Logo
image

ৰাজকন্যাই জামিন পালে আৰিয়ান খানে নাপালে

আমাৰ অসম, ৫ অক্টোবৰঃ গুৱাহাটী আৰু মুম্বাই৷ দেশৰ পূব আৰু পশ্চিম প্ৰান্তৰ দুখন মহানগৰ৷ এই দুয়োখন মহানগৰত শেহতীয়াভাৱে সংঘটিত হ’ল দুটা চাঞ্চল্যকৰ ঘটনা৷ গুৱাহাটীত ৰাজকন্যা বৰুৱা নামৰ এগৰাকী মডেলে মাজনিশা তীব্ৰবেগে গাড়ী চলাই খুন্দিওৱাৰ ফলত ৰাজপথত কৰ্মৰত আঠজন শ্ৰমিক আহত হয়৷ ইফালে, মুম্বাইত এটা ৰেভ পাৰ্টীত অংশগ্ৰহণ কৰি ড্ৰাগ্‌ সেৱন কৰি নিচাত আচ্ছন্ন হৈ থকা বলীউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানসহ মুঠতে আঠজন ড্ৰাগ্‌ আসক্তক নাৰ্ক’টিক্‌ছ কণ্ট্ৰ’ল ব্যুৰ’ৱে গ্ৰেপ্তাৰ কৰে৷ লক্ষণীয় কথা এয়ে যে ৰাজকন্যা বৰুৱাই মুহূৰ্তৰ ব্যৱধানত জামিন লাভ কৰিলে– অপ্ৰত্যাশিতভাৱে৷ ইফালে, তাৰকা-পুত্ৰ হৈও শ্বাহৰুখ-তনয় আৰিয়ান খানে জামিন নাপালে– প্ৰত্যাশিতভাৱে৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ড্ৰাগছ আসক্ত পুত্ৰ আৰিয়ান খান আৰু তেওঁৰ সৈতে কৰ্ডেলিয়া নামৰ প্ৰমোদতৰীত ৰেভ পাৰ্টী কৰি ড্ৰাগছ খাই থাকোতে গ্ৰেপ্তাৰ হোৱা আন ৭জন সতীৰ্থক সোমবাৰে মুম্বাইৰ এখন আদালতে অহা ৭ অক্টোবৰ পৰ্যন্ত ‘নাৰ্ক’টিক্স কণ্ট্ৰল ব্যুৰ’ৰ [এন চি বি] জিম্মাত থকাৰ অনুমতি প্ৰদান কৰিছে৷ এন চি বিয়ে ড্ৰাগছ সেৱন আৰু মজুত ৰখাৰ অপৰাধত অধিক অনুসন্ধানৰ প্ৰয়োজন থকাৰ বাবে আৰিয়ান খান তথা তেওঁৰ ড্ৰাগছ পাৰ্টী কৰা বন্ধুবৰ্গক জেৰা কৰাতো জৰুৰী বুলি আদালতত উল্লেখ কৰে৷ এন চি বিয়ে এই ৭জন ড্ৰাগছ আসক্ত যুৱক-যুৱতীক ৭ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে৷ পিছে এন চি বিৰ এই দাবী নস্যাৎ কৰি আৰিয়ান খানৰ অধিবক্তা সতীশ মানশিণ্ডেই আৰিয়ানৰ ওচৰত কোনো ড্ৰাগছ থকাৰ প্ৰমাণ নাই বুলি আদালতত দাবী কৰে৷ আনহাতে এন চি বিৰ অধিবক্তাই আদালতত জনায় যে আৰিয়ানৰ ওচৰত ১৩ গ্ৰাম কোকেইন, ২১ গ্ৰাম চৰছ, ২২টা এম ডি এম এ টেবলেট আৰু নগদ ১,৩৩,০০০ টকা তেওঁলোকে উদ্ধাৰ কৰিছে৷ তদুপৰি আৰিয়ানৰ ম’বাইল ফোন পৰীক্ষা কৰি তদন্তকাৰীয়ে তেওঁ ড্ৰাগছ সেৱন, আদান-প্ৰদান কৰাৰ বাৰ্তালাপো উদ্ধাৰ কৰা বুলি জনায়৷ আদালতে এন চি বিৰ যুক্তি শুনাৰ পাছত তেওঁলোকৰ দাবী অনুসৰি ৭ দিনৰ পৰিৱৰ্তে ৭ অক্টোবৰলৈ অৰ্থাৎ আৰু ৪ দিনৰ বাবে আৰিয়ান খানসহ ৮জন ড্ৰাগছ আসক্তক এন চি বিৰ জিম্মাত দিয়ে৷ এই গোচৰৰ ক্ষেত্ৰত এন চি বিয়ে কালিৰ পৰাই বিশেষ কৌশল অবলম্বন কৰি তেওঁলোকে আৰিয়ান খানক আজি পুনৰ জিম্মাত নিবিচাৰে বুলি প্ৰচাৰ চলাইছিল৷ পিছে আদালতত গৈ এন চি বিয়ে আজি হঠাতে ৭ দিনৰ জিম্মা বিচৰাত শ্বাহৰুখ খানে নিয়োগ কৰা বিখ্যাত অধিবক্তা বিবুধিত পৰে৷ অৱশেষত সফল হয় এন চি বিৰ কৌশল৷ 

