Logo
image

আৰু ২২জন বিষয়াৰ জালিয়াতি ধৰা পেলাইছোঁ

এপিএছচি কেলেংকাৰিৰ তদন্তকাৰী আৰক্ষী বিষয়া পানেছাৰৰ চাঞ্চল্যকৰ তথ্য

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ অসম লোকসেৱা আয়োগৰ বিয়াগোম নিযুক্তি কেলেংকাৰিৰ ন্যায়িক তদন্তৰ সমান্তৰালভাৱে আৰক্ষীৰ ফালৰ পৰাও তদন্ত ক্ষীপ্ৰতৰ কৰি তুলিছে৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন তদন্ত আয়োগে উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীট জালিয়াতিৰে চাকৰি লাভ কৰা প্ৰায় ৪ জন ৰাজপত্ৰিত বিষয়াৰ সাক্ষ্য লোৱাৰ পাছত এইবাৰ ফৰেনছিক প্ৰতিবেদনৰ ভিত্তিত ধনৰ বিনিময়ত বক্ৰ পথেৰে চাকৰি লোৱা সকলৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে সাজু হৈছে তদন্তকাৰী আৰক্ষী৷ ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা এ পি এছ চি নিযুক্তি কেলেংকাৰি গোচৰটোৰ তদন্তকাৰী বিষয়া তথা কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে জালিয়াতি ধৰা পৰা নতুনকৈ ২০-২২ জন বিষয়ালৈ চমন জাৰি কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷ অৱশ্যে তদন্তকাৰী বিষয়াজনে সংবাদ মাধ্যমৰ আগত জালিয়াতিৰ তথ্য প্ৰমাণ লাভ কৰা বিষয়াকেইজন আৰু ন্যায়াধীশ বি কে শৰ্মা আয়োগে জাননী জাৰি কৰা বিষয়াকেইজন একেই নেকি, সেই সন্দৰ্ভত কোনো তথ্য সংবাদ মাধ্যমক প্ৰকাশ কৰাৰ পৰা বিৰত থাকে৷ বৰ্তমান এ চি এছ-এ পি এছৰ দৰে কৰ্মৰত দুৰ্নীতিগ্ৰস্ত বিষয়া কেইজনক তলব কৰাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব বুলিও তদন্তকাৰী বিষয়াজনে প্ৰকাশ কৰিছে৷ ইপিনে লোকসেৱা আয়োগৰ কেলেংকাৰিৰ মূল গোচৰটোত ইতিপূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৭৪জন বিষয়া তথা দালালৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে৷ অহা ২৫ অক্টোবৰত আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফেমৰ শুনানি আৰম্ভ হ’ব বিশেষ ন্যায়াধীশৰ আদালতত৷ অৰ্থাৎ উক্ত দিনাৰ পৰাই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