Logo
image

দিছপুৰত টৌখুঁটি মাৰিছে হাজাৰ হাজাৰ বেদখলকাৰীয়ে

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ এইবাৰ খোদ দিছপুৰ সমষ্টিতে বেদখল কাণ্ড৷ হাজাৰ হাজাৰ লোক বেদখল কৰিছে দিছপুৰ সমষ্টিৰ চৰকাৰী ভূমি৷ গৰুখুটি কাণ্ডৰ পিছত অধিক বৃদ্ধি পাইছে এনে বেদখল৷ এই বিস্ফোৰক অভিযোগ স্বয়ং দিছপুৰ সমষ্টিৰ শাসকীয় দলৰ বিধায়ক অতুল বৰাৰ৷ সমষ্টিটোত বেদখলৰ বিষয়ে অৱগত হৈয়ে বিধায়ক বৰাই চক্ৰ বিষয়াক এই সন্দৰ্ভত অৱগত কৰিছিল৷ কিন্তু চক্ৰ বিষয়াই চৰকাৰী ভূমি বেদখল কৰা লোকসকলক উচ্ছেদ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ যাৰ ফলত বিধায়ক বৰাই এইবাৰ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক বিষয়টো অৱগত কৰি বেদখলকাৰীক উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে, দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে লামডিং, ছিপাঝাৰ আৰু বৰছলা সমষ্টি শেহতীয়াভাৱে বেদখলকাৰীৰ লক্ষ্য হৈ পৰিছে৷ মুখ্যমন্ত্ৰীয়ে দিছপুৰ সমষ্টিৰ নাম উল্লেখ নকৰিও স্থানীয় বিধায়ক অতুল বৰাই দিছপুৰ সমষ্টিত হোৱা বেদখলৰ এখন ভয়াৱহ চিত্ৰ জিলা উপায়ুক্তক স্পষ্টভাৱে দাঙি ধৰিছে৷ উপায়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰখন বিধায়ক বৰাই আশংকা কৰি কয়– ‘কিছু দিনৰ পৰা পাৰঘূমা, কচুতলি, বেলটিলা আদি ঠাইত হাজাৰ হাজাৰ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি ঘৰ-দুৱাৰ সাজিছে৷ বেদখলকাৰীসকল বিশেষ এক সম্প্ৰদায়ৰ৷ ছিপাঝাৰৰ গৰুখুঁটিত উচ্ছেদ হোৱাৰ কথা জানিব পাৰি, এই কেইদিন নতুনকৈ বহু মানুহ এই ঠাইবোৰত সোমাইছে৷ সোনকালে এওঁলোকক উচ্ছেদ নকৰিলে ডিমৰীয়াৰ সোণাপুৰ, হঁহৰা পঞ্চায়তত মানুহ ভৰি পৰিব আৰু পিছলৈ উচ্ছেদ কৰাটো জটিল হৈ পৰিব৷ আন জিলাত ভোটাৰ তালিকাত নাম আৰু মাটিবাৰী থকা বহু মানুহ এই ঠাইবোৰ বেদখল কৰিছে৷ সোণাপুৰ গাঁও পঞ্চায়তৰ সভাপতি নুৰ আহমেদ লস্কৰে এই সন্দৰ্ভত মোক জনাইছিল আৰু বিষয়াটো তেতিয়াৰ চক্ৰ বিষয়াক অৱগত কৰিছিলো৷ সোনকালে এই বেদখলকাৰীসকলক উচ্ছেদ কৰা আৰু খেদি পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ লাগে৷’ উল্লেখ্য যে বিধায়ক বৰাই ছ’চিয়েল মিডিয়াযোগে বেদখলৰ কিছুমান আলোকচিত্ৰ ৰাজহুৱা কৰিছে৷

