Logo
image

মুখ্যমন্ত্ৰীলৈ আছুৰ মুকলি চিঠি

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ ধেমাজিত প্ৰথমবাৰৰ বাবে অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত হোৱাৰ প্ৰাকমুহূৰ্তত ৮টা গুৰুত্বপূৰ্ণ দাবী-পৰামৰ্শ উত্থাপন কৰিছে ছাত্ৰ সন্থাই৷ ২৯ ছেপ্টেম্বৰত ধেমাজিত ৰাজ্যিক কেবিনেট অনুষ্ঠিত হোৱাৰ প্ৰাক্কালত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক উদ্দেশ্যি লিখা এই দাবী-পৰামৰ্শ সম্বলিত মুকলি চিঠি ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰিছে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা আৰু সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে৷ মুখ্যমন্ত্ৰীক উদ্দেশ্যি লিখা এই মুকলি চিঠি হুবহু প্ৰকাশ কৰা হ’ল– ‘নমস্কাৰ আৰু সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব৷ পোনপ্ৰথমে ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰূপে আপোনাৰ লগতে আপোনাৰ মন্ত্ৰীসভাৰ প্ৰতিজন বিষয়ববীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ আপোনাৰ নেতৃত্বত অসম চৰকাৰ গঠন হোৱাৰ পাছত দিছপুৰৰ পৰা ৪৫০ কিলোমিটাৰ নিলগত অনুষ্ঠিত কৰিব খোজা প্ৰথমখন কেবিনেট বৈঠকলৈ আপোনাৰ লগতে অসম চৰকাৰৰ প্ৰতিজন বিভাগীয় মন্ত্ৰী, আমোলা-বিষয়াক আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই সাদৰৰে স্বাগতম জনাইছোঁ৷ ইতিমধ্যে আপোনালোকক আদৰিবৰ বাবে প্ৰশাসনে লাখ লাখ টকা ব্যয় কৰি ধেমাজি নগৰখনত চূণ তেল সানি ব্যাপক প্ৰস্তুতি চলাইছে৷ আমি আশা কৰিছোঁ ধেমাজিত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকে ধেমাজিবাসীলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিব৷ আপোনাৰ কেবিনেটত সমগ্ৰ অসমৰ বিভিন্ন বিষয়ৰ ওপৰিও অতিকৈ পিছপৰা ধেমাজি জিলাৰ দীৰ্ঘদিনীয়া কিছুমান সমস্যা যেনেঃ বানপানী-গৰাখহনীয়া, শিক্ষা, স্বাস্থ্য, কৃষি, ৰাস্তা-ঘাট, খোৱা পানী, নিবনুৱা সমস্যা সমাধানৰ বাবে বিশেষ পেকেজ ঘোষণা কৰা, বনধবংস, পবা বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় অভয়াৰণ্য ঘোষণা কৰা, আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ লগতে জৈৱিক বৈচিত্ৰ্য, নদীপৰীয়া সভ্যতা, জনজীৱনলৈ ভাবুকি অহা বৃহৎ নদী বান্ধৰ বিষয়ে আলোচনা কৰিবলৈ ইয়াৰ দ্বাৰাই অনুৰোধ জনোৱাৰ লগতে জিলাখনৰ কেইটামান প্ৰধান সমস্যা আৰু সম্ভাৱনা আপোনাৰ দৃষ্টিগোচৰ কৰিলোঁ৷