উল্লেখ্য, শ্বাহৰুখ খানৰ পুত্ৰ আৰু তেওঁৰ সৈতে আন ৭ জনক শনিবাৰে মুম্বাইত কৰ্ডেলিয়া ক্ৰুজ নামৰ এখন প্ৰমোদতৰীত ৰেভ পাৰ্টীত ড্ৰাগছ খাই নিচাত আছন্ন হৈ থকা অৱস্থাত এন চি বিয়ে আটক কৰিছিল৷ ১৬ ঘণ্টা জেৰাৰ অন্তত দেওবাৰে এন চি বিয়ে ৮ জনকে গ্ৰেপ্তাৰ কৰিছিল৷ এই ৮ ড্ৰাগছ আসক্তৰ ভিতৰত আৰিয়ান, মুনমুন ঢামেছা আৰু আৰবাজকে মূল দোষী হিচাপে চিহ্নিত কৰিছে এন চি বিয়ে৷ আৰবাজ শেঠ মাৰ্চেণ্টে আৰিয়ানক কৰ্ডেলিয়া ক্ৰুজৰ ৰেভ পাৰ্টীলৈ নিমন্ত্ৰণ কৰি নিছিল৷ আৰিয়ানৰ উপৰি বলীউডৰ অসংখ্য ‘ষ্টাৰ-কিড’ বা তাৰকা তনয়-তনয়াৰ সৈতে গভীৰ সম্পৰ্ক আছে আৰবাজৰ৷ আনহাতে মুনমুন আৰু আৰিয়ানৰ গাঢ় বন্ধুত্বৰ তথ্য পোহৰলৈ আহিছে তদন্তত৷ মডেলিঙৰ জগতত ভৰি দিয়া মধ্য প্ৰদেশৰ এটা ব্যৱসায়ী পৰিয়ালৰ দুলালী মুনমুনে তেওঁৰ বেগত থকা ছেনিটেৰী পেডতো ড্ৰাগছ ভৰাই নিছিল৷ তেওঁৰ ভেনিটী বেগৰ হেণ্ডেলৰ ভিতৰত, মুনমুন আৰু আৰিয়ানে পৰিধান কৰা কাপোৰৰ আস্তিনৰ চিলাই, কলাৰৰ চিলাইৰ ভিতৰতো ড্ৰাগছ ভৰাই নিছিল৷ সুন্দৰী মুনমুনে যিকোনো পাৰ্টী তেওঁৰ স্বল্পবস্ত্ৰৰ শৰীৰি বিভংগৰে মুহূৰ্তৰ ভিতৰতে হেনো উত্তাল কৰি দিব পাৰে৷ সেয়ে তেওঁৰ সৈতে বলীউডৰ অনেক তাৰকাৰ সম্পৰ্ক৷ মুম্বাইৰ পৰা গোৱালৈ যাবলগীয়া প্ৰমোদতৰী কৰ্ডেলিয়াৰ ৰেভ পাৰ্টী ‘জমাবলৈ’ মুনমুন বিশেষভাৱে আমন্ত্ৰিত হৈছিল আৰিয়ানৰ লগত৷ তিনিদিন তিনিনিশা একেৰাহে ইটোৰ পাছত সিটো অনুষ্ঠানেৰে এই ৰেভ পাৰ্টী উত্তাল কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিছিল আয়োজক ফেচন টিভি ইণ্ডিয়াই৷ পিছে এন চি বিৰ মাণ্ডলিক সঞ্চালক সুনীল ৱাংখেড়েই যাত্ৰীৰ বেশত কৰ্ডেলিয়াত উঠি গৈ শ্বাহৰুখ-তনয়সহ ৮জনক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে ধৰা পেলায় আৰু আৰব সাগৰত পাৰি দিয়া প্ৰমোদত্তৰী মুম্বাইৰ বন্দৰলৈ ঘূৰাই আনি আটাইকে শনিবাৰে নিশাই আটক কৰে৷