Logo
image

ক’ভিডৰ গ্ৰাসত যোৰহাট মেডিকেল

আমাৰ অসম, ২ অক্টোবৰঃ ভেকচিন গ্ৰহণ কৰা সত্ত্বেও যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কেইবাজনো চিকিৎসক-কৰ্মচাৰীৰ লগতে বহুসংখ্যক শিক্ষাৰ্থী ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি ক’ভিডত আক্ৰান্ত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ এজন জ্যেষ্ঠ চিকিৎসক আৰু কেইবাজনো কৰ্মচাৰীৰ লগতে ১০জন শিক্ষাৰ্থী চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ আন একাধিক চিকিৎসক, কৰ্মচাৰী যোৱা কেইদিনৰ ভিতৰত সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱা বুলি জানিব পৰা গৈছে৷ চিকিৎসা মহাবিদ্যালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, দুদিনৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ সাতজন ইণ্টাৰ্নী, তিনিজন স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থী আৰু পঞ্চম তথা ষষ্ঠ ষান্মাসিকৰ বহুকেইজন শিক্ষাৰ্থীৰ ক’ভিড পজিটিভ পোৱা যায়৷ এনেদৰে বহুসংখ্যক চিকিৎসক, কৰ্মচাৰী আৰু শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হোৱাত চিকিৎসা মহাবিদ্যালয়খনৰ কতৃৰ্পক্ষ বিমোৰত পৰিছে৷ অৱশ্যে এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়খনৰ কতৃৰ্পক্ষই বিশেষ তথ্য সদৰী কৰিব খোজা নাই৷ চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰে প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে ১০জন শিক্ষাৰ্থীৰ ক’ভিড পজিটিভ হোৱাৰ বিষয়ে তেওঁ জ্ঞাত৷ চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ পাঠদান আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ সময়তে এনেদৰে শিক্ষাৰ্থীসকল ক’ভিডত আক্ৰান্ত হোৱাত তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে৷ বহু কেইজন শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হোৱাত চিকিৎসা মহাবিদ্যালয়খনৰ অফলাইন ক্লাছ বাতিল কৰা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ অৱশ্যে এই ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়ৰ সূত্ৰই স্পষ্টভাৱে কোনো তথ্য প্ৰকাশ কৰাৰ বিপৰীতে সম্প্ৰতি অনলাইন ক্লাছ হৈ থকা বুলি জানিবলৈ দিয়ে৷

যোৰহাটত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যাঃ ভাৰতত ক’ভিডৰ তৃতীয় ঢৌৰ আশংকা কৰাৰ সময়তে যোৰহাটত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ বৃহস্পতিবাৰে জিলাখনত ৫৩জন লোক ক’ভিডত আক্ৰান্ত হয়৷ আক্ৰান্তৰ হাৰ ২.৪০শতাংশ৷ উল্লেখ্য, ছেপ্টেম্বৰ মাহত জিলাখনত মুঠ ১,১২৮জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৪জন লোকৰ মৃত্যু হয়৷ অৱশ্যে ছেপ্টেম্বৰ মাহৰ আৰম্ভণিত জিলাখনত ৩৯১জন ক’ভিড সক্ৰিয় ৰোগী আছিল যদিও মাহটোৰ শেষত এই সংখ্যা ৩৩৯জনলৈ হ্ৰাস পায়৷ সেয়ে হ’লেও মাহটোৰ শেষৰ দিনকেইটাত আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাটো উদ্বেগৰ কাৰণ হৈ পৰিছে৷