১] বান-গৰাখহনীয়াঃ মহোদয়, আপোনাৰ নিশ্চয় জ্ঞাত যে সমগ্ৰ অসমৰ ভিতৰতে ধেমাজি জিলাখনক প্ৰতিবছৰে বানপানীয়ে অধিক জুৰুলা কৰে৷ জিলাখনৰ জীয়াধল, গাইনদী, চিমেন, ডিমৌ, লালি-চিয়াং তথা বহুতো সৰু-বৰ নদীৰ লগতে ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰতিবছৰে বিভীষিকাৰ সৃষ্টি কৰি আহিছে৷ কিন্তু কোনো এখন চৰকাৰে আজিলৈকে ধেমাজিৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ হাতত নল’লে৷ জোনাইত প্ৰতি বছৰে বানপানী সৃষ্টি কৰা লালি-চিয়াং নৈক নিয়ন্ত্ৰণৰ বাবে আজিলৈকে জলসম্পদ বিভাগৰ কোনো আঁচনিয়েই প্ৰস্তুত নকৰিলে৷ তাৰ লগতে বিগত চাৰি বছৰে জীয়াঢল নৈৰ উন্মুক্ত হৈ থকা ৮ কিঃমিঃ মথাউৰি বিজ্ঞানসন্মত ভাৱে নিৰ্মাণৰ কোনো আঁচনিয়ে কাৰ্যকৰী নকৰিলে৷ ইয়াৰ উপৰিও চিমেন, গাইনদী, কুমতীয়া, ডিমৌ, ৰাইনৈৰ বাঢ়নী পানীয়ে প্ৰতি বছৰে ৰাইজক জুৰুলা কৰি আহিছে৷ জলসম্পদ বিভাগে মথাউৰী নিৰ্মাণৰ বাবে কোটি কোটি টকা মুকলি কৰি দিয়ে যদিও বিভাগীয় কতৃৰ্পক্ষ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে আঁচনিৰ সকলো টকা অথলে যোৱা দেখা যায়৷ 

২] শিক্ষাঃ প্ৰতিবছৰে মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত ধেমাজি জিলাৰ ছাত্ৰ-ছাত্ৰী সকলে সুন্দৰ ফলাফল দেখুৱাই আহিছে৷ বিদ্যালয়-মহাবিদ্যালয়সমূহত পৰ্যাপ্ত আসনৰ অভাৱৰ বাবে প্ৰতিবছৰে বহু ছাত্ৰ-ছাত্ৰীয়ে উচ্ছ শিক্ষাৰ পৰা বঞ্চিত হব লগা হয়৷ নতুন শিক্ষানীতি আৰম্ভ কৰিব লগা জিলাখনৰ বিদ্যালয়-মহাবিদ্যালয়ত উপযুক্ত আন্তঃগাঠনিৰ অভাৱ পৰিলক্ষিত হৈছে৷ বাৰিষাৰ সময়ত বিদ্যালয়-মহাবিদ্যালয়ৰ চৌহদ বানপানীৰ কৱলত পৰাৰ বাবে নাইবা বিদ্যালয়-মহাবিদ্যালয় সমূহলৈ যাতায়ত কৰিব নোৱাৰাৰ বাবেও এনে সময়ত বিদ্যালয়সমূহ বন্ধ ৰাখিব লগা হয়৷ চিমেনচাপৰিত অৱস্থিত পলিটেকনিক মহাবিদ্যালয়, ধেমাজিত অৱস্থিত আই.টি.আই খনৰ অৱস্থাও অতি শোচনীয়৷ জোনাইত পাঁচ বছৰৰ আগতে এখন আই.টি.আই নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজিলৈকে নিৰ্মাণ সম্পূৰ্ণ নহল৷ গোগামুখত নিৰ্মীয়মান সৰ্বভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিলে যদিও আজিলৈকে প্ৰতিষ্ঠানটোৰ ৫০ শতাংশ নিৰ্মান কাৰ্যও সম্পূৰ্ণ নহল৷ জিলাখনত এখন চৰকাৰী আইন মহাবিদ্যালয়, চৰকাৰী স্নাতক মহাবিদ্যালয়, চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, মীন মহাবিদ্যালয় অতিকে প্ৰয়োজন৷

