Logo
image

টে’ট শিক্ষক গ্ৰেপ্তাৰ এপিডিচিএলত জেৰা

ৰাজ্যত নিযুক্তিৰ বজাৰ

আমাৰ অসম, ৫ অক্টোবৰঃ ভুৱা টে’ট উত্তীৰ্ণ প্ৰমাণ পত্ৰই চাকৰি লাভ কৰা ৩৫জন শিক্ষকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে৷ বিটিচিত শিক্ষা সঞ্চালকালয়ৰ অধীনত হাইস্কুলত নিযুক্তি লাভ কৰা সন্দেহজনক ৫২জন  শিক্ষকক চিনাক্ত কৰাৰ পাছতেই শিক্ষকসকলৰ ইতিপূৰ্বে দৰমহা কৰ্তনৰো নিৰ্দেশ দিছিল কতৃৰ্পক্ষই৷ এইসকলৰ শিক্ষকৰ ৩৬জনৰে টে’ট উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ ভুৱা বুলি ছেবাই নিশ্চিত কৰাৰ পাছতেই চি আই ডিক তদন্তৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ ভিত্তিতে দেওবাৰে চি আই ডিয়ে আই পি চি ১২০ [বি]/৪২০/৪৬৭/৪৭১ ধাৰা অধীনত ১০/২০২১ নম্বৰত গোচৰ ৰুজু কৰি দেওবাৰে নিশাৰে পৰা ভুৱা টে’ট শিক্ষকৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই সোমবাৰে নিশা পৰ্যন্ত ৩৫জন শিক্ষকক গ্ৰেপ্তাৰ কৰে৷ বাগ্‌সা, ওদালগুৰি, কামৰূপ, কোকৰাঝাৰ আদি কেইবাখনো জিলাৰ পৰা ভুৱা টে’ট শিক্ষকসকলক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰি ইয়াৰে ৯জনক সোমবাৰে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়৷ আদালতে সংশ্লিষ্ট ভুৱা শিক্ষক কেইজনক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷ ধৃত অভিযুক্ত কেইজনে ভুৱা ৰোল নম্বৰ ব্যৱহাৰ কৰি আৰু আন উত্তীৰ্ণ  প্ৰাৰ্থীৰ ৰোল নম্বৰ নিজৰ বুলি দেখুৱাই জাল টে’ট উত্তীৰ্ণ প্ৰমাণ পত্ৰৰ জৰিয়তে ৩ আগষ্টত বি টি চি শিক্ষা সঞ্চালকালয়ৰ অধীনত হাইস্কুল শিক্ষক পদত নিযুক্তি লাভ কৰিছিল৷ ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুৱা টে’ট উত্তীৰ্ণৰ জৰিয়তে নিযুক্তি পোৱা ৩৬জন লোককে গ্ৰেপ্তাৰ কৰা হ’ব বুলি ঘোষণা কৰাৰ লগতে জাল প্ৰমাণ-পত্ৰ প্ৰস্তুত কৰা এটা বৃহৎ ৰেকেট জালত পৰিব বুলিও মন্তব্য কৰিছে৷ লক্ষণীয়ভাৱে সোমবাৰে ধৃত এগৰাকী মহিলাই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা মিছনৰ পৰা টে’ট উত্তীৰ্ণ প্ৰমাণ-পত্ৰ লাভ কৰিছিল বুলি সংবাদ মাধ্যৰ আগত মন্তব্য কৰা কাৰ্যই তাৎপৰ্যবহন কৰিছে৷ শিক্ষা বিভাগৰ ভিতৰতে জাল প্ৰমাণ-পত্ৰ প্ৰস্তুত কৰা চক্ৰটো সক্ৰিয় হৈ থকাৰ সন্দেহ কৰা হৈছে৷ দেওবাৰে চি আই ডিয়ে স্থানীয় আৰক্ষীৰ সহযোগত কামৰূপৰ হাজোৰ বঙালপাৰাৰ পৰা আজিজুৰ ৰহমান, মনোৱাৰ হুইছেন, আন্দুপাৰাৰ পৰা মনোৱাৰ খান, ছহিবুৰ ৰহমান, জোৰশিমলুৰ বাঘমাৰা গাঁৱৰ পৰা হায়েত আলীক গ্ৰেপ্তাৰ কৰে৷ তদুপৰি বাগ্‌সা জিলাৰ তামুলপুৰৰ পৰা কাজলী বড়ো, অনিতা বড়ো, ভৱানী বড়ো, গোৰেশ্বৰৰ পৰা ৰাজীৱ কুমাৰ ডেকা, কৃষ্ণা বড়ো, মীৰা দৈমাৰী, ৰীতা স্বৰ্গীয়াৰী, জৌংচাৰী ব্ৰহ্ম, ৰংপী দৈমাৰী, মন্দিৰা বড়ো, মেঘালী স্বৰ্গীয়াৰীক গ্ৰেপ্তাৰ কৰা বুলি চি আই ডিয়ে সদৰি কৰিছে৷

ৰাজ্যত সকলো বিভাগতে ভুৱা লোকৰ পয়োভৰ ঘটিছে৷ শেহতীয়া ভাবে টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো ভুৱা চক্ৰ গঢ় লৈ উঠিছে৷ ভুৱা নিযুক্তি পত্ৰৰে টেট শিক্ষকৰ চাকৰি লাভ কৰা এজন শিক্ষকক কামৰূপ জিলা আৰক্ষীৰ নিৰ্দেশত ছয়গাঁও আৰক্ষীয়ে যোৱা নিশা আটক কৰে৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱা নিশা চলা অভিযানত ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমুলী বাঘমাৰাৰ ভুৱা টেট শিক্ষক হায়াত আলীক নিজ বাসভৱনৰ পৰা আটক কৰে৷ বিশেষ সূত্ৰে জানিব পৰামতে উক্ত লোকজনে একমাত্ৰ ধনৰ বলতে এক বিশেষ চক্ৰৰ পