Logo
image

এই উচ্ছেদ অসাংবিধানিক

গৰুখুটি ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা বৃন্দা কাৰাটৰ

আমাৰ অসম, ১ অক্টোবৰঃ দৰং জিলাৰ ধলপুৰৰ উচ্ছেদ অমানৱীয়, অসাংবিধানিক, আইন বিৰুদ্ধ৷ –এই ভাষ্য প্ৰাক্তন সাংসদ [ৰাজ্য সভা], চি পি আই [এম]ৰ পলিটব্যুৰ’ৰ সদস্য বৃন্দা কাৰাটৰ৷ বৃহস্পতিবাৰ গুৱাহাটীৰ হেদায়েৎপুৰস্থিত চি পি আই [এম] ৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় ‘আমি ৰ, ২ আৰু ৩ নং ধলপুৰলৈ বুধবাৰে গৈ অসংখ্য উচ্ছেদিত লোকক সাক্ষাৎ কৰোঁ৷ আমি যি প্ৰত্যক্ষ কৰিলো সেয়া অতি ভয়ংকৰ৷ এনে লাগিল যেন অসমৰ এই অঞ্চলটোত সংবিধান, আইন-কানুন সকলোবোৰ নাইকিয়া হৈ পৰিছে৷ অস্ত্ৰধাৰী পুলিচৰ দ্বাৰা প্ৰায় সহস্ৰাধিক দুখীয়া কৃষক পৰিয়ালক উচ্ছেদ কৰা হ’ল৷ এই কৃষকসকলে বিগত ৫০ বছৰৰো অধিক কাল ধৰি এই মাটিতে কৃষি কৰ্ম চলাই আহিছিল৷ তেওঁলোকৰ কঠিন শ্ৰমে এই ভূমি কৃষিযোগ্য ভূমিত পৰিণত কৰিলে আৰু কৃষিকৰ্মৰ মাজেৰেই শাক-পাচলি, ধান আৰু অন্যান্য সামগ্ৰী উৎপাদন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে৷ তেওঁলোকৰ দখলিস্বত্ব প্ৰমাণ কৰিবলৈ তেওঁলোকৰ হাতত ন্যায্য কাগজ-পত্ৰও আছে৷ আনকি কিছু পৰিয়ালৰ মালিকীস্বত্বও আছে৷ আমি অনুষ্ঠিত কৰা ৰাজহুৱা শুনানিত মই নিজে তেনে কাগজ-পত্ৰ প্ৰত্যক্ষ কৰিছো৷ যদি চৰকাৰৰ দাবী অনুসৰি এই ভূমিত বেদখল হোৱাৰ কথাটো আপাততঃ মানিও লোৱা যায় তথাপি চৰকাৰে জৰীপ কৰি এনে বাদ-বিবাদ নিষ্পত্তি কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে৷ সবাতোকৈ আচৰিত কথাটো হ’ল এই লোকসকলক ১২ ঘণ্টাতকৈয়ো ক’ম সময়ত উচ্ছেদৰ জাননী দিয়া হ’ল৷ এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বেআইনী আৰু অমানৱীয়৷  পুনৰ সংস্থাপনৰ বাবে কোনো পৰিকল্পনা কৰা হোৱা নাই আৰু ভূমি আবণ্টনৰো কোনো প্ৰস্তাৱ পৰিলক্ষিত নহ’ল৷ চলিত মাহৰ ২৩ ছেপ্টেম্বৰৰ পৰা কোনো চৰকাৰী বিষয়াই এই লোকসকলৰ ওচৰলৈ যোৱা নাই৷ ইয়াৰ বিপৰীতে অঞ্চলটোত আমি বহু পুলিচ আবেষ্টনী দেখিবলৈ পাওঁ৷ এয়া এক ধৰণৰ ভয়-ভাবুকিত বাহিৰে আন একো নহয়৷ চৰকাৰী ট্ৰেক্টৰৰ দ্বাৰা মাটি চহাই মাটিত গুটি ছটিওৱাটো আমি প্ৰত্যক্ষ কৰিলোঁ৷ লোকসকলৰ বাদ-বিবাদ নিষ্পত্তি নকৰাকৈ বে-আইনীভাৱে চৰকাৰে ভূমি দখল কৰাত লিপ্ত হৈছে৷ তদুপৰি ২৩ ছেপ্টেম্বৰৰ দিনা প্ৰশাসন আৰু পুলিচৰ ভূমিকা দখলদাৰী শক্তিতকৈয়ো বেয়া আছিল৷ আমাক জনোৱা অনুসৰি লোকসকলে আৰু কিছু সময় বিচাৰিছিল৷ মহিলা আৰু শিশুসকল