৩] নিবনুৱা সমস্যাঃ মহোদয় সমগ্ৰ অসমতে বৰ্তমান নিবনুৱা সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে৷ শাসনলৈ অহাৰ পাছত আপোনাৰ কেবিনেটে একলাখ নিযুক্তিৰ কথা কৈছে, সেয়া আদৰণীয়৷ কিন্তু মহোদয়, আপোনাক জনাব বিছাৰো যে বহু সম্ভাৱনা থকাৰ পাছতো কিন্তু ধেমাজি জিলাখনত আজিলৈকে কোনো এখন চৰকাৰে এটাও উদ্যোগ গঢ়ি তুলিবলৈ চেষ্টা নচলালে৷ ধেমাজিৰ বাওধান বিদেশীলৈ ৰপ্তানি হোৱাৰ লগতে ইয়াৰ চহকী বস্ত্ৰ শিল্পই সমগ্ৰ দেশতে উল্লেখযোগ্য বৰঙনি যোগাই আহি আৰ্থিক দিশত চমৎকাৰী ভূমিকা গ্ৰহণ কৰিছে৷ মৎস উৎপাদন, দুগ্ধ উৎপাদন, পশু পালন, ৰন্ধনজাত তেল, বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী খাদ্য-সম্ভাৰ আদি সকলো ক্ষেত্ৰতে জিলাখন আগবাঢ়ি যোৱাৰ এক প্ৰচুৰ সম্ভাৱনা আছে৷ এই ক্ষেত্ৰত আপোনাৰ চৰকাৰে যাৱতীয় পদক্ষেপ লব বুলি আমি আশাবাদী৷

৪] বৃহৎ নদীবান্ধঃ ধেমাজি জিলাখনৰ আন এক প্ৰধান সমস্যা হ’ল গেৰুকামুখত নিৰ্মীয়মান হৈ থকা ২০০০ মেগাৱাৰ্ট শক্তিসম্পন্ন নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্প৷ দাঁতিকাষৰীয়া লখিমপুৰ জিলাত প্ৰতিবছৰে ৰঙানদীৰ নিপকো বান্ধে কেনেকুৱা প্ৰলয় সৃষ্টি কৰি আহিছে - সেয়া জিলাবাসীয়ে উপলব্ধি কৰিছে৷ গেৰুকামুখ প্ৰকল্পটো অধ্যয়নৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিয়ে সেই স্থানত যে বৃহৎ নদীবান্ধ সুৰক্ষিত নহয় সেই কথা বাৰে বাৰে কৈ আহিছে৷ প্ৰকল্পটোৰ নামনি অংশত বসবাস কৰা ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি প্ৰতিটো দল-সংগঠন আৰু ৰাইজে প্ৰতিবাদ কৰি আহিছে৷ অসমৰ বিশেষজ্ঞ সমিতিয়ে কোৱা কথাবোৰ আজি আখৰে-আখৰে প্ৰতিফলিত হৈছে৷ বান্ধ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আগতে পাহাৰ খহিছে, গাৰ্ড ৱাল ভাঙিছে, বান্ধলৈ যোৱা পথ উটুৱাই নিছে, পাৱাৰ হাউছৰো ক্ষতিগ্ৰস্ত কৰিছে৷ যাৰ ফলত নামনিবাসী ৰাইজ আৰু অধিক শংকিত হৈ পৰিছে৷ শাসনলৈ অহাৰ আগতে বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং ডাঙৰীয়াই গেৰুকামুখত এই বান্ধ নালাগে বুলি প্ৰতিবাদ কৰি গৈছিল৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাছিঘাটত বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰাৰ পাছত অসমৰ ৰাইজেও ভাবিছিল অসমত বিজেপি চৰকাৰ শাসনলৈ আহিলে নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত ৰাইজ তথা দল-সংগঠনে বিচৰাৰ ধৰণে এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব৷ কিন্তু আজি বান্ধলবীৰ ওচৰত আঁঠু লোৱা দেখা গল অসম চৰকাৰক, পাহৰি গল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ২০১৪ চনৰ ডিচেম্বৰ মাহত নতুন দিল্লীত হোৱা ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু অসমৰ দল-সংগঠনৰ মাজত হোৱা সভাত গ্ৰহণ কৰা সিদ্ধান্তবোৰ৷ উত্তৰপৰীয়া ৰাইজক ভয়-শংকা আৰু অন্ধকাৰ ভৱিষ্যতত ৰাখি জোৰ-জুলুম ভাৱে এই বান্ধ নিৰ্মাণ কৰি থকাৰ যুক্তি কত৷

