Logo
image

আকৌ ‘শ্বেৰমান জুই’

আমাৰ অসম, ১ অক্টোবৰঃ কংগ্ৰেছত আকৌ জুই জ্বলাইছে বিধায়ক শ্বেৰমান আলীয়ে৷ সততে বিতৰ্কৰ আৱৰ্তত থকা কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে এইবাৰ অসমীয়াৰ আবেগৰ সৈতে জড়িত অসম আন্দোলনক কেন্দ্ৰ কৰি কেতবোৰ অবাঞ্ছিত মন্তব্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে৷ শংকৰদেৱ কলাক্ষেত্ৰত ‘মিঞা মিউজিয়াম’ৰ সপক্ষে ওকালতি কৰি নিৰ্বাচনৰ পূৰ্বে বিতৰ্কত সোমাই পৰা বিধায়ক শ্বেৰমান আলীয়ে এইবাৰ অসম আন্দোলনৰ শ্বহীদক লৈ কৰা অপমানজনক মন্তব্যই পুনৰবাৰ বিব্ৰত কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক৷ অৱশ্যে এই পৰ্যন্ত প্ৰদেশ কংগ্ৰেছে নিজৰ দলৰে বিধায়কজনৰ বিৰুদ্ধে কোনো ধৰণৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা নাই৷ বুধবাৰে বিধায়ক শ্বেৰমান আলীয়ে সংবাদ মাধ্যমৰ আগত দাবী কৰি কৈছিল– ‘পদ্ম হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ১৯৮৩ চনত মিঞাই ৮জন অসমীয়া মানুহক মাৰিছিলে৷ তেওঁলোকক ইতিহাস বিকৃত নকৰিবলৈ সকীয়াই দিছোঁ৷ দয়ানাথ শৰ্মাকে ধৰি এই আঠজন কোনো শ্বহীদ নহয়৷ তেওঁলোক হত্যাকাৰী৷ এই আঠজন ছিপাঝাৰৰ চাউলখোৱাত ১৯৮৩ চনত হাজাৰ হাজাৰ মিঞা মানুহক হত্যা কৰিছিল৷ নিজৰ প্ৰাণ বচাবলৈয়ে মিঞাই এই আঠজনক মাৰিছিল৷ ময়ো মাৰিম যদি মোক কোনোবাই মাৰিবলৈ আহে৷ দয়ানাথ শৰ্মা কোনো চেলিব্ৰেটী নহয়৷ কোনো শ্বহীদ নহয়৷ তেওঁলোক ঘাটক৷ এই আঠজন ঘাটকক মিঞাই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ মাৰিছিলে৷ দয়ানাথ শৰ্মাকে ধৰি এই আঠজনে বহু মিঞা মানুহ মাৰিছিলে৷ মিঞা মানুহে আত্মৰক্ষাৰ কাৰণে তেওঁলোকক মাৰিছিলে৷ এই কাৰ্যক প্ৰশংসা কৰিব লাগে৷ এনেকুৱা ঘাটকক মাৰিবই লাগে৷ নেলীৰ দৰে চাউলখোৱা চাপৰিত দয়ানাথ শৰ্মাৰ নেতৃত্বত হত্যাযজ্ঞ চলোৱা হৈছিল কেবাদিন ধৰি৷ তেওঁলোকক শ্বহীদ বুলি ক’লে ইতিহাস বিকৃত কৰা হ’ব৷ ঘাটকৰ মৃত্যু কেতিয়াও বন্দিত হ’ব নোৱাৰে৷ চাউলখোৱা চাপৰিত ৬০০মান মানুহ চৰকাৰীভাবে মৰা দেখুওৱা হৈছে৷ কিন্তু প্ৰকৃততে কেবা হাজাৰ মানুহ মৰিছে৷ ঘোৰাৰ ওপৰত উঠি হাতত বন্দুক লৈ দয়ানাথ শৰ্মাৰ নেতৃত্বত এই মানুহবিলাকক মৰা হৈছিল৷ মিঞা মানুহখিনিয়ে আত্মৰক্ষাৰ কাৰণে তেওঁক জালমাৰি মাৰিছিল৷ নেলীতো যিসকলে মাৰিব গৈছিল তেওঁলোকো ঘাটক৷ কিন্তু দুৰ্ভাগ্যজনক যে এইসকলৰ বহুতক শ্বহীদ বুলি কৈ ৫ লাখকৈ টকা দিছে চৰকাৰে৷ দয়ানাথ শৰ্মাৰ লগত যোৱা অন্যসকলৰো বিচাৰ হ’ব লাগে৷ নেলী আৰু চাউলখোৱা চাপৰিত যিসকলক হত্যা কৰা হ’ল তেওঁলোকক ন্যায় দিয়া নহ’ল৷’ কংগ্ৰেছৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ এনে ভাষ্যক কেন্দ্ৰ কৰি কংগ্ৰেছৰ আভ্যন্তৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে৷ দলৰ অধিকাংশ নেতাই বিধায়কজনৰ এনে অসম আন্দোলনবিৰোধী স্থিতিক সমৰ্থন জনোৱা নাই যদিও দলীয় নেতৃত্বৰ ৰোষত পৰাৰ ভয়ত এই পৰ্যন্ত নিৰৱতা অৱলম্বন কৰি আছে৷ শ্বেৰমান আলীৰ মন্তব্য দলীয় মন্তব্য হয় নে নহয় সেই বিষয়েও স্পষ্টীকৰণ দিয়া নাই প্ৰদেশ কংগ্ৰেছে৷ ইয়াৰ বিপৰীতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– শ্বেৰমান আলী আহমেদে সময়ে সময়ে বিতৰ্কিত মন্তব্য দি আহিছে৷ এনে মন্তব্য দলৰ নীতিৰ লগত মিল নাই৷ তাৰ বাবে সময়ে সময়ে তেওঁক সতৰ্ক কৰি দিয়া হয়৷ এতিয়াও সতৰ্ক কৰি দিম তেওঁক৷ কিছুমান কথা কিছুমান সময়ত চৰ্চা কৰা উচিত নহয়৷ বৰ্তমান ৰাজ্যৰ পৰিস্থিতি যথেষ্ট স্পৰ্শকাতৰ হৈ আছে৷ কিছুমান পুৰণা কথা উলিয়াই কাৰো মনত আঘাত দিয়া উচিত নহয়৷ কংগ্ৰেছ দলে অসম চুক্তি স্বাক্ষৰ কৰিছে৷ চুক্তি ৰূপায়ণৰ দায়বদ্ধতা মানি আছে কংগ্ৰেছ দলে৷ অসম চুক্তি অনুসৰিয়ে ৮৫৫জন শ্বহীদক শ্বহীদৰ মৰ্যাদা দিয়া হৈছে৷ তেওঁক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হ’ব৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়– শ্বহীদক ঘাটক কোৱাটো অক্ষমণীয় অপৰাধ৷ অসম আন্দোলনৰ শ্বহীদক অপমান কৰি শ্বেৰমান আলীয়ে নিজকে বাংলাদেশীৰ ৰক্ষক বুলি পুনৰবাৰ প্ৰমাণ কৰিলে৷ এনে সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে বিধায়কজনক গ্ৰেপ্তাৰ কৰিব লাগে৷ কংগ্ৰেছে নিজৰ দলৰ বিধায়কজনৰ ওপৰত কি ব্যৱস্থা লয় ৰাইজে চকু ৰাখিব৷ আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ বিধায়ক শ্বেৰমান আলী আহমেদক তীব্ৰ সমালোচনা কৰি কয়– অবৈধ বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা লোৱা এই বিধায়কজনক অতি শীঘ্ৰে চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে৷ অসমৰ জাতীয় শ্বহীদসকলক কেন্দ্ৰ-ৰাজ্যই স্বীকৃতি দিছে৷ জাতিৰ স্বাৰ্থত এইসকল জাতীয় শ্বহীদে আত্মবলীদান দিছিল৷ বিধায়কজনৰ উদ্ভৱ মন্তব্যই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক ব্যাঘাট কৰিছে৷ অসম আন্দোলনৰ কৰ্মীক গৰুখুটিত হানি-খুছি হত্যা কৰা হৈছিল৷ অবৈধ বাংলাদেশীৰ প্ৰৱক্তাৰূপে এইজন বিধায়কে জাতীয় শ্বহীদক অপমান কৰাৰ সাহস ক’ৰ পৰা গোটাইছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক শ্বেৰমান আলীক উভতি ধৰি কয়– সমস্যাটো শ্বেৰমান আলী নহয়৷ সমস্যাটো হ’ল শ্বেৰমান আলীৰ দৰে লোকক ৰক্ষণা-বেক্ষণ কোনে দিয়ে৷ কংগ্ৰেছৰ অসমীয়া নেতাসকলে তেওঁক ৰক্ষণাবেক্ষণ দিয়ে৷ শ্বেৰমান আলী কেনেকুৱা লোক আমি সকলোৱে জানো৷ কিন্তু তেওঁক ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা কোনে দিয়ে৷ অসমৰ মাটিতে ডাঙৰ-দীঘল হোৱা, ভাল কংগ্ৰেছী লোকসকলে তেওঁক ৰক্ষণাবেক্ষণ দিয়ে৷ এনে লোকক আমি কেতিয়াও আমাৰ বৰঘৰত মাতিব নালাগে৷ ১৯৮৩ যেনেকৈ আছিল তেনেকৈ থাকিব দিব লাগে৷ এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই টুইট কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ভূঞাই কয়– অসম আন্দোলনৰ বীৰ শ্বহীদৰ প্ৰতি বিধায়ক শ্বেৰমান আলীয়ে কৰা অসন্মানজনক বক্তব্য ক্ষমাৰ অযোগ্য৷ জাতিৰ অস্তিত্ব সুৰক্ষাৰ বাবে জীৱন আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি কৰা অসন্মানজনক আৰু প্ৰৰোচনামূলক বক্তব্যৰ বাবে অসমবিৰোধী এই বিধায়কজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে৷

