফলতে বৰপেটা জিলাত নিতৌ বিনিয়োগকাৰীৰ সংখ্যা বাঢ়ি আহিছে৷

প্ৰসংগতঃ উল্লেখযোগ্য, দেশৰ ষ্টক বজাৰে ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে৷ যোৱা শুকুৰবাৰে বি এছ ই ছেনছেক্সে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৬০,০০০ পইণ্ট অতিক্ৰম কৰে৷ বিগত জানুৱাৰীত ছেনছেক্স পইণ্টে ৫০,০০০ অতিক্ৰম কৰাটোৱেই আছিল অভিলেখ৷ বিগত ৮ মাহত মুলধনী বজাৰৰ ৰকেটমুখী গতি অব্যাহত থকাত ছেনছেক্স পইণ্ট সৰ্বকালৰ সৰ্বোচ্ছ হৈছে৷ শুকুৰবাৰে এন এছ ই-ৰ নিফটি পইণ্টে ১৭,৮৫০ স্পৰ্শ কৰে৷ বিভিন্ন কাৰকৰ বাবে দেশৰ ষ্টক মাৰ্কেটত উত্থান হৈছে আৰু যোৱা মাৰ্চৰ পৰা এতিয়ালৈ কোনো বিনিয়োগকাৰীয়ে ৩৫০ শতাংশ ‘ৰিটাৰ্ণ’ লাভ কৰিছে৷ মুম্বাইৰ দালাল ষ্ট্ৰীটত এতিয়া ‘বিয়েৰ’ নতমুখী আৰু দৌৰি আছে ‘বুল’৷