Logo
image

গুৱাহাটী বিঃবিদ্যালয়ৰ পঞ্জীয়ক, সচিবসহ ৪জনক মাৰাথন জেৰা

আমাৰ অসম, ১ অক্টোবৰঃ এ পি ডি চি এলৰ নিযুক্তি কেলেংকাৰি গোচৰ তদন্তত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুই শীৰ্ষ বিষয়াক জেৰা কৰে মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষে৷ চি এম ভিজিলেন্সৰ তদন্তকাৰী বিষয়াই বৃহস্পতিবাৰে কেইবাঘণ্টা ধৰি জেৰা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হেমন্ত কুমাৰ নাথ আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা মূল্যায়ন কোষৰ সমন্বয়ক তথা জ্যেষ্ঠ অধ্যাপক ড॰ দিলীপ বৰাক৷ দুয়োজন শীৰ্ষ বিষয়াক ভিজিলেন্সে জেৰা কৰাৰ পাছতেই বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এ পি ডি চি এলৰ পৰীক্ষা বিসংগতিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকা আয়োগে পৰীক্ষা উত্তৰবহী মূল্যায়ন প্ৰক্ৰিয়া তৃতীয় পক্ষৰ দ্বাৰা সম্পন্ন কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছতো গুৱাহাটী বিশ্ববিদ্যালয়ে এ পি ডি চি এলে পূৰ্বেতে নিয়োগ কৰা বিতৰ্কিত নেইকম এম্প্ৰেছনক পুনৰবাৰ দায়িত্ব দিয়াৰ সন্দৰ্ভত তদন্তকাৰী আৰক্ষীৰ প্ৰশ্নৰ সন্মুখীন হয় বিশ্ববিদ্যালয়ৰ দুই শীৰ্ষ বিষয়া৷ অৱশ্যে দুয়োজন বিষয়াই ‘নেইকম এম্প্ৰছন’ক মূল্যায়নৰ কামত নিয়োগ কৰাৰ সন্দৰ্ভত এ পি ডি চি এললৈ দোষ ঠেলি দায় সৰাৰ চেষ্টা চলায়৷ জেৰাৰ সন্মুখীন হোৱাৰ পাছত পৰীক্ষা মূল্যায়ন কোষৰ তত্ত্বাৱধায়ক ড॰ দিলীপ বৰাই এ পি ডি চি এল কতৃৰ্পক্ষই লিখিতভাৱে ‘নেইকম ইম্প্ৰেছন’ক অ’ এম আৰ শ্বীট মূল্যায়নত নিয়োগ কৰিব লাগিব বুলি জনোৱাৰ বাবেই বিশ্ববিদ্যালয়ে বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠানটোক দায়িত্ব দিয়া বুলি জানিবলৈ দিয়ে৷ স্বাভাৱিকতেই এ পি ডি চি এলৰ পৰীক্ষা পৰিচালনা ব’ৰ্ডে যদিহে পূৰ্বৰ প্ৰতিষ্ঠান নেইকমকে গুৱাহাটী বিশ্ববিদ্যালয়ক নিয়োগ কৰিবলৈ নিৰ্দেশ দিছিল, তেনেহ’লে ইয়াৰ আঁৰত যে গোপন অংক আছিল সেয়া স্পষ্ট হৈ পৰিছে৷ এই গোপন ৰহস্য উদ্‌ঘাটনৰ স্বাৰ্থতে বৃহস্পতিবাৰে দ্বিতীয় দিনৰ বাবে ভিজিলেন্সে এ পি ডি চি এলৰ পৰীক্ষা পৰিচালনা ব’ৰ্ডৰ অধ্যক্ষ সঞ্জয় কুমাৰ ভৌমিক আৰু সদস্য ডেইজিম হাজৰিকাক মাৰাথান জেৰা চলায়৷ অৱশ্যে এ পি ডি চি এলৰ এই দুই বিষয়াকো যাবলৈ দিয়ে যদিও কাইলৈ পুনৰ জেৰাৰ বাবে তলব কৰিছে৷  ইপিনে, তদন্তকাৰী আৰক্ষীৰ সূত্ৰই ব’ৰ্ডৰ অধ্যক্ষ তদানীন্তন মুখ্য মহাপ্ৰৱন্ধক সঞ্জয় কুমাৰ ভৌমিকৰ গ্ৰেপ্তাৰ আসন্ন বুলিও ইংগিত দিছে৷ আনহাতে, বৃহস্পতিবাৰে চাৰিওজন বিষয়াকে অভিযুক্তৰ সৈতে একেলগে জেৰা কৰাৰ পাছত বিয়লি ধৃত অ’ এছ ডি দীপাংকৰ দিহিঙীয়াক লগত লৈ ভিজিলেন্সে বিজুলী ভৱনত দ্বিতীয়বাৰলৈ তালাচী চলায়৷ কাইলৈ ৫ দিনৰ জিম্মাৰ ম্যাদ অন্ত পৰিব ধৃত ১১জন বিষয়া-কৰ্মচাৰীৰ৷