Logo
image

কেঁচু খান্দোতে ওলাইছে সাপ

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ এ পি ডি চি এলৰ নিযুক্তি কেলেংকাৰি গোচৰৰ যুদ্ধকালীন ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে৷ বুধবাৰে ভিজিলেন্সৰ তদন্তকাৰী বিষয়াই এ পি ডি চি এলৰ তদানীন্তন মুখ্য মহাপ্ৰৱন্ধক তথা পৰীক্ষা পৰিচালনা ব’ৰ্ডৰ অধ্যক্ষ সঞ্জয় কুমাৰ ভৌমিক আৰু সদস্য তদানীন্তন উপ-প্ৰৱন্ধক ডেইজিম হাজৰিকাক কেইবাঘণ্টা ধৰি জেৰা কৰে৷ এ পি ডি চি এলৰ তদানীন্তন অধ্যক্ষ প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰছেনিয়া আৰু অধ্যক্ষৰ অ’ এছ ডি দীপাংকৰ দিহিঙীয়াৰ ‘মাজৰ মানুহ’ হিচাপে পৰিচিত সঞ্জয় কুমাৰ ভৌমিক আৰু ডেইজিম হাজৰিকাক জেৰা কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ দুই বিষয়াক সন্ধিয়া পৰ্যন্ত প্ৰায় ৬ ঘণ্টা ধৰি জেৰা কৰাৰ অন্তত যাবলৈ দিয়া হয় যদিও বৃহস্পতিবাৰে পুনৰ জেৰাৰ বাবে ভিজিলেন্সৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ দুয়োজন বিষয়াকে নিৰ্দেশ দিছে৷ দুই বিষয়াক মাৰাথান জেৰা কৰাৰ পাছতেই বিজুলী ভৱনত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰাই নহয়, এ পি ডি চি এলৰ আন একাধিক বিষয়াৰ গ্ৰেপ্তাৰৰ পথ মুকলি হোৱা বুলি চৰ্চা চলিছে৷ উল্লেখ্য, তদানীন্তন মুখ্য মহাপ্ৰৱন্ধক সঞ্জয় কুমাৰ ভৌমিকক অধ্যক্ষ হিচাপে লৈ পৰীক্ষা পৰিচালনা ব’ৰ্ডখন গঠন কৰা হৈছিল যদিও তদানীন্তন অধ্যক্ষ ভি কে পিপাৰছেনিয়াৰ হেঁচাৰ বাবেই অ’ এছ ডি দিপাংকৰ দিহিঙীয়াক ব’ৰ্ডৰ সদস্য হিচাপে অন্তৰ্ভুক্তি কৰা বুলিও ভৌমিকে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা বুলিও তদন্তকাৰী আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে৷ ইপিনে, পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা এ ই ডি চি এলৰ পদত সঞ্জয় ভৌমিকৰ কন্যাক বাছনি কৰাৰ পুৰস্কাৰ হিচাপেই দীপাংকৰ দিহিঙীয়াক পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছিল নেকি বুলিও অধ্যক্ষ ভৌমিকক বুধবাৰে প্ৰশ্ন কৰে তদন্তকাৰী আৰক্ষীয়ে৷ পৰীক্ষা পৰিচালনা ব’ৰ্ডৰ মিটিঙত ৰাজ্যৰ কোনো শিক্ষাবিদক প্ৰশ্ন কাকত প্ৰস্তুতৰ কামত নিয়োজিত কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতো কিয় সভাৰ সিদ্ধান্তক প্ৰত্যাহাৰ কৰি অ’ এছ ডিক প্ৰশ্নকাকত প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছিল সেই সন্দৰ্ভতো তদন্তকাৰী আৰক্ষীয়ে প্ৰশ্ন কৰিছিল ভৌমিকক৷ কিন্তু তদন্তকাৰী বিষয়াৰ ওচৰত ভৌমিকে কোনো সুদুত্তৰ দিব নোৱাৰিলে বুলিও আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিছে৷ আনহাতে, অধ্যক্ষ পিপাৰছেনিয়া আৰু অ’ এছ ডি দীপাংকৰ দিহিঙীয়াৰ অনুগত হোৱাৰ সুবাদতে আই টি শাখাৰ উপ-প্ৰৱন্ধক ডেইজিম হাজৰিকাক পৰীক্ষা পৰিচালনা ব’ৰ্ডৰ সদস্য নিয়োগ কৰা বুলিও অভিযোগ উঠিছে৷ সদস্য হাজৰিকাৰ সৈতে অ’ এছ ডি দিহিঙীয়াৰ সঘন বাৰ্তালাপৰ তথ্য প্ৰমাণৰ ভিত্তিতে আৰক্ষীয়ে এইজন বিষয়াকো মাৰাথন জেৰা কৰে৷ ইপিনে তদন্তাৰী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে অধ্যক্ষ সঞ্জয় ভৌমিক আৰু সদস্য ডেইজিম হাজৰিকাৰ সৈতে বুধবাৰে ভিজিলেন্সৰ এছ পি কাৰ্যালয়ত সন্মুখা-সন্মুখিকৈ বহুৱাই ধৃত দীপাংকৰ দিহিঙীয়া, আতাউৰ ৰহমান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনিষ্ঠ সহায়ক শশাংক শইকীয়াক জেৰা কৰাৰ পাছতেই কেঁচু খান্দোতে এতিয়া ওলাইছে সাপ৷ এ পি ডি চি এলৰ কেলেংকাৰি ইমান গভীৰলৈ শিপাইছিল যে এই চক্ৰটোৱে অ’ এম আৰ মূল্যায়নৰ পূৰ্বেই এক প্ৰকাৰ ফলাফল তালিকা সাজু কৰিছিল৷ বিজুলী ভৱনৰ ষ্ট্ৰং ৰূমত অ’ এম আৰ শ্বীট মজুত থকাৰ সময়তে ফলাফল তালিকা প্ৰস্তুত হৈছিল অ’ এছ ডি দীপাংকৰ দিহিঙীয়াৰ কক্ষত৷ যাৰ বাবে পূৰ্বৰ ফলাফল তালিকাখনকে যাতে হুবহু প্ৰকাশ কৰিব পাৰি তাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল্যায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত কৰ্মচাৰীকো মেনেজ কৰিছিল দিহিঙীয়া এণ্ড কোম্পানীয়ে৷ আৰু চক্ৰটোৰ এই চুক্তিৰ মৰ্মেই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকা আয়োগৰ প্ৰতিবেদনক নস্যাৎ কৰি ব্যৱসায়ী বানোৱাৰীলাল আগৰৱালাৰ ‘নেইকম ইম্প্ৰেছন’ক পুনৰ অ’ এম আৰ মূল্যায়নৰ দায়িত্ব দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ে৷ বিতৰ্কিত ‘নেইকম ইম্প্ৰেছন’ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই কি অজ্ঞাত স্বাৰ্থত অ’ এম আৰ শ্বীট মূল্যায়ণৰ ঠিকা দিছিল সেই সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী আৰক্ষীয়ে৷ ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩ কৰ্মচাৰী আৰু ‘নেইকম ইম্প্ৰেছন’ৰ ৬ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছত বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হেমন্ত নাথ আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা মূল্যায়ন কোষৰ মুৰব্বী অধ্যাপক দিলীপ বৰাক জেৰাৰ বাবে তলব কৰা বুলিও তদন্তকাৰী আৰক্ষী বিষয়াই জানিবলৈ দিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই দুই শীৰ্ষ বিষয়াক জেৰাৰ অন্তত নিযুক্তি কেলেংকাৰি তদন্তই অধিক অগ্ৰগতি লাভ কৰাৰ ইংগিত দিছে ভিজিলেন্সৰ তদন্তকাৰী বিষয়াই৷