Logo
image

চিনেমা হললৈ যাওক

আমাৰ অসম, ২ অক্টোবৰঃ শুকুৰবাৰৰে পৰা ৰাজ্যত কাৰ্যকৰী হ’ল ক’ভিডৰ নতুন এছ অ’ পি৷ ক’ভিডৰ সংক্ৰমণ সামান্য হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিততে সমাগত দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড বাধা নিষেধাজ্ঞা বহুখিনি শিথিল কৰি দিছে৷ শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজহুৱা কৰা নতুন এছ অ’ পি অনুসৰি ৰাজ্যত বাহাল থকা সান্ধ্য আইন পুনৰ অতিৰিক্ত এঘণ্টাৰ বাবে শিথিল কৰি দিয়া হৈছে৷ অৰ্থাৎ এতিয়াৰে পৰা নিশা ১০ বজাৰ পৰা পিছদিনা পুৱা ৫বজালৈ বলৱৎ থাকিব সান্ধ্য আইন৷ ইয়াৰ পূৰ্বে নিশা ৯বজাৰ পৰাই কাৰ্যকৰী হৈছিল সান্ধ্য আইন৷ আনহাতে এতিয়াৰে পৰা নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব ব্যৱসায়-বাণিজ্য তথা বিভিন্ন কাৰ্যালয়৷ প্ৰাৰ ডেৰ বছৰৰ অন্তত চিনেমা হল মুকলিৰ অনুমতি প্ৰদান কৰিছে৷ ৫০শতাংশ আসনেৰে দুয়োপালি ক’ভিড ভেকচিন লোৱা দৰ্শকৰ উপস্থিতিত ছবি প্ৰদৰ্শন কৰিব পাৰিব মালিক পক্ষই৷ দৰ্শনাৰ্থীয়ে ভেকচিন লোৱা বিষয়টো চিনেমা হলৰ মালিকপক্ষই নিশ্চিত কৰিব লাগিব বুলি স্বাস্থ্যমন্ত্ৰী মহন্তই স্পষ্ট কৰি দিছে৷ উল্লেখ্য, চিনেমা হ’ল খোলাৰ দাবীত ছবিগৃহৰ কৰ্মচাৰীসকলে আন্দোলন কাৰ্যসূচীও হাতত লৈছিল৷ অৱশ্যে চিনেমা হল খোলাৰ অনুমতি দিলেও ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শনৰ সন্দৰ্ভত কোনো অনুমতি প্ৰদান কৰা নাই চৰকাৰে৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে থিয়েটাৰৰে জড়িত সকলো পক্ষৰ সৈতে আলোচনা চলাই আছে আৰু এই বিষয়ত মুখ্যমন্ত্ৰীয়ে শীৰ্ষ সিদ্ধান্ত ৰাজহুৱা কৰিব বুলিও স্বাস্থ্যমন্ত্ৰীয়ে সদৰী কৰিছে৷ লক্ষণীয়ভাৱে এইবাৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক গোষ্ঠীয়ে নাট্যাৰম্ভৰ আখৰা প্ৰায় সম্পূৰ্ণ কৰিছে৷ অৱশ্যে, স্থায়ী প্ৰেক্ষাগৃহত ৫০ শতাংশ আসনৰ দৰ্শক আৰু ক’ভিড প্ৰট’কল মানি নাট প্ৰদৰ্শন কৰিব পাৰিব৷ এইক্ষেত্ৰত শিল্পী, কলা-কুশলী আৰু দৰ্শক সকলোৰে বাবে দুয়োপালি ভেকচিন বাধ্যতামূলক হ’ব৷ নতুন এছ অ’ পি অনুসৰি মুকলি স্থানত আয়োজিত সভা-সমিতিসমূহত দুয়োপালি ভেকচিন লোৱা সৰ্বাধিক ৫০জন লোকে ভাগ ল’ব পাৰিব৷ অৱশ্যে জিলা প্ৰশাসনৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি, অনুষ্ঠানৰ লগতে বিবাহ অভ্যৰ্থনাত সৰ্বাধিক ২০০লোকে অংশ গ্ৰহণ কৰিব পাৰিব৷ আনহাতে ধৰ্মীয় উপাসনাস্থলী কামাখ্যা, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদিত প্ৰতি ঘণ্টাত দুয়োপালি প্ৰতিষেধক লোৱা সৰ্বাধিক ৬০জন ভক্ত-দৰ্শনাৰ্থীয়ে প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে৷ আন ধৰ্মীয় স্থানসমূহ দৰ্শনৰ ক্ষেত্ৰত প্ৰতি ঘণ্টাত ৪০ জনকৈ লোকক অনুমতি প্ৰদান কৰিছে৷

মাজুলীত স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ বুজ ল’লে কেশৱ মহন্তই

ধেমাজিত হোৱা ৰাজ্যিক কেবিনেটত অংশগ্ৰহণ কৰি আজি মাজুলীত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মাজুলীৰ আয়ুৰ্বেদিক চিকিৎসালয়খন পৰিদৰ্শন কৰে৷ পৰিদৰ্শনকালত স্বাস্থ্যমন্ত্ৰীয়ে হাস্পতালখনৰ আন্তঃগাঁথনি নিৰীক্ষণ কৰিবলৈ এটা বিশেষজ্ঞ দল অচিৰেই প্ৰেৰণ কৰিব বুল প্ৰকাশ কৰে৷ কমলাবাৰী সামূহিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনক ৩০ৰ পৰা ৫০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হ’ব বুলি ঘোষণা কৰে৷ ইয়াৰ উপৰিও আউনীআটী পথত নিৰ্মীয়মান প্লেনেটেৰিয়াম পৰিদৰ্শন কৰাৰ উপৰিও জিলা অসামৰিক চিকিৎসালয়, গোপালপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্প পৰিদৰ্শন কৰে৷ মন্ত্ৰীজনে অত্যাধুনিক সুবিধাৰে মাজুলীত এখন চিকিৎসালয় স্থাপনৰো আশ্বাস দিয়ে৷ স্বাস্থ্যমন্ত্ৰী মহন্তই শুকুৰবাৰে অসমৰ ক’ভিড পৰিস্থিতিৰ উন্নয়ন ঘটাত নতুন এচ অ’ পি ঘোষণা কৰে৷