মায়ঙত গৰুখুটি-কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকা

দৰং জিলাৰ গৰুখুটিৰ বেদখলকাৰীক উচ্ছেদ কৰাক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে মৰিগাঁও জিলাৰ মায়ঙত বেদখলক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰাত আন এক গৰুখুটি কাণ্ড উদ্ভৱ হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ উল্লেখ্য যে, দুবছৰ পূৰ্বে মায়ঙৰ হিলৈখুণ্ডাত বেদখলক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল যদিও জিলা প্ৰশাসনে তৎপৰতাৰে হিলৈখুণ্ডাৰ বেদখলমুক্ত কৰি বেদখলকাৰীসকলক আন স্থানত সংস্থাপন দিয়াত হিলৈখুণ্ডা বেদখলমুক্ত হৈছিল৷ সেই সময়তে মৰিগাঁও আৰু দৰং জিলা প্ৰশাসনে আলোচনা কৰি দুয়োখন জিলাৰ সীমা নিৰ্ধাৰণ কৰিছিল৷ তাৰ পাছৰ পৰাই স্থানীয় লোকসকলে উক্ত ভূমিত খেতি-বাতি কৰি আহিছিল৷ কিন্তু এইবাৰ বাৰিষা অহাৰ সময়তে একাংশ লোক হিলৈখুণ্ডাৰ ঔগুৰিত আহি এটা-দুটাকৈ ঘৰ সাজি আশ্ৰয়গ্ৰহণ কৰে৷ প্ৰথম অৱস্থাত স্থানীয় লোকসকলেও বিশেষ গুৰুত্ব দিয়া নাছিল যদিও ক্ৰমাণ্বয়ে অঞ্চলটোত অধিক লোকে ঘৰ সাজি বাস কৰিবলৈ লোৱাত স্থানীয় ৰাইজ শংকিত হৈ মৰিগাঁও জিলা প্ৰশাসনক বিষয়টো অৱগত কৰাত মৰিগাঁও জিলা আৰু আৰক্ষী প্ৰশাসনৰ লোক হিলৈখুণ্ডাত উপস্থিত হৈ বেদখলকাৰীসকলক দুদিনৰ ভিতৰত হিলৈখুণ্ডা বেদখলমুক্ত কৰি দিবলৈ নিৰ্দেশ দিয়ে৷ আনহাতে, বাতৰি যুগুত কৰা সময়লৈ বেদখলকাৰী আৰু প্ৰশাসনৰ মাজত আলোচনা অব্যাহত থকা বুলি জানিব পৰা গৈছে৷ তদুপৰি, অঞ্চলটোত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অঞ্চলটোত আৰক্ষীৰ এটা বৃহৎ দল প্ৰেৰণ কৰা হৈছে৷ ইফালে হিলৈখুণ্ডাত বেদখল কৰা লোকসকলৰ মাজত যাতে তৃতীয় পক্ষ প্ৰৱেশ কৰি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবেও প্ৰশাসনে কঠোৰ দৃষ্টি ৰাখিছে৷ দৰং জিলাৰ চৰ অঞ্চলৰ লোকে মায়ঙৰ হিলৈখুণ্ডা গাঁৱৰ ৰাইজৰ চাৰিশ বিঘা মাটি বেদখল কৰাৰ অভিযোগ উঠিছে৷ নতুনকৈ কিছু লোকে ঘৰ সাজিছে এই এলেকাত৷ পূৰ্বৰ পৰা যিসকল লোক আছিল, তেওঁলোকৰ সৈতে যোৱা বছৰ দুয়োপক্ষৰ আলোচনাৰ মাজেৰে সীমা নিৰ্ধাৰণ কৰা হৈছিল৷ কিন্তু বাৰিষা যিসকল লোক আহি আশ্ৰয় লৈছিল, সেইলোকসকলে অবৈধভাৱে হিলৈখুণ্ডা আৰু ঔগুৰি গাঁৱৰ চাৰিশ বিঘা মাটিত ঘৰ সাজি হাল বোৱা আৰম্ভ কৰিছে বুলি অভিযোগ উঠিছে৷ যাৰ ফলত দুয়োপক্ষৰ মাজত কিছু মনোমালিন্য হয়৷ আজি ঘটনাস্থলীত উপস্থিত হয় মায়ং ৰাজহ চক্ৰ বিষয়া আৰু মায়ং থানাৰ আৰক্ষী৷ বৰ্তমানলৈকে আলোচনা চলি আছে৷