Logo
image

সমাজ কল্যাণত হাজাৰ কোটি টকাৰ কেলেংকাৰি

বিজেপি চৰকাৰৰ আমোলৰ আন এটা লুণ্ঠন-কাণ্ড পোহৰলৈ

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ সমাজ কল্যাণ বিভাগত সংঘটিত কেলেংকাৰিৰ কথা  কৈ থাকিলেও যেন ওৰকে নপৰে৷ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালতে সমাজকল্যাণ বিভাগত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত হাজাৰ কোটি টকা কেলেংকাৰি সংঘটিত হোৱা অভিযোগ উত্থাপন হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰক্ষীয়ে ড্ৰাগ্‌ছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ সময়তে এইবাৰ ড্ৰাগ্‌ছ আসক্তক শুদ্ধ পথলৈ ঘূৰাই অনাৰ বাবে অস্তিত্বহীন নিচামুক্তি কেন্দ্ৰৰ নামত সমাজ কল্যাণৰ কোটি কোটি টকা তথাকথিত এন জি অ’য়ে লুণ্ঠন চলোৱাৰ অভিযোগ কৰিছে ডাঃ সন্দীপ হান্সে নামৰ এজন ব্যক্তিয়ে৷ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি ডাঃ হান্সে কয়– কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰণালয়ে শেহতীয়াকৈ ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ অধীনত পৰিচালিত ড্ৰাগ্‌ছ আসক্তসকলৰ পুনঃসংস্থাপন কেন্দ্ৰসমূহ পৰিদৰ্শনৰ বাবে আমাক দায়িত্ব প্ৰদান কৰিছিল৷ পৰিদৰ্শন কালত আমি দেখা পাইছিলোঁ বৰপেটাৰ ডাঃ মিৰাজ আলম নামৰ ব্যক্তিজনে গুৱাহাটী য়ুথ ছ’চাইটী আৰু নাভাৰ্ড নামৰ দুটা স্বেচ্ছাসেৱী সংস্থাৰ নামত নিচা আসক্তসকলৰ পুনঃসংস্থাপনকে ধৰি একাধিক প্ৰকল্প দায়িত্ব লাভ কৰিছিল৷ কিন্তু ক্ষেত্ৰভিত্তিত অনুসন্ধানত দেখা পোৱা যায় যে ডাঃ মিৰাজ আলমে অস্তিত্বহীন পুনঃসংস্থাপন কেন্দ্ৰৰ নামত বিভাগীয় মুৰব্বীৰ সহযোগত কোটি কোটি টকা উলিয়াই নিছে৷ এই কেলেংকাৰিৰ উপৰি সমাজ কল্যাণৰ প্ৰতিটো প্ৰকল্পতে দুৰ্নীতি সংঘটিত হৈছে৷ ভুৱা হিতাধিকাৰীৰ তালিকাৰে জ্যেষ্ঠ নাগৰিক কল্যাণ আঁচনিৰ নামতো বিভাগীয় সঞ্চালক বিভাস মোদী, যুটীয়া সচিব গৌতম মজুমদাৰক মেনেজ কৰি ৬০ লাখ টকা উলিয়াই নিছে মিৰাজ আলমে৷ মানসিকভাৱে অসুস্থ গৃহহীন হিতাধিকাৰীৰ নামতো জালিয়াতিৰে ভুৱা প্ৰতিবেদনৰ ভিত্তিত উলিয়াই নিছে আঁচনিৰ ধন৷ এই দুষ্কাৰ্যত সমাজ কল্যাণ বিভাগৰ জ্যোতিৰ্ময় বৰুৱা নামৰ এজন কৰ্মচাৰীৰ লগতে সমীৰ দাস নামৰ উপ-সঞ্চালকজনো জড়িত আছে৷ তদুপৰি অংগনৱাড়ী কেন্দ্ৰ মেৰামতিৰ নামতো কোটি কোটি টকাৰ  আন এক বিয়াগোম কেলেংকাৰি সংঘটিত হৈছে সমাজ কল্যাণ বিভাগত৷ এই সমগ্ৰ কেলেংকাৰিৰ সন্দৰ্ভত চি আই ডি আৰু দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ত এজাহাৰ দাখিল কৰিছোঁ৷ মুখ্যমন্ত্ৰীকো সমগ্ৰ কেলেংকাৰি নিৰপেক্ষ তদন্তৰ দাবী জনালোঁ৷