৫] সীমা সমস্যাঃ মহোদয়, দীৰ্ঘদিন ধৰি অসম অৰুণাচলৰ মাজত চলি অহা সীমা বিবাদৰ সমস্যা আজিও সমাধান নহ’ল৷ কিছু কিছু সময়ত এই বিবাদে জটিল ৰূপ ধাৰণ কৰি আহিছে৷ জিলাখনৰ মিংমাং, নলবাৰী, জয়ৰামপুৰ পঞ্চায়তৰ উত্তৰফালে থকা সোঁৱণশিৰি সংৰক্ষিত বনাঞ্চল তথা জীয়াঢলমুখ, ডিমৌ, চিমেন চাপৰি, সুবাহী, ৰাইটিং, লিকাবালি আদি অঞ্চলসমূহত অৰুণাচলীয়ে ব্যাপক হাৰত বেদখল অব্যাহত ৰাখিছে৷ সীমা বিবাদৰ কাৰণে ডিমৌত কৃষি বিজ্ঞান কেন্দ্ৰ, এখন আদৰ্শ বিদ্যালয়ৰ কাম অৰ্ধনিৰ্মিত অৱস্থাতে সামৰিব লগা হ’ল৷ সীমাবিবাদৰ বাবে চিমেন নৈৰ শিল-বালি মহলত অসম চৰকাৰে বছৰি লাখ লাখ টকা ৰাজহ হেৰুৱাবলগা হৈছে৷

৬] পবা বৰ্ষাৰণ্য আৰু পৰ্যটন কেন্দ্ৰঃ মহোদয়, ধেমাজি জিলাত হবলগীয়া আপোনাৰ কেবিনেটতে ধেমাজি জিলাৰ জোনাই মহকুমাত অৱস্থিত একমাত্ৰ বৰ্ষাৰণ্য পবাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনালোঁ৷ বিভিন্ন আপুৰুগীয়া তথা ঔষধী গুণযুক্ত উদ্ভিদ আৰু লুপ্তপ্ৰায় বহু বন্য জন্তু, বন্য পক্ষী উপলব্ধ পবা বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় অভয়াৰণ্য ঘোষণা কৰি বান গৰাখহনীয়া আৰু চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ আহ৩ান জনালোঁ৷ জিলাখনত অৱস্থিত আহোমৰ দ্বিতীয় ৰাজধানী হাবুংৰ লগতে   পৌৰাণিক মঠ-মন্দিৰ, ঐতিহাসিক স্থান, কৃৰ্তীচিহ্ন সমূহ যেনে ঘুগুহা দল, মালিনী থান আৰু প্ৰাকৃতিক সৌন্ধৰ্যৰে ভৰপূৰ জীয়াঢলমুখ, চিমেনমুখ, ডিমৌ, সুবাহী, সোঁৱণশিৰিৰ নদী কাষৰীয়া আদি অঞ্চলসমূহ পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি উঠাৰ প্ৰচুৰ সম্ভাৱ¸না আছে৷

৭] যাতায়ত-যোগাযোগ আৰু বগীবিল টোলগেতঃ বগীবিল দলং মুকলি হোৱাৰ পাছতে ধেমাজি নগৰত বৃদ্ধি হোৱা বদ্ধিৰ্ত যান-যটৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি নগৰৰ কাষত বাইপাছৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজন হৈ পৰিছে৷ জিলাখনৰ গ্ৰাম্য অঞ্চলৰ সকলো  কেচা পথ পকীপথলৈ উন্নীত কৰাৰ লগতে বানতসৰ্বশ্ৰান্ত আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাইজৰ সহায় হোৱাকৈ জিলা সদৰ আৰু মহকুমা সদৰ সংযোগ কৰি প্ৰতিটো পঞ্চায়ত চুই যোৱাকৈ গ্ৰাম্য পৰিবহন ব্যৱস্থা অতিশীঘ্ৰে আৰম্ভ কৰিব লাগে৷ তাৰ লগতে জিলাবাসীৰ বাবে আন এটা বোজা হব গৈ আছে বগীবিল টোলগেত৷ জিলাখনৰ জনসাধাৰণে উন্নত চিকিৎসা সেৱাৰ বাবে, ছাত্ৰ-ছাত্ৰীসকলে উচ্ছ শিক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰতিদিনে অহা-যোৱা কৰিবলগা হোৱাৰ লগতে জিলাখনৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলো ডিব্ৰুগড়, তিনিচুকীয়া জিলা ওপৰতে নিৰ্ভৰশীল৷ প্ৰতিটো ক্ষেত্ৰতে অন্য জিলাৰ ওপৰত নিৰ্ভৰশীল ধেমাজিৰ জনসাধাৰণক বগীবিল টোলগেটৰ কৰৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ৷

