Logo
image

‘আইডল’ৰ কথা অমৃত সমান...

আমাৰ অসম, ১ অক্টোবৰঃ গুৱাহাটী বিশ্ববিদ্যালয় ‘আইডল’ৰ কথা অমৃত সমান৷ যিমানেই কোৱা যায় সিমানেই আৰম্ভ হয় নতুন কথা৷ আইডলত সংঘটিত কেলেংকাৰি এতিয়ালৈকে অসমৰ শিক্ষাখণ্ডৰ সৰ্ববৃহৎ কেলেংকাৰিৰূপে চিহ্নিত হৈছে৷ সাধাৰণ কেলেংকাৰিৰ ক্ষেত্ৰত কঠোৰ ভূমিকা গ্ৰহণ কৰা বিশ্ববিদ্যালয় প্ৰশাসন বা চৰকাৰে আইডল কেলেংকাৰিৰ ক্ষেত্ৰত তুলনামূলকভাৱে নৰম স্থিতি প্ৰদৰ্শন কৰিছে৷ ইয়াৰ আঁৰত আছে দীঘলীয়া কাহিনী৷ সেয়া আন এটা প্ৰসংগ৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা শক্তিশালী মহলে আইডল কেলেংকাৰিৰ প্ৰধান অভিযুক্ত কন্দৰ্প দাসক ৰক্ষণাবেক্ষণ দিবৰ বাবে অহৰহ চেষ্টা চলাই আহিছে৷ ন্যায়াধীশ আফতাব হুছেইন শইকীয়া আয়োগ আৰু অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যৰ নেতৃত্বত গঠিত তদন্ত আয়োগে কন্দৰ্প দাস দোষী বুলি স্পষ্টভাৱে প্ৰতিবেদনত উল্লেখ কৰাৰ পাছতো বিভিন্ন অজুহাতত বিশ্ববিদ্যালয় প্ৰশাসনে কন্দৰ্প দাসক শাস্তি প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে ৰহস্যজনক স্থিতি৷ শক্তিশালী চক্ৰৰ হেঁচাত সেও মানি বিশ্ববিদ্যালয় কতৃৰ্পক্ষই কন্দৰ্প দাসক শাস্তি প্ৰদানৰ পৰা ৰেহাই দিয়াৰ কথা চিন্তা কৰিছে৷ অগত্যা ৰেহাই দিব নোৱাৰিলেও শাস্তিৰ পৰিমাণ যিমান পাৰি কম কৰিবলৈ চেষ্টা কৰিছে৷ সেয়াও যিমান পাৰি পলমকৈ কৰিবলৈ চেষ্টা কৰিছে৷ ফলত কন্দৰ্প দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়া বিলম্বিত হৈ পৰিছে৷ এনে সময়তে আইডল কেলেংকাৰিৰ প্ৰধান অভিযুক্ত কন্দৰ্প দাসৰ সমৰ্থনত থিয় দিছে বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদৰ এজন সদস্য৷ শিক্ষক প্ৰতিনিধিৰূপে অসম চৰকাৰৰ দ্বাৰা কাৰ্যবাহী পৰিষদলৈ মনোনীত এই সদস্যজনৰ নাম ড॰ হেমন্ত কুমাৰ শৰ্মা৷ গণিত বিভাগৰ অধ্যাপক হেমন্ত শৰ্মাই ২০ ছেপ্টেম্বৰত অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ সভাত পল্লৱ ভট্টাচাৰ্য আয়োগৰ প্ৰতিবেদন গৃহীত কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শাইছিল৷ কেৱল সেয়ে নহয়, কাৰ্যবাহী পৰিষদে পল্লৱ ভট্টাচাৰ্য আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ পাছত তেওঁ এই সিদ্ধান্তৰ বিৰুদ্ধে ‘আপত্তি টোকা’ দিছিল৷ দুদিন