বিৰাট পুলিচ বাহিনী দেখি সন্ত্ৰস্ত হৈ উঠিছিল৷ কিন্তু তেওঁলোকক কোনো সময় দিয়া নহ’ল৷ তেওঁলোকৰ যি সৰু-সুৰা ঘৰ আছিল সেয়া ধবংস কৰা হ’ল৷ তেওঁলোকৰ যি সামান্য সম্পত্তি আছিল সেয়া ধূলিসাৎ কৰি দিয়া হ’ল৷ পুলিচে গুলীচালনা কৰি দুজন লোকক নিহত কৰে৷ আমি পুলিচৰ গুলীত নিহত দুই লোকৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে বহু আহত লোকক সাক্ষাৎ কৰিলোঁ৷ পুলিচৰ সন্মুখতে প্ৰশাসনৰ দ্বাৰা নিয়োজিত এগৰাকী ফটোগ্ৰাফাৰে মৃতপ্ৰায় হৈ নি(ল হৈ পৰি থকা এগৰাকী লোকৰ ওপৰত যি পৈশাচিক বৰ্বৰ কাম কৰিলে সিয়ে সকলোকে লজ্জানত কৰিলে৷ এই ফটোগ্ৰাফাৰজনে নিশ্চল দেহৰ ওপৰত বাৰে বাৰে জঁপিয়াই বৰ্বৰ কাৰ্য পুলিচৰ সন্মুখতে সংঘটিত কৰিলে আৰু পুলিচ নিৰ্বাক হৈ থিয় দি থাকিল৷ এনে ঘটনা হোৱাৰ পাছতো এজনো পুলিচকৰ্মীৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ নকৰাটো এক অভূতপূৰ্ব ঘটনা৷  উচ্ছেদিত লোকসকলৰ অৱস্থা যুদ্ধক্ষেত্ৰৰ কয়েদীতকৈয়ো শোচনীয়৷ তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে এটা টকাও দিয়া হোৱা নাই৷ বহু মহিলা আৰু শিশুৱে কান্দি কান্দি আমাৰ সন্মুখত তেওঁলোকৰ চৰম দুৰ্দশাৰ কথা বৰ্ণনা কৰে৷ খোৱাপানী, শৌচাগাৰ, মূৰৰ ওপৰৰ এখন চালি, খাদ্য, ঔষধ-পাতি অবিহনে চৰম যন্ত্ৰণাত এওঁলোকে থাকিবলগীয়া হৈছে৷ সকলো পৰিয়ালতে ৰোগীয়া শিশু আৰু মহিলা আছে৷ চৰকাৰেই এনে বৰ্ণনাতীত অৱস্থাৰ বাবে দায়ী৷ আমি দেখিবলৈ পালো যে ওচৰৰ বিদ্যালয়ত শিক্ষাদান আৰম্ভ হৈছে কিন্তু এই উচ্ছেদিত পৰিয়ালৰ শিশুসকল স্কুললৈ যাব পৰা নাই৷ আমি এয়া দেখিলো যে অঞ্চলটোৰ সকলোবোৰ পথ প্ৰশাসনে বন্ধ কৰি ৰাখিছে ফলত আনকি চিকিৎসা সেৱাৰ বাবেও যথেষ্ট আহুকালৰ সৃষ্টি হৈছে৷  আমি চাৰিটাকৈ মছজিদ ভাঙি পেলোৱা প্ৰত্যক্ষ কৰিলো৷ ইয়াৰে অন্ততঃ এটা মছজিদ; লাই দিয়া হৈছে৷ কেইবাটাও কবৰস্থান খান্দি পেলাই ধবংস কৰা হৈছে৷ বহু শিশোৱে পঢ়া-শুনা কৰা এটা মাদ্ৰাছাও ভাঙি পেলোৱা হৈছে৷ চৰকাৰে ঘোষণা কৰিছে যে এই ভূমি কৃষি পামলৈ ৰূপান্তৰিত কৰা হ’ব আৰু ইয়াত ‘খিলঞ্জীয়া’ লোকক নিয়োগ কৰা হ’ব৷ চৰকাৰৰ এই ঘোষণাও বৰ আচহুৱা৷ অঞ্চলটোত ইতিমধ্যেই কৃষি কৰ্ম-কাণ্ড চলি আছে৷ ইয়াৰ দ্বাৰা কেৱল স্থানীয় লোকৰেই নহয়, গুৱাহাটী চহৰৰ পাচলি বজাৰৰ চাহিদাও ই পূৰণ কৰি আহিছে৷ অঞ্চলটোত উচ্ছেদ কাৰ্য নকৰাকৈয়ো চৰকাৰী কৃষি পাম গঢ়ি তোলাৰ বাবে যথেষ্ট ভূমি আছে৷ চৰকাৰে এই পথ কিয় গ্ৰহণ কৰা নাই?  