Logo
image

নিঃসংগ নায়ক!

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ অৱশেষত ৰাইজৰ দল তথা অখিল গগৈৰ সংগ ত্যাগ কৰিলে ৭০টা সংগঠনে৷ এই সংগঠনকেইটাৰ ভিতৰৰে কেইবাটাও সংগঠনৰ নেতৃত্বই অখিল গগৈৰ বিৰুদ্ধে উত্থাপিত কৰিছে বহু গুৰুতৰ অভিযোগ৷ আনকি ৰাইজৰ দল শেহতীয়ভাৱে প্ৰাইভেট লিমিটেড কোম্পানীলৈ পৰিণত হোৱা বুলিও অভিযোগ কৰিছে এই সংগঠনৰ নেতৃত্বই৷ ৰাইজৰ দলত অখিল গগৈয়ে চৰম একনায়কত্ববাদ, স্বেচ্ছাচাৰ চলোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰি গগৈৰ সংগ ত্যাগ কৰে ৭০টা সংগঠনে৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি ৭০টা সংগঠনৰ নেতৃত্বই যৌথভাৱে ৰাইজৰ দলেৰে সম্পৰ্ক ত্যাগ কৰে সিদ্ধান্ত ঘোষণা কৰে৷ কেৱল ৭০টা সংগঠনেই নহয় ৰাইজৰ দলৰ কেন্দ্ৰীয় জিলা আৰু আঞ্চলিক কমিটীৰ একাংশ নেতা সংবাদ মেলত উপস্থিত থাকি অখিল বিৰোধীস্থিতি গ্ৰহণ কৰে৷ ৭০টা সংগঠনৰ হৈ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰুবুল দাসে কয়– ‘ৰাইজৰ দল এক অন্ধকাৰৰ যাত্ৰাত আগবাঢ়িছে৷ ৰাইজৰ দলে ৰাইজৰ আগত যি বিশ্বাস সেইয়া ৰাখিবলৈ বিফল হৈছে৷ ব্যক্তিগত স্বাৰ্থ কেন্দ্ৰিক হৈ পৰিল দলৰ নেতৃত্ব৷ ৭০ সংগঠনৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰিলে আৰু সেয়ে ৭০টা সংগঠন আজি ৰাইজৰ দলৰ সৈতে সকলো সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে৷ ৭০টা সংগঠন ভংগ হৈছে আজি৷ আগন্তুক নিৰ্বাচনত কেৱল মাত্ৰ নিজৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিছে আমাৰ সৈতে কোনো আলোচনা কৰা নাই৷ ‘আমচু’ নেতাক ৰাইজৰ দলত স্থান দিয়া কাৰ্যক গৰিহনা দিছোঁ৷ অখিল গগৈয়ে দলৰ সংবিধান অৱমাননা কৰিছে৷ ৰাইজৰ দল কোম্পানীৰ চি এম ডি অখিল গগৈ৷ ৰাজনৈতিক অপৰিপক্বতা প্ৰকাশ পাইছে দলটোৰ৷ জাতীয় স্বাাৰ্থৰ প্ৰতি পিঠি দিছে, দলীয় অন্ত: কন্দলে গা কৰি উঠিছে৷  ব্যক্তি স্বাৰ্থত অধিক গুৰুত্ব আৰোপ কৰিছে৷ চৰম একনায়কত্ববাদ চলিছে ৰাইজৰ দলৰ মাজত৷ কোনো ধৰণৰ সাংগঠনিক কথা বতৰা ৭০ সংগঠনৰ সৈতে আলোচনা হোৱা নাই৷ ৭০ সংগঠনৰ ঐক্যমঞ্চ আজিৰে পৰা ভংগ ঘোষণা কৰা হ’ল৷  ৰাইজৰ আস্থাত থকা ‘ৰাইজৰ দল’ এতিয়া আৰু নাই৷ ৰাইজৰ দলত গণতন্ত্ৰ নোহোৱা হৈছে৷ ৰাইজৰ দলে বিধানসভাত অসমৰ সমস্যা উত্থাপন কৰাত ব্যৰ্থ হৈছে৷ আমি এখন জাতীয় অভিৱৰ্তনৰ আয়োজন কৰিম৷ মূলতঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা আইনক কেন্দ্ৰ কৰি ২০১৮ চনৰ পৰাই ঐক্যবদ্ধভাৱে সংগ্ৰাম ৰাজ্যব্যাপী গঢ়ি তোলা আন্দোলনৰ ফলশ্ৰুতিত ২০২০ বৰ্ষত ৰাজ্যখনত প্ৰগতিশীল এক সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন, জাতীয় জীৱনৰ লগত জড়িত হৈ থকা বহুকেইগৰাকী স্বনামধন্য বুদ্ধিজীৱী, সাহিত্যিক, শিল্পীকে আদি কৰি বৰেণ্য ব্যক্তিসকলৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সহযোগিতা আৰু দিহা পৰামৰ্শৰে ঐক্যবদ্ধ, আপোচহীন, প্ৰগতিশীল আৰু জাতীয়তাবাদী ধাৰাত এক নতুন ৰাজনৈতিক মঞ্চ ‘ৰাইজৰ দল’ গঠন কৰা হৈছিল৷ পৰৱৰ্তী সময়ত বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলে ৩৮ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও আশাজনকভাৱে ফলাফল লাভ নকৰাৰ পাছতো ‘ৰাইজৰ দল’ক জাতীয় স্বাৰ্থত সঠিকভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে নেতৃবৃন্দই আজিকোপতি দল-গঠনৰ লগত জড়িত ৭০ সংগঠনৰ লগত কোনোধৰণৰ আলাপ-আলোচনা কৰাৰ নূ্ন্যতম প্ৰয়োজনীয়তা উপলব্ধি নকৰিলে৷ তাৰোপৰি জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ মহান উদ্দেশ্যৰে ঐক্যবদ্ধভাৱে গঠন কৰা ‘ৰাইজৰ দলে’ বিগত সময়ছোৱাত সুস্থ প্ৰগতিশীল ৰাজনৈতিক কৰ্মসূচী আগুৱাই নিয়াত ব্যৰ্থ হৈছে বুলি আমি অনুভৱ কৰিছোঁ৷ আনহাতে, বৰ্তমান সময়ত দলটোৰ মুখ্য নেতৃত্বৰ অতি ব্যক্তিকেন্দ্ৰীক স্থিতি, ৰাজনৈতিক অপৰিপক্কতা, দলীয় অন্তদ্বৰ্ন্দ্ব, আভ্যন্তৰীণ গণতন্ত্ৰহীনতা, জাতীয়তাবাদী আদৰ্শৰ পৰিপন্থী কাম-কাজ আদিৰ কাৰণেই দলটো সঠিকভাৱে আগুৱাই যোৱাত ব্যৰ্থ হৈ পৰিছে৷ তাৰোপৰি, অসমৰ ৰাইজৰ আশা-ভৰসাৰ প্ৰতি আওকান কৰি কেৱল ব্যক্তি স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যেৰে মুখ্য নেতৃত্বই কেৱল মাত্ৰ মুনাফা আদায়ত ব্যস্ত হোৱাৰ বাবেই দলটো আজি ৰাইজৰ মাজত আস্থাহীন হৈ পৰাৰ লগতে দলৰ সৰ্বস্তৰৰ কৰ্মকৰ্তাৰ মাজত ক্ষোভ প্ৰকট হৈ উঠিছে৷ জাতীয় দায়বদ্ধতাক আওকান কৰি মালিকনাধীন কোম্পানীৰ দৰে নিৰ্দিষ্ট এটা পক্ষৰ ব্যক্তিগত আশা-আকাংক্ষা পূৰণৰ কাৰণে অহৰ্নিশে মুখ্য নেতৃত্বই দলপৰিচালনা কৰাৰ এখন ছবি স্পষ্ট হৈ উঠাৰ বাবে আমি  সকলোৱে গভীৰ অসন্তুষ্টি ব্যক্ত কৰি আজি এই সংবাদ মেলৰ জৰিয়তে অসমৰ ৰাইজক আমাৰ স্থিতি অৱগত কৰিলো৷ এই সংবাদ মেলৰ জৰিয়তে ৭০ সংগঠনৰ নেতৃবৃন্দ আৰু ৰাইজৰ দলৰ বিষয়ববীয়াবৰ্গই অসম মাতৃৰ ওচৰত জাতীয় দায়বদ্ধতা স্বীকাৰ কৰি ৰাইজৰ দলৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহ্বান কৰাৰ লগতে ৭০সংগঠনৰ উমৈহতীয়া মঞ্চখনো আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰিলোঁ৷ লগতে ৭০ সংগঠনৰ পৰা প্ৰতিনিধিত্ব কৰি প্ৰতিষ্ঠা কালৰে পৰা জড়িত হৈ থকা স্বাক্ষৰকাৰী ৰাইজৰ দলৰ কেন্দ্ৰীয় আৰু বিভিন্ন স্তৰৰ বিষয়ববয়াই আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ লগত থকা দায়িত্ব আৰু সকলোধৰণৰ সম্পৰ্ক প্ৰত্যাহাৰ কৰিলোঁ৷ আনহাতে, আপোনবিহীনভাৱে জাতীয় সংগ্ৰামখন আগবঢ়াই নিয়াৰ স্বাৰ্থত পৰৱৰ্তী সংগ্ৰামী কাৰ্যসূচী আৰু ৰাজনৈতিক ৰণনীতি প্ৰস্তুত কৰাৰ  উদ্দেশ্যৰে আজি স্বাক্ষৰকাৰীসকলক সদস্যৰূপে লৈ এখন ৰাজ্যিক আহ্বায়ক সমিতি গঠন কৰা হয়৷ তাৰোপৰি আগন্তুক এমাহৰ ভিতৰত সকলো প্ৰগতিশীল জাতীয়-জনগোষ্ঠীয় সংগঠন, বুদ্ধিজীৱী, শিক্ষাবিদ আদিৰ উপস্থিতিত জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰি ঐক্যবদ্ধভাৱে কাম-কাজ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷’ সংবাদ মেলত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি টংকেশ্বৰ মৰান, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ফুকন, সম্পাদক দিগন্ত চাংমাই, সম্পাদক অনুপ শইকীয়া, সহকাৰী সম্পাদক চিফু উজ্বল বসুমতাৰী, সহকাৰী সম্পাদক চেৰাম হেৰাজিত সিং, সহকাৰী সম্পাদক ৰুবুল বুঢ়াগোহাঞি, সাংগঠনিক সম্পাদক ৰবি শইকীয়া চুতীয়া, উপদেষ্টা বিপুল বৰা, উপ-সভাপতি যাদৱ হাজৰিকা, লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰিণ্টু হাজৰিকা, সাধাৰণ সম্পাদক কৃষ্ণ বৰা, বিহপুৰীয়া বিধানসভা সমষ্টি সমিতিৰ হৈ প্ৰদীপ দুৱৰা, সাংগঠনিক সম্পাদক ভূপেন শইকীয়া, পথালিপাৰা আঞ্চলিক সমিতিৰ সভাপতি প্ৰদীপ কলিতা, ৰহা বিধানসভা সমিতিৰ হৈ সভাপতি অপূৰ্ব গগৈ, সাধাৰণ সম্পাদক প্ৰহ্লাদ ৰাজবংশীৰ লগতে ৭০ সংগঠনৰ নেতৃবন্দৰ হৈ সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সভাপতি বিদ্যুৎ কলিতা, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ সভাপতি কমলাকান্ত দাস, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি প্ৰণৱজ্যোতি সন্দিকৈ, অসম শ্ৰেণী যুৱ ছাত্ৰ সমাজৰ সভাপতি মনোজ গগৈ, কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, অসমৰ মুকুল বৰা, অসম বড়ো কছাৰী জাতীয় পৰিষদ [অসমীয়া] ভাষা সভাপতি মহেশ নাৰ্জাৰী, অসম জাতীয় ঐক্য মঞ্চৰ সভাপতি ৰিকি বৰাৰ লগতে পিপলচ কাউঞ্চিল ফৰ পিচ এণ্ড ডেভেলপণ্টে, অসম ঐক্য সংগ্ৰাম সমিতি, অসম সুৰক্ষা সেনা, আহোম জাতীয় গণমঞ্চ, অসম আদিৰ বিষয়ববীয়া উপস্থিত থাকে৷ উল্লেখ্য, ৰাইজৰ দল তথা অখিল গগৈৰ সংগ ৭০ টা জনগোষ্ঠীয় সংগঠনে ত্যাগ কৰাৰ ফলত নিঃসংগ নায়কত পৰিণত হ’ল অখিল গগৈ৷