বিধায়ক শ্বেৰমানৰ বিৰুদ্ধে যোৰহাটত আছুৰ গোচৰ

শেহতীয়াকৈ অসম চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে ছিপাঝাৰৰ গৰুখুঁটিত চলোৱা উচ্ছেদ অভিযানৰ বিৰোধিতাৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে বৈদ্যুতিন প্ৰচাৰ মাধ্যমৰ সন্মুখত অসম আন্দোলনৰ জাতীয় ছহিদ দয়ানাথ শৰ্মাক ঘাটক আখ্যা দিয়াত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জাতীয় ছহিদজনক কেৱল ঘাটক আখ্যা দিয়াই নহয় ‘নিজে হত্যা কৰিলোঁহেঁতেন’ বুলিও প্ৰচাৰ মাধ্যমৰ আগত মুকলিকৈ প্ৰকাশ কৰা বিধায়ক আলীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা৷ বিধায়ক শ্বেৰমান আলীক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ দাবীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে যোৰহাট সদৰ থানাত আজি সন্ধিয়া এখন এজাহাৰ দাখিল কৰে৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পৰীক্ষিত ফুকনে এক বিবৃতিত কয় যে ঐতিহাসিক অসম আন্দোলনৰ ছহিদ দয়ানাথ শৰ্মাৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰি বাঘবৰৰ সাম্প্ৰদায়িক বিধায়কজনে অসম আন্দোলনৰ ৮৬০জন ছহিদৰ লগতে নিৰ্যাতিত ব্যক্তিসকল আৰু সেই সময়ৰ আন্দোলনকাৰী সকলোকে চৰম অপমান কৰিছে৷ এই অপমান কোনো কাৰণতে সহ্য কৰা নহ’ব৷ সামাজিক সম্প্ৰীতি তথা শান্তি-শৃংখলা বিনষ্ট কৰিব বিচৰা আৰু চৰকাৰী কামত অবৈধভাৱে দখল দিয়া এই সাম্প্ৰদায়িক বিধায়কজনক অসম আৰক্ষীয়ে অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে৷ বিবৃতিটোত জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকে লগতে কয় যে অবৈধ বিদেশীৰ প্ৰতি অবাধ প্ৰীতি প্ৰদৰ্শন কৰি অহাৰ উপৰি সময়ে সময়ে নিকৃষ্ট মন্তব্য কৰি অহা শ্বেৰমান আলী হৈছে অসমৰ বাবে বিষবাষ্পস্বৰূপ৷ ভৰিৰ তলত মাটি হেৰুৱাই সঘনে দল সলাই থকা এই বিধায়কজনক অনতিপলমে বিনাচৰ্তে অসমবাসী ৰাইজৰ আগত আঁঠু লৈ ক্ষমা খুজিকলৈয়ো যোৰহাট জিলা ছাত্ৰ সন্থাই দাবী জনাইছে, অন্যথা ইয়াৰ পৰিণতি ভয়াৱহ হ’ব বুলি সকীয়াই দিছে৷ ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে কয় যে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে প্ৰচাৰ মাধ্যমৰ সন্মুখত নিকৃষ্ট মন্তব্য কৰিছে৷ গতিকে কংগ্ৰেছৰ যদি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি তিলমানো আন্তৰিকতা আছে তেন্তে অনতিপলমে শ্বেৰমান আলীৰ দৰে সমাজৰ আৱৰ্জনাবোৰক বহিষ্কাৰ কৰি কংগ্ৰেছ দলে সৎ সাহস প্ৰদৰ্শন কৰক৷ অন্যথা কংগ্ৰেছ দলটোও যে অবৈধ মুছলমান বিদেশীৰ পৃষ্ঠপোষক সেই কথা আৰু জানিবলৈ বাকী নাথাকিব বুলি ছাত্ৰ নেতাজনে প্ৰকাশ কৰিছে৷

