Logo
image

৮ শ্ৰমিকক ৰক্তাক্ত কৰিও মুক্ত কোন এই সুৰামত্ত ৰাজকন্যা

আমাৰ অসম, ৪ অক্টোবৰঃ আঠজনকৈ শ্ৰমিকক গাড়ীৰে মহটিয়াই তেওঁলোকৰ দেহ ৰক্তাক্ত কৰাৰ কেইঘণ্টামানৰ ভিতৰতে জামিন লাভ কৰিলে অভিজাত মডেল ৰাজকন্যা বৰুৱাই৷ অভিযোগ মতে, সুৰাৰ ৰাগীত মাতাল হৈ মাজনিশা গুৱাহাটীৰ ৰাজপথত তাণ্ডৱ চলোৱা যুৱতীগৰাকীয়ে আৰক্ষীৰ দুৰ্বলতা আৰু দুৰ্বল গোচৰৰ বাবেই ততাতৈয়াকৈ লাভ কৰিলে জামিন৷ সান্ধ্য আইন চলি থকাৰ সময়তো আইন ভংগ কৰি আৰু টেটুলৈকে মদ খাই তীব্ৰগতিৰে গাড়ী চলাই যুৱতীগৰাকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে৷ পথ বন্ধ বুলি চাইনবোৰ্ড লগাই ৰাজপথত কাম কৰি থকা শ্ৰমিকক তেওঁ গাড়ীৰে খুন্দিওৱাৰ ফলত আঠজন শ্ৰমিক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়৷ তাৰে এজন শ্ৰমিকৰ দুয়োখন ভৰি ঘটনাস্থলীতে চিঙি গৈছিল৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় শুকুৰবাৰে নিশা ১.৪৫ বজাত৷ খানাপাৰাস্থিত তাজ ভিভাণ্টা হোটেলত ‘পাৰ্টী’ কৰি গণেশগুৰি অভিমুখে তীব্ৰ বেগেৰে আহি থকা ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুণ্ডাত পথত কৰ্মৰত শ্ৰমিক ইমাৰান চৌধুৰী [৪৫], বিৰাজ আলী [২১], আইনুল আলী [১৮], আতিকুৰ ৰহমান [৩০], মফিদুল ইছলাম [২৮], জিয়াউৰ ইছলামকে [২২]  ধৰি আঠজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়৷ দুজন শ্ৰমিকে এতিয়াও হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে৷ আৰক্ষীয়ে ৰুজু কৰা গোচৰত কঠোৰ ধাৰাৰ পৰিৱৰ্তে জামিনযোগ্য ধাৰা প্ৰয়োগ কৰাৰ বাবেই ৰাজকন্যা বৰুৱাই জামিন লাভ কৰা বুলি অভিযোগ উঠিছে৷ আঘাটপ্ৰাপ্ত শ্ৰমিকসকলৰ অধিকাংশই মিঞা [আঠজনৰ ছয়জনেই] সম্প্ৰদায়ৰ হোৱাৰ বাবে আৰক্ষীৰ এনে ভূমিকা নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে৷ ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে৷ ইয়াৰে ৩৫৩ ধাৰাৰ বাহিৰে বাকী তিনিটা ধাৰা জামিনযোগ্য৷ দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি কাৰণত এই জামিনযোগ্য ধাৰাকেইটা ৰুজু কৰা হয়৷ এইখিনিতে এই প্ৰশ্ন উত্থাপিত হৈছে যে সুৰামত্ত হৈ দ্ৰুত গতিৰে গাড়ী চলোৱা আৰু মানুহক খুন্দিয়াই আহত কৰা সত্ত্বেও ৰাজকন্যাৰ বিৰুদ্ধে মটৰ ভেহিকল এক্টৰ১৮৫ ধাৰাটো প্ৰয়োগ কৰা নহ’ল কিয়৷ কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৩ ধাৰা প্ৰয়োগ কৰা হয়৷ আৰক্ষীয়ে সংগ্ৰহ কৰা আৰু সংবাদ মাধ্যমৰ হাতত পৰা ভিডিঅ’ত স্পষ্টৰূপত দেখা গৈছে যে ৰাজকন্যা বৰুৱাই কৰ্তব্যৰত আৰক্ষী বিষয়াক কেৱল কৰ্তব্য সম্পাদনতে বাধা প্ৰদান কৰা নাছিল, তেওঁ কৰ্তব্যৰত আৰক্ষী বিষয়াক ঘটনাস্থলীৰ উপৰি আৰক্ষী থানাটো দুৰ্ব্যৱহাৰ কৰিছিল, অপমান কৰিছিল৷ স্বাভাৱিকতে প্ৰশ্ন হয়– এই ধাৰাত কেনেকৈ জামিন পালে দুৰ্দান্ত গতিৰে চলা গাড়ীখনৰ চালক ৰাজকন্যা বৰুৱাই? আৰক্ষীৰ আপোচকামী ভূমিকাৰ বাবেই এই ধাৰাত অভিযুক্ত সাৰি যাব পাৰে, মানে জামিন লাভ কৰিব পাৰে৷ অৰ্থাৎ গোচৰটো আদালাতত উঠাৰ আগতে তদন্তকাৰী আৰক্ষী মেনেজ হ’ব লাগিব, নহয় তাৰ পূৰ্বেই আৰক্ষীয়ে ভুৱা বুলি গোচৰটোৰ পৰা উক্ত ধাৰাটো বাতিল কৰিব লাগিব৷ অৰ্থাৎ যিকোনো প্ৰকাৰে আপোচ কৰিবই লাগিব আৰক্ষীয়ে৷ নহ’লে উক্ত ধাৰাটোত অভিযুক্তই একেদিনাই জামিন লাভ কৰাটো সম্ভৱ নহয়৷ তেন্তে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰাৰ গূঢ়াৰ্থ কি! তদন্তকাৰী আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে কি কি ধাৰা প্ৰয়োগ নকৰিলে? সুৰামত্ত হৈ গাড়ী চলোৱা ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে আইপিচিৰ ৩০৪[এ] আৰু মটৰ ভেহিকল এক্টৰ ১৮৫ ধাৰা প্ৰয়োগ নকৰিলে কিয়? অথচ ভিডিঅ’ত দেখা গৈছে যুৱতীগৰাকী সুৰামত্ত আছিল আৰু আৰক্ষীয়েও সংবাদ মাধ্যমত এই কথা ৰাজহুৱা কৰিছে৷ সুৰামত্ত অৱস্থাত গাড়ী চলাই কোনো মানুহক খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰিলে সেই সুৰামত্ত চালকৰ বিৰুদ্ধে আইপিচিৰ ২৭৯ আৰু ৩৩৮ ধাৰা ৰুজু কৰিলেও আৰক্ষীয়ে ৩০৪[এ] ধাৰা ৰুজু কৰিব লাগে৷ এইকেইটা ধাৰাত গোচৰ ৰুজু কৰিলে অভিযুক্তই একেদিনাই জামিন পোৱাটো অসম্ভৱ৷ আদালতত এই অপৰাধৰ প্ৰমাণ হ’লে অপৰাধীয়ে জৰিমনা ভৰাৰ উপৰি ছমাহৰ পৰা দুবছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগে৷ সমগ্ৰ ৰাজ্যতে নিশা ১০ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হয়৷ সান্ধ্য আইনৰ সময়ত অনুমতিবিহীনভাৱে কোনেও গাড়ী চলাব নোৱাৰে, ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰে৷ সান্ধ্য আইনৰ সময়তে সুৰামত্ত হৈ তীব্ৰ বেগেৰে গাড়ী চলাই কৰ্তব্যৰত শ্ৰমিকক খুন্দিওৱাতো এটা গুৰুতৰ অপৰাধ৷ এই কথাটো আৰক্ষীয়ে ইচ্ছাকৃতভাৱে এৰাই চলিছে৷ সান্ধ্য আইন আৰম্ভ হোৱাৰ পাছত হোটেলত পাৰ্টী কেনেকৈ চলিছিল? নিশা ৯ বজাতে সকলো দোকান পোহাৰ বন্ধ হয়৷ তাৰ পাছত হোটেলত আবাসী গ্ৰাহককহে আহাৰ যোগান ধৰাৰ নিয়ম আছে৷ তেনে স্থলত নিষেধাজ্ঞা ভাঙি বাহিৰৰ পৰা গৈ কেনেকৈ যুৱতীগৰাকীয়ে পাৰ্টী কৰিব পাৰিছিল? এই কাৰ্যৰ দ্বাৰা যুৱতীগৰাকীয়ে দুৰ্যোগ ব্যৱস্থাপনা আইন ভংগ কৰিছে৷ ৰহস্যজনকভাৱে এই সংক্ৰান্তত আৰক্ষীয়ে ৰুজু কৰা গোচৰত সংশ্লিষ্ট আইনৰ ধাৰা প্ৰয়োগ কৰা হোৱা নাই৷ আচলতে যুৱতীগৰাকীয়েই নহয়, সেই পঞ্চতাৰকাযুক্ত হোটেলখনৰ বিৰুদ্ধেও আৰক্ষীয়ে গোচৰ ৰুজু কৰি তৎকালীনভাৱে চি চি টিভিৰ ফুটেজ আদি জব্দ কৰিব লাগিছিল৷ কাৰণ হোটেলখনেও ভংগ কৰিছে দুৰ্যোগ ব্যৱস্থাপনা আইন৷ যিখন আইনৰ অধীনত অধীনত ভ্ৰাম্যমান থিয়েটাৰ, বিহু আৰু পূজাৰ সাংস্কৃতিক অনুষ্ঠান পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে সেইখন আইনৰ নিৰ্দিষ্ট ধাৰা অভিযুক্ত মডেল ৰাজকন্যা বৰুৱা আৰু সংশ্লিষ্ট হোটেলখনৰ বিৰুদ্ধে প্ৰয়োগ নকৰি আৰক্ষীৰ কোন কোন বিষয়া কেনেদৰে লাভাবান্বিত হ’ল– এই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে৷