পাছত অৰ্থাৎ ২২ ছেপ্টেম্বৰত হেমন্ত কুমাৰ শৰ্মাই বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হেমন্ত কুমাৰ নাথলৈ এখন পত্ৰ প্ৰেৰণ কৰে৷ মুঠ জ্ঝটা দফা থকা এই পত্ৰখনৰ প্ৰতিটো দফাতেই আইডল কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড কন্দৰ্প দাসক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সুৰক্ষা দিয়াৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে৷ পত্ৰখনৰ ৰনং দফাত উল্লেখ কৰা হৈছে যে ২০০৬ চনৰ পৰা ২০১৬ চনলৈকে আইডলৰ সঞ্চালকৰ দায়িত্ব বহন কৰিছিল কন্দৰ্প দাসে৷ বৰ্তমানে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ২০১০ চনৰ পৰা ২০১৭ চনলৈকে অনুমোদনবিহীন ১১টা পাঠ্যক্ৰমৰ ওপৰত তদন্ত চলোৱা হৈছে৷ অধ্যাপক শৰ্মাই অভিযোগ কৰা মতে ড॰ কন্দৰ্প দাসে ২০১৬ চনতেই সঞ্চালকৰ দায়িত্ব ত্যাগ কৰিছিল আৰু সেই হেতু কেৱল তেওঁকেই জগৰীয়া কৰাটো উচিত হোৱা নাই৷ লক্ষণীয়ভাৱে অধ্যাপক শৰ্মাই উত্থাপন কৰা এই অভিযোগৰ উত্তৰ তেওঁ নিজৰেই পত্ৰখনৰ ৬ নং দফাত নিজেই দিছে৷ পত্ৰখনৰ ৬নং দফাত অধ্যাপক শৰ্মাই আইডল উপদেষ্টা পৰিষদৰ ২১-০৭-২০১৬ তাৰিখে হোৱা বৈঠকৰ ২নং আৰু ৩নং সিদ্ধান্তৰ কথা উল্লেখ কৰিছে৷ তদানীন্তন উপাচাৰ্য ড॰ মৃদুল হাজৰিকাৰ [যি আইডল উপদেষ্টা পৰিষদৰ অধ্যক্ষ আছিল] পৌৰোহিত্যত অনুষ্ঠিত উক্ত বৈঠকত গৃহীত ২নং সিদ্ধান্ত মতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰ শিক্ষা পৰিষদৰ অনুমোদন নথকা উক্ত ২১টা বিষয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হ’ব আৰু প্ৰয়োজন সাপেক্ষে বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়৷ ড॰ কন্দৰ্প দাসৰ পাছত আইডলৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰ দায়িত্ব লোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড॰ প্ৰণৱজ্যোতি দাস আৰু ভূগোল বিভাগৰ অধ্যাপক ড॰ অশোক কুমাৰ বৰাই ইউজিচিৰ অনুমোদন নোহোৱা পাঠ্যক্ৰমৰ বিষয়ে গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষ আৰু আইডল উপদেষ্টা পৰিষদক অৱগত কৰাইছিল৷ আইডল উপদেষ্টা পৰিষদে ইয়াৰ পাছতেই উপৰোক্ত সিদ্ধান্ত গ্ৰহণ কৰে৷ গতিকে উপৰোক্ত দুই ভাৰপ্ৰাপ্ত সঞ্চালকৰ ওপৰত ভেজা দি অভিযুক্ত ড॰ কন্দৰ্প দাসক নিৰ্দোষী সজোৱাৰ বাবে চলোৱা এয়া এক