Logo
image

উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰী-মাৰ্চত

আমাৰ অসম, ২ অক্টোবৰঃ ক’ভিডৰ বাবে শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাত পাঠদানত জটিলতা জটিলতা সৃষ্টি হোৱাৰ মাজতে ২০২২ বৰ্ষৰ উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে শিক্ষা সংসদ৷ প্ৰায় ডেৰ বছৰৰ মূৰত শেহতীয়াকৈ দ্বাদশ শ্ৰেণীৰ অফলাইন পাঠদান আৰম্ভ হৈছে৷ ক’ভিডৰ বাবে শিক্ষা বৰ্ষৰ সময়সূচীও পিছুৱাবলৈ বাধ্য হ’ল ৰাজ্য চৰকাৰ৷ ক’ভিডৰ সংহাৰৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষত উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল যদিও বিকল্প মূল্যায়ন পদ্ধতিৰে অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফল ঘোষণা কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু এইবাৰ ক’ভিডৰ তৃতীয় ঢৌ আহিলেও উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈছে কতৃৰ্পক্ষ৷ সেই অনুসৰি শুকুৰবাৰে অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে এটা নিৰ্দেশনাযোগে ২০২২ বৰ্ষৰ উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰী-মাৰ্চ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত পহিলা নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ সময়সূচী ঘোষণা কৰিছে৷