মঙলদৈ থানাত গোচৰ তৰি দৰঙত শ্বেৰমানৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা আছুৰ

১৯৮৩ চনত অসম আন্দোলনৰ সময়ত দৰং জিলাৰ চাউলখোলাত ছহিদ হোৱা লোকসকলৰ প্ৰতি অপমানজনক মন্তব্য কৰা বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে আজি দৰং জিলা ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ বিধায়ক শ্বেৰমান আলীয়ে শ্বহীদক অপমান কৰি দিয়া বক্তব্যক বিৰোধিতা কৰিছে আছুৱে৷ বৃহস্পতিবাৰে দৰং জিলা ছাত্ৰ সন্থাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰি শ্বেৰমান আলীৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰে৷ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে দৰঙৰ গৰুখুটি কাণ্ডৰ প্ৰসংগত অসম আন্দোলনৰ শ্বহীদ সকলক কৰা তীৰ্যক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে দৰং জিলা ছাত্ৰ সন্থাই ৷ দৰং আছুই শ্বেৰমান আলীয়ে ৰাজহুৱাভাৱে ক্ষমা নোখোজা পৰ্যন্ত দৰং জিলাত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰে৷ আনহাতে আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া আৰু সাধাৰণ সম্পাদক চাহিল চৌধুৰীয়ে মঙলদৈ থানাত শ্বেৰমান আলীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে৷

শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী কৃষক মুক্তিৰ

দৰং জিলাৰ গৰুখুটিত সংখ্যালঘু মিঞা মুছলমান পৰিয়ালৰ লোকৰ ওপৰত চলোৱা চৰকাৰী উচ্ছেদৰ বিৰুদ্ধে মন্তব্য দিবলৈ গৈ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে ঐতিহাসিক অসম আন্দোলন আৰু ইয়াত ছহিদীবৰণ কৰা মৃতকসকলক উদ্দেশ্যি কৰা চৰম অপমানসূচক মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে নিজকে সংখ্যালঘু মুছলমানৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰিবলৈ গৈ বিধায়ক শ্বেৰমান আলীয়ে সংবাদ মাধ্যমৰ আগত যি বক্তব্য আগবঢ়াইছে ই অতি সাম্প্ৰদায়িক আৰু ভয়ংকৰেই নহয়, অসমীয়া জাতিবিদ্বেষী মনোভাৱৰ বহিঃপ্ৰকাশ অভিহিত কৰিছে কৃষক মুক্তিয়ে৷ এটা বিবৃতিত সংগঠনটোৰ সভাপতি ৰাজু বৰা, কাৰ্যকৰী সভাপতি মুকুট ডেকা আৰু সাধাৰণ সম্পাদক বিদু্যৎ শইকীয়াই কয় যে– শেহতীয়াকৈ ছিপাঝাৰ সমষ্টিৰ ধলপুৰত চৰকাৰৰ উদ্যোগত অবৈধ বেদখলকাৰী বুলি অভিবাসী মুছলমানৰ ওপৰত অন্যায়ভাবে চলোৱা অমানৱীয় উচ্ছেদ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিৰোধিতা কৰি আহিছে৷ কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনোবা জনপ্ৰতিনিধিৰূপী মুছলমান মৌলবাদীয়ে ইয়াৰ আলম লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ সুযোগ ল’ব৷ বিধায়ক শ্বেৰমান আলিয়ে অসম আন্দোলনত মৃত্যু হোৱা ছহিদসকলক হত্যাকাৰী অথবা ঘাতকৰূপে প্ৰতিষ্ঠা কৰিবলৈ গৈ দিয়া  বক্তব্য উচতনিমূলক, উগ্ৰ সাম্প্ৰদায়িক আৰু মৌলবাদী ধ্যান ধাৰণাৰে পূৰ্ণ৷ গৰুখুঁটিৰ উচ্ছেদৰ ঘটনাকলৈ এফালে এ আই ইউ ডি এফ আৰু আনফালে বিজেপিয়ে উগ্ৰ আৰু ভয়াবহ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে৷ যিটো কেতিয়াও গ্ৰহণযোগ্য নহয়৷ ই অসমৰ সমাজজীৱন আৰু জাতি গঠন প্ৰক্ৰিয়াক ধংস কৰি পেলাব৷ বিধায়ক শ্বেৰমান আলিয়ে নিকৃষ্ট ৰাজনীতিৰ সকলো সীমা চেৰাই গৈ অসম আন্দোলনৰ শ্বহীদকো চূড়ান্ত অপমান কৰিবলৈ সাহস কৰিলে৷ এই ধৃষ্টতা কৃষক মুক্তিয়ে কেতিয়াও সহ্য নকৰে৷ আমি সকলো সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰীয়তাবাদী শক্তিক সকীয়াই দিওঁ যে ৮৫৫জন শ্বহীদৰ তেজৰ ৰক্তৰে ৰঞ্জিত অসমৰ অস্তিত্ব ৰক্ষা, অবৈধ বিদেশী আৰু দিল্লীৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে গঢ়ি উঠা ঐতিহাসিক অসম আন্দোলনক কোনো প্ৰকৃত অসমীয়াই অস্বীকাৰ কৰিব নোৱাৰে৷ ভবিষ্যতলৈ যাতে কোনো সাম্প্ৰদায়িক দল তথা ব্যক্তি আৰু ৰাষ্ট্ৰীয় শক্তি সমূহে অসমবাসীৰ জাতীয় আবেগক উপলুঙা কৰা অথবা আঙুলি উঠাবলৈ সাহস নকৰে তাৰবাবে শ্বেৰমান আলিৰ দৰে নিকৃষ্ট ব্যক্তি আৰু ৰাজনৈতিক শক্তিসমূহৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি থিয় দিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আহ৩ান জনায়৷ শীঘ্ৰেই বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছে৷

শ্বেৰমান মানসিক বিকাৰগ্ৰস্তঃ গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ

বিধায়ক শ্বেৰমান আলী মানসিক বিকাৰগ্ৰস্ত লোক বুলি আখ্যা দিলে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে৷ অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি জাতীয় শ্বহীদসকলক ঘাতক আখ্যা দি শ্বেৰমান আলীয়ে কৰা বিতৰ্কিত মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৱে বিধায়কজনৰ সন্দৰ্ভত এনে মন্তব্য আগবঢ়ায়৷ উচ্ছেদৰ প্ৰতিবাদৰ নামত হিন্দু-মুছলমানৰ লেতেৰা ৰাজনীতি কৰি অসমৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতি বিনষ্ট নকৰিবলৈ সকীয়াই দি সংগঠনটোৱে এনে সংকীৰ্ণ ৰাজনীতি গৰিয়া মৰিয়া দেশীসকলে কেতিয়াও সহ্য নকৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অসমীয়া জাতিৰ বাবে আত্মবলিদান দিয়া শ্বহীদসকলৰ সম্পৰ্কত কটূ মন্তব্য দিয়া শ্বেৰমান আলীৰ বিৰুদ্ধে কংগ্ৰেছে কোনো ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যতো আশ্চৰ্য প্ৰকাশ কৰি সংগঠনটোৱে শীঘ্ৰে বিধায়কজনক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ বাবে চৰকাৰলৈ দাবী জনায়৷ শ্বেৰমান আলীৰ বিৰূপ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৱে আজি অভয়াপুৰীত বিধায়কজনৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

অভয়াপুৰীত গৰিয়া-মৰিয়াই জ্বলালে শ্বেৰমানৰ পুত্তলিকা

বিধায়ক শ্বেৰমান আলীয়ে দৰং জিলাৰ গৰুখুটিৰ উচ্ছেদ কাণ্ডক লৈ অসমীয়াবিৰোধী মন্তব্য কৰাৰ প্ৰতিবাদত গৰীয়া মৰিয়া দেশী জাতি পৰিষদে অভয়াপুৰীত পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে৷ অভয়াপুৰী ৰাজ্যিক ঘাইপথত বিধায়কজনৰ পুত্তলিকা দাহ কৰি শ্বেৰমান আলী মূৰ্দাবাদ, অসমীয়াবিৰোধী হুঁচিয়াৰ, ধৰ্মীয় মেৰুকৰণৰ পৰা বিৰত থাকক আদি শ্লোগান দি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ এইক্ষেত্ৰত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক হাছিফুল ইছলামে কয়- অনুপ্ৰৱেশকাৰীক ৰক্ষণাৱেক্ষণ দিবলৈ যাওঁতে বিধায়ক শ্বেৰমান আলীয়ে জাতীয় শ্বহীদক অপমান কৰাটো কেতিয়াও সহ্য কৰা নহ’ব৷ কংগ্ৰেছে এইক্ষেত্ৰত কিয় শাস্তিমূলক ব্যৱস্থা ল’ব পৰা নাই৷ গতিকে স্পষ্ট কংগ্ৰেছ দল খিলঞ্জীয়াবিৰোধী৷ উচ্ছেদ হ’বই লাগিব বুলি উল্লেখ কৰি উচ্ছেদক গৰীয়া মৰিয়া দেশী জাতি পৰিষদে এশ শতাংশই সমৰ্থন কৰে বুলি উল্লেখ কৰে৷ এইক্ষেত্ৰত কংগ্ৰেছ, এ আই ইউ ডি এফ তথা একাংশ মুছলমান সংগঠনে উচ্ছেদৰ বিৰোধ কৰি হিন্দু-মুছলমানৰ নামত ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে বুলিও ইছলামে অভিযোগ তোলে৷

ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ

মিঞা মিউজিয়ামৰ মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই ৰাজ্যৰ ৰাজনীতি উত্তাল কৰা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে শ্বহীদক লৈ মন্তব্য কৰি বিতৰ্কৰ মাজত পুনৰ সোমাই পৰিছে৷ বিধায়কজনে শ্বহীদক লৈ কৰা মন্তব্যৰ বাবে আজি অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ তথা সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমণ্বয়ৰক্ষী পৰিষদৰ সম্পাদক চন্দ্ৰ কান্ত তালুকদাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ শ্বহীদ ভাতৃজনে আজি শ্বেৰমান আলীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে অসমৰ প্ৰতিজন লোককে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে, বাঘবৰ সমষ্টিৰ বিধায়কজনে অসম আন্দোলনৰ আঠজন শ্বহীদক ঘাতক বুলি আখ্যা দিয়াৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ তথা সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমণ্বয়ৰক্ষী পৰিষদৰ সম্পাদকজনে আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসম আন্দোলন হৈছিল অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে৷ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণআহুতি দিয়া শ্বহীদসকলক অপমান কৰিবলৈ শ্বেৰমান আলীৰ দৰে পাবত গজা তথাকথিত নেতা এজনে সাহস পালে কেনেকৈ বুলি প্ৰশ্ন কৰি চৰকাৰক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে৷ লগতে সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম জাতীয় শ্বহীদ সমণ্বয়ৰক্ষী সমিতিয়ে কাইলৈৰ পৰা ৰাজ্যজুৰি শ্বেৰমান আলীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও তেওঁ কয়৷