Logo
image

খলনায়কৰ আত্মসমৰ্পণ

জালত পৰিব এপিডিচিএলৰ বহু বিষয়া

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ এপিডিচিএলৰ নিযুক্তি কেলেংকাৰিৰ অন্যতম খলনায়ক তথা মাষ্টাৰ মাইণ্ড মুখ্য মহাপ্ৰৱন্ধক আতাউৰ ৰহমানে অৱশেষত সোমবাৰে ভিজিলেন্সৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়৷ শক্তি বিভাগৰ ১,৯৫৭টা পদৰ নিযুক্তি কেলেংকাৰিৰ গোচৰ ৰুজু কৰাৰ পাছতেই মুখ্যমন্ত্ৰী তদাৰকী কোষে শুকুৰবাৰে নিশা গুৱাহাটীৰ কেইবাটাও স্থানত অভিযান চলাই এপিডিচিএলৰ অধ্যক্ষৰ  অ’ এছ ডি দীপাংকৰ দিহিংগীয়াসহ ১০জন বিষয়া- কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল৷ কিন্তু আৰক্ষীৰ দলে একেসময়ত এপিডিচিএলৰ পৰীক্ষা মূল্যায়ন নিৰীক্ষণ ব’ডৰ সদস্য তথা মুখ্য মহাপ্ৰৱন্ধক আতাউৰ ৰহমানৰ গুৱাহাটী বাসগৃহতো অভিযান চলাইছিল যদিও সেই দিন ধৰি বিষয়াজনে আত্মগোপন কৰি আছিল৷ আনকি তদন্তকাৰী আৰক্ষীয়ে কেলেংকাৰিৰ অন্যতম মাষ্টাৰ মাইণ্ড আতাউৰৰ বাসগৃহত তালাচীৰ বাবে হাজিৰ হোৱাৰ সময়ত তদন্তকাৰী আৰক্ষীকো বাধা প্ৰদান কৰি বিষয়াজনৰ কন্যাই৷ কিন্তু সম্পূৰ্ণ দুদিন আত্মগোপনৰ অন্তত সোমবাৰে পুৱাই মুখ্য মহাপ্ৰৱন্ধক আতাউৰ ৰহমানে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ মুখ্য কাৰ্যালয়ত  হাজিৰ হৈ আত্মসমৰ্পণ কৰে৷ ইয়াৰ পাছতেই চি এম ভিজিলেন্স ৪/২০২১নম্বৰৰ গোচৰটোৰ ভিত্তিত আতাউৰ ৰহমানক গ্ৰেপ্তাৰ কৰে৷ ইপিনে আতাউৰ ৰহমানৰ উপৰি শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা অ’ এছ ডি দীপাংকৰ দিহিঙীয়াসহ আন ১০জন অভিযুক্তকো সোমবাৰে বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱায়৷ অৱশ্যে, ভিজিলেন্সে মুখ্য-মহাপ্ৰৱন্ধক আতাউৰ ৰহমান, অ’ এছ ডি দীপাংকৰ দিহিঙীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কণিষ্ঠ সহায়ক শশাংক শইকীয়া বিশ্ববিদ্যালয়ৰ অস্থায়ী কৰ্মচাৰী ত্ৰিদিপ শৰ্মা আৰু ঠিকাদাৰী প্ৰতিষ্ঠান ‘নেইকম ইম্প্ৰেছন’ৰ কৰ্মচাৰী বিশ্বজিৎ বৰ্মন আৰু জয়ন্ত ডেকাক প্তদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয়৷ অৱশ্যে, ধৃত দুলুমণি ডেকা, ফাৰাহ আলম, কণকণ শৰ্মা, কৌশিক দাস আৰু বেবীলন কাকতিক আৰক্ষীয়ে জিম্মাত নিৰ্বিচৰাত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ ইপিনে আদালত হাজিৰ কৰোৱাৰ সময়ত মুখ্য মহা প্ৰৱন্ধক আতাউৰ ৰহমানে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈও চেষ্টা কৰা দেখা গ’ল৷ সংবাদ মাধ্যমৰ আগত  বিগত দুটা দিনে আত্মগোপন কৰাৰ অস্বীকাৰ কৰি বিভাগীয় কামত কাৰ্বি লাংপি প্ৰকল্পস্থলীত থকা বুলি দাবী কৰাৰ লগতে তেওঁ নিদোৰ্ষী বুলি সাংবাদিকৰ আগত বক্তব্য ৰাখে৷ তদুপৰি ২০১৯ চনত পৰীক্ষাৰ সময়ত আতাউৰ ৰহমানে নামৰূপত উপ মহাপ্ৰৱন্ধক হিচাপে কৰ্মৰত আছিল বুলিহে জানিবলৈ দিছে৷ ইপিনে এপিডিচিএলৰ এটা সূত্ৰই দাবী কৰা মতে তদানীন্তন শক্তিমন্ত্ৰী তপন গগৈৰ সৈতে অ’ এছ ডি দীপাংকৰ দিহিঙীয়াৰ লগতে মুখ্য মহাপ্ৰৱন্ধক আতাউৰ ৰহমানৰ ঘনিষ্ঠ সম্পৰ্ক আছিল৷ এপিডিচিএলৰ দুয়োজন বিষয়াই শক্তিমন্ত্ৰীৰ ঘৰলৈও নিয়মীয়াকৈ আহ-যাহ ৰাখিছিল বুলি দাবী কৰিছে৷ স্বাভাৱিকতেই এই নিযুক্তি কেলেংকাৰিত তদানীন্তন শক্তিমন্ত্ৰী তপন গগৈৰো মৌন সমৰ্থন আছিল বুলিও বিজুলি ভৱনত সৰৱ চৰ্চা চলিছে৷ ইপিনে বৰ্তমানৰ শক্তিমন্ত্ৰী বিমল বৰাই বিভাগটোৰ দুই শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতো কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাত বিজুলী ভৱনৰ একাংশ সৎ কৰ্মচাৰীৰে সন্দেহৰ দৃষ্টিৰে চাইছে৷ আনকি অসম আৰক্ষীৰ এছ আই নিযুক্তি কেলেংকাৰিৰ সময়তো তেতিয়াৰ বিধায়ক বিমল বৰাৰ বিৰুদ্ধে পৰীক্ষাৰ অনুশীলন কেন্দ্ৰ খোলাৰ অভিযোগে বাতৰিৰ শিৰোনাম দখল কৰিছিল৷ এতিয়া সেইজন বিমল বৰাৰ বিভাগতে  সংঘটিত হোৱা নিযুক্তিত কেলেংকাৰিক সহজভাৱে লোৱা নাই বিজুলি ভৱনৰ সচেতন কৰ্মচাৰীসকলে৷ আনহাতে পৰীক্ষা পৰিচালনাকাৰী বোৰ্ডৰ তদানীন্তন অধ্যক্ষ সঞ্জয় ভৌমিকে দহজন সদস্য থকাৰ পাছতো অ’ এছ ডি দীপাংকৰ দিহিঙীয়াক প্ৰশ্ন কাকত প্ৰস্তুতৰ দায়িত্ব দিয়াক লৈ তদন্তকাৰী আৰক্ষীয়ে ৰহস্যৰ গোন্ধ পাইছে৷ ইপিনে তদন্তকাৰী আৰক্ষীৰ সূত্ৰই দুই এদিনৰ ভিতৰতে নিযুক্তি কেলেংকাৰিত জড়িত ৰৌ- বৰালি জালত পৰাৰ ইংগিত দিছে৷ বিতৰ্কিত ‘নেইকম ইস্প্ৰেছন’ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক পুনৰ বাৰ অ’ এম আৰ শ্বীট মূল্যায়নৰ বাবে কৌশলপূৰ্ণভাৱে হেঁচা প্ৰয়োগ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন বিষয়াৰ লগতে বিজুলী ভৱনৰ কেইবাজনো বিষয়াক গ্ৰেপ্তাৰ কৰিব বুলি তদন্তকাৰী আৰক্ষীৰ সূত্ৰটোতে জানিবলৈ দিছে৷