৮] দুৰ্নীতি-অনিয়মঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা কৈয়ে ২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ আহিছিল৷ কিন্তু মহাশয়, বিজেপি চৰকাৰৰ সেই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা সকলো ফুটুকাৰ ফেন হল৷ ধেমাজিৰ বিভিন্ন চৰকাৰী বিভাগৰ লগতে ধেমাজিৰ বনবিভাগত কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা চলি অহা দুৰ্নীতি ২০১৬ চনৰ পাছত অধিক বৃদ্ধিহে পালে৷ জিলাখনৰ সোঁৱনশিৰি নৈ শিল-বালি মহলক লৈ ২০১৯ চনত ধৰা পৰা অবাধ দুৰ্নীতি তথ্য সকলোৰে জ্ঞাত৷ তাৰ লগতে চিমেন নদীৰ শিল-বালিৰ মহল, জিলাখনৰ বিভিন্ন বনাঞ্চলৰ পৰা হোৱা মূল্যবান কাঠৰ চোৰাং বেপাৰে সকলোৰে চকু কপালত তুলিছে৷ কিছু বছৰৰ আগতে দুৰ্নীতিগ্ৰস্ত বন বিষয়া মহৎ তালুকদাৰৰ বিয়াগোম দুৰ্নীতি ফাদিল হোৱাৰ পাছত যোৱাবছৰ পুনৰ চোৰাং কাঠ বেপাৰীৰ পৰা উৎকোচ লৈ থকা অৱস্থাত বনবিভাগৰ এজন ৰেঞ্জাৰ হাতে-লোটে ধৰাও পৰিছে৷ তাৰ লগতে জলসম্পদ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ৰাজহ চক্ৰ কাৰ্যালয়, গড়কাপ্তানি, কৃষি, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, ধেমাজি  আৰু  চিলাপথাৰ পৌৰসভা, ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ত চলি থকা কমিচনৰাজে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে৷ 

মহোদয় অহা ২৯ ছেপ্তেম্বৰ ২০২১ তাৰিখে ধেমাজিত হবলগা আপোনাৰ কেবিনেটে প্ৰস্তাৱিত ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম অতিশীঘ্ৰে আৰম্ভ কৰা, পবাক ৰাষ্ট্ৰীয় অভয়াৰণ্য ঘোষণা কৰা,  জিলাখনৰ বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঠনি উন্নয়ন কৰা, যাতায়ত-যোগাযোগ ব্যৱস্থা উন্নত কৰা, পৰ্যটন ক্ষেত্ৰৰ বিকাশ সাধন কৰা, ধেমাজি আৰু চিলাপথাৰ নগৰৰ আধুনিকীকৰণ, বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰে-ৰহণীয়া কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ বাবে সাংস্কৃতিক প্ৰকল্প স্থাপন, ক্ৰীড়াৰ বিকাশৰ বাবে বহুমুখী ক্ৰীড়া প্ৰকল্প স্থাপন, জিলা পৰ্যায়ৰ বিভিন্ন চৰকাৰী কাৰ্যালয়সমূহ উপযুক্তভাৱে নিৰ্মাণ আদিৰ বাবে এক হাজাৰ কোটি টকাৰ মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজি ঘোষণা কৰিবলৈ দাবী জনালোঁ৷ শেষত আপোনাৰ চৰকাৰৰ দিনতে ৰাজ্যখনক বিদেশীমুক্ত, দুৰ্নীতিমুক্ত, সন্ত্ৰাসবাদমুক্ত, নিবনুৱামুক্ত, ড্ৰাগছমুক্ত কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ খিলঞ্জীয়া  ৰাইজৰ এক সমন্বয়ৰ থলী হিচাবে গঢ়ি তোলাৰ পদক্ষেপ লবলৈ আহ্বান জনালোঁ৷’