Logo
image

সেউজীয়া পাহাৰত সোণালী মাছ

আমাৰ অসম, ১ অক্টোবৰঃ অসমৰ ডিমা হাচাও জিলাৰ ৱাচুবিল গাঁৱৰ ফংল’চ’ নিজৰাত এটা নতুন প্ৰজাতিৰ আলংকাৰিক মাছ আৱিষ্কাৰ কৰিছে এটা গৱেষকৰ দলে৷ কেৱল আলংকাৰিকে নহয়, অত্যন্ত পুষ্টিকাৰক হিচাপে এই মাছবিধে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে৷ এই মাছবিধ হৈছে দৰিকণা মাছৰ এবিধ বিশেষ প্ৰজাতি৷ শস্য-শ্যামলা, নদীৰে ভৰা অসম ভূমিৰ পৰা ক্ৰমান্বয়ে বহু প্ৰজাতিৰ মাছৰ বিলুপ্তি ঘটিছে৷ পৰিৱেশ পৰিৱৰ্তন তথা নদ-নদী, জলাশয়ৰ সংখ্যা কমি অহা বাবে বহু থলুৱা মাছৰ প্ৰজাতি ইতিমধ্যে বিলুপ্তিৰ পথত৷ সেইদৰে অসমভূমিত দৰিকণা মাছবিধ এটা সময়ত যিদৰে উভৈনদী আছিল এতিয়া প্ৰায় বিলুপ্তিৰ পথত৷ ঠিক তেনেসময়তে দৰিকণা মাছৰ প্ৰজাতি এবিধ আৱিষ্কাৰ হোৱাৰ লগে লগে অসমভূমিলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে৷ মেঘালয়ৰ ইউনিভাৰ্ছিটী অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয়, অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু একুৱা প্ৰেছ ইটালীৰ গৱেষকৰ এটা দলত খোৱা ক্ৰমে অৰুণ নামা দাস, বুটিন গগৈ, সন্তোষ কুমাৰ আভুজাম, দেবাংশু নাৰায়ণ দাস, শ্যাম প্ৰসাদ বিশ্বাস আৰু হিকো’ ব্লেৰৰ গৱেষণাত এই বিধ মাছ উদ্ধাৰ হৈছে৷ এই সম্পৰ্কে ইউনিভাৰ্ছিটী অৱ ছায়েন্স এণ্ড টেকন’লজী, মেঘালয়ৰ প্ৰাণী বিজ্ঞানৰ অধ্যাপক-গৱেষক অৰুণ নামা দাসে কয়– ‘আমাৰ দলটোৱে এনেধৰণৰ বিলুপ্তিপ্ৰায় মাছৰ প্ৰজাতিৰ গেৱষণা তথা অনুসন্ধানৰ কাম বিগত ৬ৰ পৰা ৮ বছৰ ধৰি কৰি আছোঁ৷ আমি ২০১৮-১৯ চনত ডিমা হাচাও জিলাৰ ৱাচুবিল গাঁৱৰ ফংল’চ’ নিজৰা দৰিকণা মাছৰ এইবিধ প্ৰজাতি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ৷ সোণালী ৰঙৰ ডেৰৰ পৰা দুই ইঞ্চি জোখৰ এইবিধ মাছ দেখাত আকৰ্ষণীয়৷ এইবিধ মাছ একুৰিয়ামত আলংকাৰিক মাছৰ স্থান ল’বলৈ সক্ষম হ’ব বুলি ক’ব পাৰি৷ লগতে এই মাছবিধ অত্যন্ত পুষ্টিকাৰক বুলি প্ৰমাণিত হৈছে৷ ইটালীৰ একুৱা প্ৰেছ নামৰ বৈজ্ঞানিক অনুসন্ধান প্ৰতিষ্ঠানে ২৯ ছেপ্টেম্বৰত নানা পৰীক্ষা কৰাৰ পাছত এইবিধ দৰিকণা মাছৰ এটা অন্য প্ৰজাতি বুলি স্বীকৃতি দিয়ে৷ এই মাছবিধৰ বৈজ্ঞানিক নাম হৈছে ইছ’মাছ নিমাছই৷ আনহাতে, এইবিধ মাছৰ প্ৰচলিত নাম হৈছে ফ্লায়িং বাৰ্ব [Flying Barb]৷ দৰিকণা মাছৰ এই বিশেষ প্ৰজাতিবিধ অসমৰ আৰু কোন কোন ঠাইত পোৱা যায় তাৰ বাবে আমি গৱেষণাৰ কাম কৰি যাম৷ এই স্বীকৃতিয়ে আমাৰ বাবে এক ইতিবাচক দিশ কঢ়িয়াই আনিছে৷ অসমৰ থলুৱা মাছে আলংকাৰিক মাছৰ বজাৰখন দখল কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিব পৰা যায়৷ এইক্ষেত্ৰত অসমৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ কৰাটো অত্যন্ত জৰুৰী৷ এইবিধ মাছৰ সংৰক্ষণৰ বাবে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিম৷’ উল্লেখ্য, ইটালীৰ এই স্বীকৃতিয়ে বিশ্ব দৰবাৰত অসমৰ থলুৱা মাছৰ উদ্যোগৰ লগত জড়িত থলুৱা লোকসকলকো উৎসাহিত কৰিব পাৰিব৷ সোণালী ৰঙৰ দৰিকণা মাছৰ এইবিধ প্ৰজাতিয়ে বিশ্ব দৰবাৰলৈ লৈ আহিছে নতুন সম্ভাৱনা৷ কেৱল আলংকাৰিক মাছৰ বজাৰখনেই নহয় অসমৰ পাহাৰীয়া জিলাখনৰ ছবিয়ে হয়তো সলনি কৰি দিবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি সোণালী ৰঙৰ দৰিকণাৰ বিশেষ প্ৰজাতিৰ এইবিধ মাছে৷