Logo
image

মোৰ অজ্ঞাতে সচিবে খেলিমেলি কৰিলে

আমাৰ অসম, ২ অক্টোবৰঃ ৰাজ্য জোকাৰি যোৱা এপিডিচিএলৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰিৰ তদন্ত কৰি থকা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিছো৷ কিয়নো মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে পৰীক্ষাৰ কেলেংকাৰি সন্দৰ্ভত বিশ্ববিদ্যালয়লৈ আহি তেওঁক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰাৰ পাছতহে মই কেলেংকাৰি সন্দৰ্ভত অৱগত হওঁ৷ অথচ পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গঠন কৰা সাতজনীয়া কমিটীখনৰ তেওঁ অধ্যক্ষ আছিল৷ এই কথা সদৰী কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ প্ৰতাপজ্যোতি সন্দিকৈয়ে৷ শুকুৰবাৰে বিয়লি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই কথা সদৰী কৰে উপাচাৰ্য ড॰ সন্দিকৈয়ে৷ ড॰ সন্দিকৈয়ে সংবাদ মেলত কয় বিগত ফেব্ৰুৱাৰী মাহতে অসম চৰকাৰে এপিডিচিএলৰ হৈ যোৱা নিযুক্তি পৰীক্ষাৰ বহী মূল্যায়নৰ বাবে বিশ্ববিদ্যালয় কতৃৰ্পক্ষক অনুৰোধ জনাইছিল৷ সেই অনুসৰি কেইবাটাও যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত এপিডিচিএল আৰু বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ মাজত পৰীক্ষাৰ বহী মূল্যায়ন কৰা সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও [এমঅ’ইউ] স্বাক্ষৰিত হয়৷ তাৰ পূৰ্বে তেওঁক অধ্যক্ষ, বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড॰ দিলীপ বৰাক কো-অৰ্ডিনেটৰ, মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক, দুজন অধ্যাপকসহ মুঠ সাতজনীয়া কমিটী এখন গঠন কৰা হৈছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্ত কৰিবলৈ আহি তেওঁক সাক্ষাৎ কৰাৰ পাছতহে গম পাই যে তেওঁক অৱগত নকৰাকৈয়ে তলে তলে কি ঘটনা ঘটি আছে৷ পূৰ্বতে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা নেইমক নামৰ প্ৰতিষ্ঠানটোক তেওঁৰ অজ্ঞাতে বহী মূল্যায়নৰ দায়িত্ব দিয়া হৈছিল৷ এই সন্দৰ্ভত কো-অৰ্ডিনেটৰ হিচাপে ড॰ দিলীপ বৰাই তেওঁক অৱগত নকৰিলে৷ যাৰ বাবে তেওঁক পৰীক্ষাকে ধৰি বিশ্ববিদ্যালয়ৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কিন্তু তাৰ পূৰ্বেই ২৭ ছেপ্টেম্বৰত ড॰ বৰাই নিজে অব্যাহতি লোৱাৰ পত্ৰ প্ৰেৰণ কৰে৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ড॰ বৰাৰ লগতে এম অ’ ইউত স্বাক্ষৰ কৰা হিচাপে পঞ্জীয়ক ড॰ হেমন্ত কুমাৰ নাথকো সাক্ষী হিচাপে তলব কৰি তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিছে৷ তেনেদৰে সাক্ষী হিচাপে বিশ্ববিদ্যালয়ৰ ইষ্টেট অফিচাৰ হিমাংশু দাসৰো সাক্ষ্য গ্ৰহণ কৰিছে তদাৰকী কোষে৷ তদাৰকী কোষে দোষী সাব্যস্ত কৰা বিশ্ববিদ্যালয়ৰ অস্থায়ী কৰ্মচাৰী শশাংক শইকীয়াক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে৷ তেনেদৰে বাহিৰৰ পৰা অহা আৰু বিশ্ববিদ্যালয়ৰ নিৰাপত্তা বিষয়া বেবিলন কাকতি আৰু পৰীক্ষা অনুষ্ঠিত কৰা প্ৰতিষ্ঠানৰ কৰ্মচাৰী ত্ৰিদীপ শৰ্মাকো বিশ্ববিদ্যালয়ত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ আনকি আজিৰ পৰা বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ দায়িত্ব আন নিৰাপত্তা গোটক অৰ্পণ কৰা হৈছে৷ তদাৰকী কোষ তদন্তৰ বাবে বিশ্ববিদ্যালয়লৈ আহি তেওঁক সাক্ষাৎ নকৰা হ’লে আজিও তেওঁ হয়তো গমেই নাপালেহেঁতেন এই কেলেংকাৰিৰ বিষয়ে৷ কিন্তু বিষয়টোৱে তেওঁক যথেষ্ট দুখ দিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁক ফোন কৰি গোটেই ঘটনাটোৰ বুজ লৈছে৷ তেওঁৰ ফালৰ পৰা সকলো সহায় কৰা হ’ব বুলি মুখ্যমন্ত্ৰীক অৱগত কৰিছে৷ আনহাতে, বিশ্ববিদ্যালয়খনৰ সুনাম অক্ষুন্ন ৰখাৰ স্বাৰ্থত যিকোনো মূল্যৰ বিনিময়ত এপিডিচিএলৰ পৰীক্ষাৰ বহী মূল্যায়নৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ উচিত তদন্ত আৰু দোষীক বিচাৰি উলিয়াই শাস্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে তদাৰকী কোষক তেওঁ আহ্বান জনাইছে বুলি ড॰ প্ৰতাপজ্যোতি সন্দিকৈয়ে সংবাদ মেলত সদৰী কৰে৷