Logo
image

২০৫০ চনৰ ভিতৰত অসম দখলৰ ভয়ংকৰ পৰিকল্পনা

আমাৰ অসম, ১ অক্টোবৰঃ ‘গৰুখুটিৰ ১০ হাজাৰ লোকৰ ৬ হাজাৰৰে নাম এন আৰ চিৰ প্ৰাৰম্ভিক তালিকাত নাই৷ এওঁলোকৰ নিজৰ নিজৰ জেগা আছিল, গৰুখুটিতটো লেটেষ্টহে আহিছে৷ গতিকে তেওঁলোক নিজৰ জেগাত যাব৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বৃহস্পতিবাৰে ধেমাজিত এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– ‘কিন্তু যিখিনি গৰুখুটিত পুৰণা, এন আৰ চিতো নাম আহিছে, তেওঁলোকৰ ক্ষেত্ৰত আমি আলাপ-আলোচনা কৰিম৷ মোৰ যিমানদূৰ বিশ্বাস গৰুখুটিলৈ অধিকসংখ্যক মানুহ দলগাৱৰ পৰা আহিছে, সৰ্থেবাৰীৰ পৰা আহিছে৷ এইটো এটা সমষ্টি দখল অভিযান৷ মোৰ কথাত প্ৰথমে ৰাইজে হয়তো বিশ্বাস কৰা নাছিল৷ কিন্তু এতিয়া গম পাইছে৷ বৰচলাত যিমান মানুহ সোমাইছে চবৰে ধিং, ৰূপহীত ভেটি আছে৷ এইটো হ’ল একোটা নতুন নতুন সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট তেওঁলোকে বনাই লয়৷ মোৰ হাতত থকা চোৰাংচোৱা খবৰ অনুসৰি এতিয়া তেওঁলোকৰ ব্লুপ্ৰিণ্টত আছে ছিপাঝাৰ, বৰচলা আৰু লামডিং৷ এই তিনিটা সমষ্টিত ডেমগ্ৰাফি সলনি কৰি অহা নিৰ্বাচনত দখলৰ ব্লুপ্ৰিণ্ট ৰচিছে৷ ২০২৬ৰ লক্ষ্য লৈ তেওঁলোকে কাম কৰি আছে৷ এইবাৰ যেনেকৈ বৰক্ষেত্ৰী, বটদ্ৰৱা, মঙলদৈ লৈ ল’লে তেনেকৈ অহা নিৰ্বাচনত তেওঁলোকৰ টাৰ্গেট আছে যে এই তিনিটা সমষ্টিৰ ডেমগ্ৰাফি সলনি কৰিব৷ সেইটো যদি আমি হ’ব নিদিও, সেইটোৱেই বহুত ডাঙৰ কাম হ’ব৷ চৰকাৰ মানেটো আমিয়েই৷ মোৰ চহীত এটুকুৰা মাটিও কাকো দখল কৰিবলৈ দিয়া নাই৷ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে ভূমিহীন খিলঞ্জীয়াৰ বাবে ছয় বিঘাকৈ ভূমি দিয়াৰ সিদ্ধান্ত হৈছিল৷ তাৰ আগতে দেওনাটো বহুত পাৰ হ’ব লাগিব৷ সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট তেওঁলোকৰ চলি আছে৷ ২০২৬ত কোনটো ল’ব, ২০৩৭ত কোনটো ল’ব তাৰ তেওঁলোকৰ পৰিকল্পনা আছে৷ মইটো আগতে মুখ্যমন্ত্ৰী নাছিলোঁ, কাগজবোৰ পঢ়িব পৰা নাছিলোঁ৷ ২০৫০ৰ ভিতৰত কেনেকৈ অসমত মেজৰিটী চিট ল’ব পাৰে তেওঁলোকৰ প্লেন আছে৷ এই প্লেনত এটা চিন্তাই কাম কৰে৷ যেনেকৈ অসমীয়া মানুহৰ হৈ কোনে চিন্তা কৰে তাৰ কোনো নাম নাই৷ এয়া এক সামূহিক চিন্তা৷ তেনেকে তেওঁলোকৰ কেনেকৈ ২০৫০ৰ ভিতৰত অসমত সংখ্যাগৰিষ্ঠ হ’ব পাৰে ইয়াৰ চিন্তা আছে৷’