দুৰ্ভাগ্যজনকভাৱে আমি পালো যে সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰ হৰণ কৰাৰ সংকীৰ্ণ ৰাজনৈতিক কৰ্মসূচীৰ বাবেই চৰকাৰে এনে পন্থা অৱলম্বন কৰিছে৷ চৰকাৰে লোকসকল ভাৰতীয় নাগৰিক বুলি জানি-শুনিও এনে কাম হাতত লৈছে৷ অৰ্থাৎ অসমৰ এই অঞ্চলটোত মুছলিম হোৱা বাবেই ভাৰতীয় নাগৰিকৰ অধিকাৰ হৰণ কৰা হৈছে৷  এই পৰিস্থিতি মানৱ অধিকাৰৰ স্পষ্ট উলংঘন৷ এয়া সংবিধানৰ ওপৰত আক্ৰমণ৷ উচ্ছেদ, পুনৰসংস্থাপন সম্পৰ্কীয় আইনৰ উলংঘন৷ আমি চৰকাৰৰ ওচৰত দাবী জনাও যে যথাযথ জৰীপ আৰু দাবীসমূহ নিষ্পত্তি নকৰাকৈ আৰম্ভ কৰা সকলো ধৰণৰ উচ্ছেদ আৰু ভূমিৰ বলপূৰ্বক দখল অনতিপলমে বন্ধ কৰক৷ সেই সময়লৈ সকলো পৰিয়ালকে তেওঁলোকৰ ভূমিলৈ উভতি যোৱাৰ অনুমতিপ্ৰদান কৰক, নিহত আৰু আহতসকলৰ পৰিয়ালৰ প্ৰতি উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক, জীৱিকা আৰু সম্পত্তি হেৰুওৱা লোকসকলৰ প্ৰতিও ক্ষতিপূৰণ আগবঢ়াওক৷ উচ্ছেদিত লোকসকলক শীঘ্ৰে সাহায্য প্ৰদান কৰক৷ খাদ্য, খোৱাপানী, অস্থায়ী শৌচাগাৰ, বাসস্থান আদিৰ ব্যৱস্থা কৰক, লোকক গুলীয়াই মৰাত জড়িত পুলিচকৰ্মীৰ বিৰুদ্ধে আৰু ফটোগ্ৰাফাৰজনৰ বৰ্বৰ কামৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক৷ এই ধৰণৰ ঘটনা কেৱল অসমৰ বাবে নহয় সমগ্ৰ দেশৰ বাবে চিন্তাৰ কাৰণ৷ বিজেপি চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে৷ কেৱল সংখ্যালঘু হোৱা বাবে তেওঁলোকৰ ওপৰত আমনৱীয় অত্যাচাৰ চলোৱা হৈছে৷ বিজেপিয়ে আমাৰ দেশত গণতন্ত্ৰ নাই বুলি এটা বাৰ্তা দিব বিচাৰিছে৷  গুজৰাটৰ দৰে অসমখন কৰিব বিচাৰিছে৷ তেওঁলোকৰ বাবে ভোট জৰুৰী, মানৱীয়তা জৰুৰী নহয়৷ আনহাতে কানহাইয়া কুমাৰে কংগ্ৰেছত যোগদান কৰা সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় ‘ কানহাইয়া কুমাৰে ক’ত যোগদান কৰে, নকৰে সেয়া তেওঁৰ ব্যক্তিগত কথা৷ কিন্তু বাওঁদল সদায় বিজেপি, আৰ এছ এছৰ ভুল নীতিৰ বিৰুদ্ধে সদায় শক্তিশালী হৈ থাকিব৷ প্ৰতিনিধি দলটোত মোৰ লগত চি পি আই [এম]ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰ, বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু অন্যান্য নেতৃবৃন্দ আছিল৷ তেওঁ লগতে বুধবাৰে ধলপুৰ, গৰুখুটি ভ্ৰমণ কালত দেখা বাস্তৱ ছবিখন সম্পৰ্কে এখন পত্ৰ লিখি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে৷ সংবাদ মেলত চি পি আই [এম] অসম ৰাজ্যিক কমিটিৰ সম্পাদক দেবেন ভট্টাচাৰ্যৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে৷