Logo
image

দোকানে-বজাৰে ক’ভিড বিধিৰ অস্তিত্বই নাই

নেতাক অনুকৰণ! সান্ধ্যআইন ভাঙি বহুজনৰ মুক্ত বিচৰণ

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ ৰাজ্যত এতিয়াৰ ক’ভিডৰ সংক্ৰমণ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হোৱা নাই৷ ক’ভিড সংক্ৰমণ অব্যাহত থাকিলেও নাগৰিকৰ বাবে স্বাস্থ্য সজাগতাৰ প্ৰয়োজনীয়তা কিমান? ৰাজহুৱা স্থানত মাস্ক পিন্ধাৰ সঁচাকৈয়ে প্ৰয়োজন আছেনে? কিয়নো স্বাস্থ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ক’ভিডৰ পৰা বাচিবলৈ মাস্ক পৰিধান কৰিবলৈ আহ্বান জনালেও বাস্তৱত সতীৰ্থ মন্ত্ৰীক মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই বুলিহে যুক্তি প্ৰদৰ্শন কৰা দেখা গৈছে৷ ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ত স্পষ্টভাৱে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সতীৰ্থ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলিহে পৰামৰ্শ প্ৰদান কৰিছে৷ স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তন সাধন কৰা বুলি ফটা ঢোল কোবোৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দিনচেৰেক পূৰ্বে এখন সংবাদ মেল সম্বোধন কৰা প্ৰাকমুহূৰ্তত সতীৰ্থ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মাস্ক পিন্ধাৰ প্ৰয়োজন আছে নে বুলি প্ৰশ্ন কৰাত স্বাস্থ্যমন্ত্ৰীয়ে মাস্কৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰি কেৱল সংবাদ মাধ্যমৰ আগত পিন্ধি থাকিবলৈহে কোৱা বক্তব্য ইতিপূৰ্বে ভাইৰেল হৈ পৰিছে৷ স্বাস্থ্যমন্ত্ৰীয়ে এতিয়া ৰাইজক ৰাজহুৱাভাৱে মাক্স পিন্ধিবলৈ কৈ ব্যক্তিগতভাৱে সতীৰ্থ মন্ত্ৰীক মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলি পৰামৰ্শ দিয়াত দোধোৰ-মোধোৰত পৰিছে ৰাইজ৷ চৰকাৰে কাগজে-কলমে কঠোৰ ক’ভিড এছ পি জাৰি কৰিলেও বাস্তৱত আৰক্ষী- প্ৰশাসনে ক’ভিড বিধি ৰূপায়ণত গুৰুত্ব নিদিয়াত নাগৰিকেও মাস্ক পিন্ধিবলৈ এৰি দিয়াৰ লগতে সামাজিক ব্যৱধানো মানি চলিবলৈ এৰিছে৷ চৰকাৰে দুয়োপালি ভেকচিন নোলোৱা মালিক-কৰ্মচাৰীক ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখিব লাগিব বুলি হুংকাৰ দিছিল যদিও কাৰ্যতঃ ভেকচিন লোৱা বিষয়টো পৰীক্ষা কৰাতো কোনো গুৰুত্ব দিয়া নাই প্ৰশাসনে৷ স্বাভাৱিকতেই এতিয়া বজাৰে-সমাৰে তথা ৰাজহুৱা স্থানত নাগৰিকে মাস্ক পিন্ধিবলৈ এৰি দিয়াই নহয়, সান্ধ্য আইনৰ মাজতো গুৱাহাটীৰ লগতে প্ৰতিখন চহৰৰ ৰাজপথত দোভাগ নিশাও যান-বাহনৰ চলাচল আৰু নাগৰিকৰ ভিৰ পৰিলক্ষিত হৈছে৷ অথচ ক’ভিড অব্যাহত থকা বুলি প্ৰতিদিনেই বুলেটিন প্ৰকাশ কৰি প্ৰচাৰ চলোৱা চৰকাৰেই সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা নিয়মসমূহ বাস্তৱত কাৰ্যকৰি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ চৰকাৰৰ এনে সোপাঢিলা নীতিৰ বাবেই দৈনিক সংক্ৰমণৰ সংখ্যা বৰ্তমানো ৫০০ৰ ওচৰে পাজৰে আছে৷ ইপিনে কেৰালাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত পুনৰ ব্যাপক হাৰত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাত দিছপুৰৰ উদাসীনতাৰ বাবেই অসমতো ক’ভিডৰ তৃতীয় ঢৌৰ আশংকা ব্যক্ত কৰিছে চিকিৎসক বিশেষজ্ঞৰ লগতে সচেতন মহলে৷ কিন্তু এনে আশংকাৰ পাছতো মুখ্যমন্ত্ৰীকে ধৰি ৰজাঘৰীয়া বৰমূৰীয়াসকল ৰাজ্যৰ উপ-নিৰ্বাচনক লৈহে ব্যস্ত হৈ পৰিছে৷