Logo
image

বিপদৰ বন্ধু

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ বিগত প্ৰায় ডেৰ বছৰত কৰ’না মহামাৰীসৃষ্ট পৰিস্থিতিৰ ফলত যথেষ্ট বিপদৰ সন্মুখীন হৈছে সাধাৰণ জনতা৷ কঠোৰ সান্ধ্যআইন, লকডাউন আদি বৰ্তমান সময়ত কিছু শিথিল হোৱাৰ লগতে কৰ’নাৰ সন্ত্ৰাসো অলপ কমিছে যদিও সাধাৰণ খাতিখোৱা ৰাইজৰ অৰ্থনৈতিক পানীত হাঁহ নচৰা হোৱাৰ দৰে হৈছে৷ কৰ’নাসৃষ্ট পৰিৱেশৰ ফলত বহুলোকে চাকৰি, কৰ্মসংস্থাপন হেৰুৱাইছে৷ ব্যৱসায়, বাণিজ্য, উদ্যোগ আদিৰো অৱস্থা তথৈবচ৷ দিন হাজিৰা কৰা লোক, ৰিক্সাচালক, ঠেলাচালক, সৰু-ডাঙৰ গাড়ীচালক, সৰু পাণ-তামোলৰ দোকানী, ব্যক্তিগত খণ্ডত কৰ্মৰত লোক, পদপথৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি আৰ্থিকভাৱে স্বচ্ছল বহুলোকৰো অৰ্থনৈতিক মেৰুদণ্ড ভাঙি দিছে কৰ’না মহামাৰীয়ে৷ বিগত সময়ছোৱাত দুৰ্যোগ-দুৰ্ভিক্ষ, অভাৱ-অনাটন আদি সহিব নোৱাৰি বহুলোকে আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্তও গ্ৰহণ কৰা দেখা গ’ল৷ এনে জটিল সময়ত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠন, ব্যক্তিয়ে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকলৈ সহায়ৰ হাত আগবঢ়াই বিপদৰ বন্ধুৰূপে থিয় দিছে৷ ৰাজ্যৰ লগতে দেশ-বিদেশৰো বহু সংস্থাই আৰ্থিক অনুদান, খাদ্য সামগ্ৰী প্ৰেৰণ কৰাৰ লগতে স্থানীয় সংস্থাসমূহৰ সহযোগত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰিছে৷ অলপতে স্বেচ্ছাসেৱী সংস্থা ‘প্ৰিয়বন্ধু’ৰ উদ্যোগত আৰু আছাম এছ’চিয়েশ্বন নৰ্থ আমেৰিকা [আনা]ৰ আৰ্থিক সহযোগিতাত ডিমৰীয়াৰ ৬৭টা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ পৰিয়ালৰ মাজত এমাহৰ ৰেচন সামগ্ৰী,  হাইজিন কিট আদি বিতৰণ কৰা হয়৷ ৰেচন সামগ্ৰীসমূহৰ ভিতৰত আছে– চাউল, ডাইল, চেনী, চাহপাত, ছয়াবিন, আলু, পিঁয়াজ, মিঠাতেল, বিস্কুট, কৰ্ণফ্লেক্স, গাখীৰ, গা ধোৱা চাবোন, কাপোৰ ধোৱা চাবোন আৰু ছেনিটেৰী নেপকিন৷ আৰ্থিক অনাটনত দিশহাৰা হোৱা এই পৰিয়ালসমূহৰ নাজল-নাথল অৱস্থাত প্ৰিয়বন্ধুৰ এই পদক্ষেপে যথেষ্ট সকাহ দিছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে৷ আনহাতে, সূদুৰ আমেৰিকাত থাকিও নিজৰ জন্মভূমিৰ মানুহখিনিৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ‘আনা’ৰ বিষয়ববীয়া তথা সদস্যসকলৰ শলাগ লৈছে প্ৰিয়বন্ধুৰ প্ৰতিষ্ঠাপক অৰ্চনা বৰঠাকুৰে৷