অপচেষ্টা মাত্ৰ৷ কোৱা বাহুল্য যে অধ্যাপক শৰ্মাই অনা সকলো অভিযোগৰ বিষয়ে পল্লৱ ভট্টাচাৰ্য কমিটীৰ প্ৰতিবেদনত পুংখানুপুংখভাৱে উল্লেখ কৰা হৈছে আৰু সকলো অভিযোগতে ড॰ কন্দৰ্প দাসক দোষীসাব্যস্ত কৰা হৈছে৷ আয়োগৰ তদন্ত প্ৰতিবেদনত কন্দৰ্প দাসৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে ৭টা অতি গুৰুত্বপূৰ্ণ অভিযোগ৷ লক্ষণীয়ভাৱে ২০১৮ চনৰ ডিচেম্বৰৰ পৰা প্ৰায় এঘাৰ মাহ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক আৰু বৰ্তমান অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড॰ ননীগোপাল মহন্তকো ড॰ কন্দৰ্প দাসক নিৰ্দোষী সজোৱা কাৰ্যৰ বাবে জগৰীয়া কৰাৰ চেষ্টা চলোৱা দেখা গৈছে৷ পঞ্জীয়কলৈ লিখা উক্ত পত্ৰখনৰ ৭নং দফাত অধ্যাপক শৰ্মাই তদানীন্তন ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড॰ ননীগোপাল মহন্তই ১৮-০১-২০১৯ তাৰিখে অসম চৰকাৰৰ উচ্ছ শিক্ষা বিভাগৰ যুটীয়া সচিব নিবেদিতা লস্কৰলৈ লিখা এখন পত্ৰৰ কিয়দংশৰ উদ্ধৃতি দিয়া হৈছে৷ উক্ত অংশটোত মহন্তই উল্লেখ কৰিছিল– ‘ভৱিষ্যতে অনুমোদন পোৱাৰ আশা কৰিয়েই অনুমোদন নোহোৱা পাঠ্যক্ৰমসমূহ চলাই যোৱা হৈছিল যদিও ২০১৭-১৮ বৰ্ষৰ পৰা এই পাঠ্যক্ৰমসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হৈছিল৷’ তদুপৰি ড॰ মহন্তই অনুমোদন নোহোৱা পাঠ্যক্ৰমসমূহ চলাই যোৱা কাৰ্যক ‘‘Inadverent Mistake” আৰু “Bonafide Error of Judgement” বুলি অভিহিত কৰিছে৷ এই দুই শব্দৰ গইনা লৈ এই বিয়াগোম আইডল কেলেংকাৰিক সামান্য অনিচ্ছাকৃত ভুল বুলি ড॰ কন্দৰ্প দাসৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ বাবে পৰামৰ্শ দিয়া পল্লৱ ভট্টাচাৰ্য কমিটীৰ প্ৰতিবেদনখন কাৰ্যবাহী পৰিষদৰ বৈঠকত গৃহীত নকৰোৱাৰ চেষ্টা চলোৱা হৈছিল৷ ড॰ ননীগোপাল মহন্তই চৰকাৰলৈ লিখা পত্ৰখনত লিখিছিল যে সেই সময়লৈকে কোনো শিক্ষাৰ্থীয়ে এনেধৰণৰ অভিযোগ অনা নাই যে কেতিয়াবা কোনো চাকৰি প্ৰদান কৰা প্ৰতিষ্ঠানে তেওঁলোকৰ ডিগ্ৰী অবৈধ বুলি কৈছে৷ স্মৰ্তব্য, গুৱাহাটী বিশ্ববিদ্যালয়েই হওক বা বিশ্ববিদ্যালয় অনুদান আয়োগেই হওক, কোনেও আজিলৈকে এই অনুমোদন নোহোৱা পাঠ্যক্ৰমসমূহৰ যোগেদি ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ নাম ৰাজহুৱা কৰা নাই, গুৱাহাটী বিশ্ববিদ্যালয়েও নম্বৰ তালিকা আৰু ডিগ্ৰীৰ প্ৰমাণপত্ৰসমূহত এই কথা লিখি দিয়া নাই যে এই পাঠ্যক্ৰমসমূহত লাভ কৰা ডিগ্ৰী বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদিত নহয়৷ কিন্তু এই কেলেংকাৰি পোহৰলৈ অহাৰ পাছত যদি এজনো ছাত্ৰ-ছাত্ৰী চাকৰিৰ পৰা বঞ্চিত হয়, তেন্তে ২৩,৯১২গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিব ঘোৰ অমানিশা৷ উল্লেখযোগ্য যে অধ্যাপক শৰ্মাই অভিযোগ কৰাৰ দৰে তদন্ত প্ৰতিবেদনত যে কেৱল ড॰ কন্দৰ্প দাসকেহে যে দোষীসাব্যস্ত কৰা হৈছে তেনে নহয়৷ প্ৰাক্তন উপাচাৰ্য আৰু পঞ্জীয়কো দায়বদ্ধ বুলি কোৱা হৈছে৷ আটাইকেজনেই শইকীয়া আয়োগ আৰু ভট্টাচাৰ্য আয়োগক সাক্ষ্য প্ৰদান কৰিছে৷ স্বয়ং কন্দৰ্প দাসে তেওঁলোকক জেৰা কৰাৰ সুবিধা পাইছে৷ কাজেই শইকীয়া আয়োগ আৰু ভট্টাচাৰ্য আয়োগে এই কথাবোৰ গ্ৰাহ্য কৰা নাই বুলি অধ্যাপক শৰ্মাই অনা অভিযোগ সত্য নহয়৷ অভিযোগ মতে, কন্দৰ্প দাস সঞ্চালক হৈ থকাৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ প্ৰেছত আইডলৰ বহু কিতাপ আৰু নথি-পত্ৰ ছপা কৰা হৈছিল৷ সেইবাবেই কন্দৰ্প দাসে মুখ খুলিলে বিপদত পৰাৰ আশংকাতে তেওঁলোকে কন্দৰ্প দাসক নিৰ্দোষী সজাবলৈ চেষ্টা চলোৱাৰো অভিযোগ উঠিছে৷ পল্লৱ ভট্টাচাৰ্যৰ প্ৰতিবেদনৰ ১২ নম্বৰ পৃষ্ঠাৰ ১৪ নম্বৰ দফাত এই কথা উল্লেখ কৰা হৈছে যে প্ৰেজেণ্টিং বিষয়া ড॰ জ্যোতিপ্ৰসাদ বৰাই তেওঁৰ টোকা প্ৰেৰণ কৰাত বহু পলম কৰা বাবেই প্ৰতিবেদন দাখিল কৰাত বিলম্ব হয়৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত ঘোষণা কৰিছে যে আইডল কেলেংকাৰিত জড়িতসকলক শাস্তি দিয়া হ’ব৷ বিধানসভাৰ বাহিৰতো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অনুৰূপ ভাষ্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ কাজেই আইডল কেলেংকাৰিৰ ক্ষেত্ৰত অসম চৰকাৰৰ স্থিতি স্পষ্ট– দোষীয়ে শাস্তি পাব৷ তেনেস্থলত অসম চৰকাৰৰ দ্বাৰা মনোনীত প্ৰতিনিধিগৰাকীয়ে কেনেকৈ অসম চৰকাৰৰ ভাষ্যৰ বিপৰীতে দুখনকৈ তদন্ত আয়োগে দোষীসাব্যস্ত কৰা কন্দৰ্প দাসৰ সপক্ষে স্থিতি গ্ৰহণ কৰিব পাৰে সেয়া স্বাভাৱিকতেই চিন্তনীয়৷ অসম চৰকাৰৰ স্থিতি আৰু অসম চৰকাৰে মনোনীত কৰা অধ্যাপক সদস্যৰ স্থিতি বেলেগ বেলেগ হ’লে ৰাইজে কাৰ কথা বিশ্বাস কৰিব৷ এয়া স্বাভাৱিকতেই এটা কোটিটকীয়া প্ৰশ্ন৷