তদন্তপৰ্বক আদৰণি গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ

এ পি চি ডি এলৰ নিযুক্তি পৰীক্ষাত হোৱা বিয়াগোম কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চলোৱা অনুসন্ধান কাৰ্যক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই আদৰণি জনাইছে৷ এক বিবৃতিত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি উল্লাহ উদ্দীপ্ত বৰা আৰু সাধাৰণ সম্পাদক পাশ্বৰ্ পাটগিৰিয়ে কয়– ‘দুৰ্নীতিমুক্ত ব্যৱস্থাৰ স্বাৰ্থত স্নাতকোত্তৰ ছাত্ৰ সন্থাই  সকলো দিশৰ পৰা সহায় কৰিবলৈ প্ৰস্তুত৷ কেলেংকাৰীৰ বিষয়টোৰ লগত জড়িত নোহোৱা ব্যক্তিক অনুসন্ধানৰ নামত যাতে মানসিকভাবে হাৰাশাস্তি নিদিয়ে তাৰবাবে সংশ্লিষ্ট সকলোলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ৷ ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ে এই ক্ষেত্ৰত আটক কৰা তিনি ব্যক্তিক অপসাৰণ কৰিছে৷ আমি দোষীৰ বিৰুদ্ধে চৰকাৰক শাস্তিৰ দাবী জনাইছো৷ তেনেদৰে আমি ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফলত যাতে কোনো ধৰণৰ বিসংগতিয়ে দেখা নিদিয়ে তাৰ বাবে পুনৰ নিৰীক্ষণৰ দাবী কৰোঁ আৰু সেই সূত্ৰে বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষই সঁহাৰি জনায় পুনৰ নিৰীক্ষণৰ ব্যৱস্থা কৰে৷ লগতে প্ৰৱেশিকা পৰীক্ষাৰ ফলাফলত কোনো ধৰণৰ বিসংগতি নোহোৱাৰ বাবে কতৃৰ্পক্ষই আশ্বাস প্ৰদান কৰা বিষয়টোক সন্থাই আদৰণি জনাইছে৷’