Logo
image

ঊষানগৰীত ‘ভূপেন্দ্ৰবৃক্ষ’

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ কৰ্মজীৱনত উপাৰ্জন কৰা সমস্ত ধন ব্যয় কৰি শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন মূল্যৱান আৰু ফলমূলৰ গছপুলি ৰোপণ কৰা তথা ইয়াৰ প্ৰতিপালন কৰা বিশ্বনাথৰ এজন বিশিষ্ট প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাই বৰ্তমান গছপুলি ৰোপণৰ বাবে তেওঁৰ মাটিও বিক্ৰী কৰিছে৷ তেজপুৰত ইতিমধ্যেই বহুসংখ্যক গছপুলি ৰোপণ তথা প্ৰতিপালনৰে সৰ্বসাধাৰণৰ হৃদয়ত স্থান অধিকাৰ কৰা এইজন প্ৰৱীণ অধিবক্তাই সেই মাটি বিক্ৰী কৰি লাভ কৰা ধনৰে আজি তেজপুৰৰ বিভিন্ন স্থানত ৰোপণ কৰে নাহৰ, লেটেকু, অশোক, কামিনীকাঞ্চনকে ধৰি বহুসংখ্যক গছপুলি৷ তেজপুৰৰ আদালত চাৰিআলিত আজি বৰুৱাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত বিধায়ক তথা কলাগুৰু পুত্ৰৰ দ্বাৰা ৰোপণ কৰে এটা গছপুলি৷ একেদৰে তেজপুৰ সাহিত্য সভা ভৱন চৌহদতো দুটা নাহৰ পুলি ৰোপণ কৰাৰ লগতে তেজপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক ভূপেন্দ্ৰ বৃক্ষ হিচাপে ছাত্ৰসকলে খাব পৰাকৈ এটা লেটেকু গছৰ পুলি ৰোপণ কৰে৷ উল্লেখ্য যে, অধিবক্তা হিচাপে তেওঁ অৰ্জন কৰা ধনেৰে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰায় ১৫হাজাৰ গছপুলি ৰোপণ তথা এই পুলি সুৰক্ষিতভাৱে ৰখা আৰু প্ৰতিপালনেৰে ডাঙৰ কৰা বৰুৱাই আজি পুৱাৰে পৰা তেজপুৰত ৰোপণ কৰা গছপুলিসমূহ ‘জ্যোতি বৃক্ষ’, ‘বিষ্ণু ৰাভা বৃক্ষ’, ‘নটসূৰ্য্য বৃক্ষ’, ‘পদ্মনাথ বৃক্ষ’, ‘চন্দ্ৰ নাথ বৃক্ষ’, ‘ভূপেন্দ্ৰ বৃক্ষ’ নামৰে নামকৰণ কৰে৷ আজি এইজন প্ৰকৃতিপ্ৰেমীৰ কাৰ্যলৈ তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, জিলা সত্ৰ ন্যায়াধীশ ড॰ ছত্ৰ ভূষণ গগৈ, পদ্মনাথ গোহাঞিবৰুৱাৰ নাতি সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, সমাজকৰ্মী লগতে তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিয়ে সহযোগিতা আগবঢ়াই৷ বৰুৱাই তেওঁ দীৰ্ঘদিনৰ পৰাই কৰি অহা কামৰ বিষয়ে উল্লেখ কৰি কয় যে এই গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ বাবে তেওঁ কেতিয়াও কাৰো পৰা এটকাও লোৱা নাই৷ নিজা উপাৰ্জিত ধন শেহতীয়াকৈ অন্ত পৰাত তেওঁ নিজাকৈ থকা মাটি বিক্ৰী কৰি বৰ্তমান পুনৰ এই কাম কৰিছে৷ উল্লেখ্য যে, জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধিস্থলত বৰুৱাই সুধাকণ্ঠৰ গীতত উল্লেখ থকা নাহৰ, তগৰ আৰু কপৌ ফুলৰ পুলি ৰোপণ কৰাৰ পাছত সেয়া বৰ্তমান লহপহকৈ বঢ়া বুলিও উল্লেখ কৰে৷