Logo
image

বিশ্ববিদ্যালয়লৈ অংগুষ্ঠ আইডল-কাণ্ডৰ খলনায়কৰ

আমাৰ অসম, ২ অক্টোবৰঃ ৰাজ্যৰ শিক্ষা জগতখনক কঁপাই যোৱা গুৱাাটী বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা প্ৰতিষ্ঠান চমুকৈ আইডলৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত হিচাপে দুখনকৈ তদন্ত কমিটীয়ে চিহ্নিত কৰা ড॰ কন্দৰ্প দাসে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ জাননীক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে৷ এই কথা খোদ স্বীকাৰ কৰিছে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড॰ প্ৰতাপজ্যোতি সন্দিকৈয়ে৷ শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে উপাচাৰ্য ড॰ প্ৰতাপজ্যোতি গগৈয়ে৷ সংবাদ মাধ্যমক উপাচাৰ্য সন্দিকৈয়ে কয় আইডল কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত গঠন কৰা ন্যায়ধীশ আফটাব হুছেইন শইকীয়া আয়োগ আৰু আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্যক লৈ গঠন কৰা তদন্ত কমিটীয়ে দিয়া প্ৰতিবেদনৰ ওপৰত বিশদ আলোচনাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছিল৷ বৈঠকত দুখনকৈ আয়োগ তদন্ত কমিটীয়ে তেওঁক দোষী সাব্যস্ত কৰা সন্দৰ্ভত কৈফিয়ৎ বিচাৰি দহ দিনৰ ভিতৰত তাৰ উত্তৰ দিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল৷ কিন্তু ৩০ ছেপ্টেম্বৰত সেই দহ দিনৰ সময়সীমা উকলি যায়৷ তৎসত্বেও ড॰ কন্দৰ্প দাসে সেই জাননীৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে৷ নিয়ম মতে এনে জাননীৰ উত্তৰ দিবলৈ সৰ্বাধিক সাত দিনৰ সময় সীমা দিয়া হয়৷ কিন্তু ড॰ কন্দৰ্প দাসক অধিক সময় দিয়া সত্বেও তেওঁ জাননীৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে৷ তেওঁৰ বিৰুদ্ধে পৰৱৰ্তী কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই সন্দৰ্ভত পুনৰ আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ বাবে অহা ৫ বা ৬ অক্টোবৰত পুনৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত কৰা হ’ব৷ কিন্তু ড॰ দাসৰ ভুলৰ বাবে বলি হোৱা কেবা হাজাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ যাতে নষ্ট নহয় তাৰ বাবে আমি বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু ৰাজ্য চৰকাৰক অনুৰোধ জনাইছো৷ এই সন্দৰ্ভত বিগত সময়ছোৱাত বিশ্ববিদ্যালয় অনুদান আয়োগক কেবাখনো পত্ৰ প্ৰেৰণ কৰা হৈছিল৷ কিন্তু আয়োগে বিশেষ সঁহাৰি নজনোৱা বাবে আগন্তুক দুৰ্গাপূজাৰ বন্ধ খোলাৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা সঁজাতি দল ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষৎ আৰু ডিগ্ৰী বাহাল ৰখাৰ স্বাৰ্থত আয়োগৰ নতুন দিল্লীস্থ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব৷ কিয়নো ড॰ কন্দৰ্প দাসৰ ভুলৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি হোৱাটো আমি নিবিচাৰো৷ ২০১৯ চনৰ আগষ্ট মাহত উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে আইডল কেলেংকাৰীৰ বিষয়ে জ্ঞাত হৈ ইয়াৰ নিৰপেক্ষ তদন্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক চুপাৰিশ কৰিছিলো৷ পৰৱৰ্তী সময়ত ক’ভিড-১৯ৰ বাবে দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ বাবে ড॰ কন্দৰ্প দাসৰ বিৰুদ্ধে গ্ৰহণ কৰা তদন্ত  কাৰ্যব্যৱস্থা গ্ৰহণত কিছু যতি পৰিছিল৷ কিন্তু এতিয়া সকলো আইন অনুসৰি হয় হ’ব আৰু দোষীয়ে শান্তি পাবই৷ আনহাতে হিন্দী বিভাগৰ অমিত পাণ্ডে নামৰ সহকাৰী অধ্যাপকজনৰ বিৰুদ্ধে ছাত্ৰীক অশ্লীল বাক্যবান, যৌন নিৰ্যাতনৰ চেষ্টাৰ বিষয়ে অৱগত হৈ ২০ আগষ্ট আৰু ৫ ছেপ্টেম্বৰত তেওঁক দুখনকৈ পত্ৰ প্ৰেৰণ কৰি অভিযোগৰ উত্তৰ দিবলৈ ১০ দিনৰ সময়সীমা দিয়া হৈছিল৷ কিন্তু দুখনকৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতো উত্তৰ নিদিয়াত আৰু হিন্দী বিভাগৰ ফালৰ পৰাও তেওঁৰ বিৰুদ্ধে অভিযোগৰ সভ্যতা সন্দৰ্ভত নিশ্চিত পত্ৰ অহাত ২৮ ছেপ্টেম্বৰত তেওঁক নিলম্বন কৰা হয়৷ বৰ্তমান আমি আৰক্ষীৰ ওচৰত তেওঁৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছো৷ অৱশ্যে তেওঁ এজনী কণমাণি কন্যা আৰু পত্নীৰ সৈতে আৱাসত থকা বাবে মানবীয়তাৰ খাতিৰত আৱাসৰ পৰা বহিষ্কাৰ কৰা নাই৷ ইফালে অসমীয়া বিভাগৰ অধ্যাপক ড॰ প্ৰফুল্ল কুমাৰ নাথৰ বিৰুদ্ধে বঙাল-বঙালনী নাট সন্দৰ্ভত ড॰ জ্যোতিৰ্ময় জানাই বিশ্ববিদ্যালয় কতৃৰ্পক্ষক পত্ৰ প্ৰেৰণ কৰি ড॰ নাথৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনোৱাৰ বিষয়ে সাংবাদিকক সদৰি কৰে উপাচাৰ্য ড॰ প্ৰতাপজ্যোতি সন্দিকৈয়ে৷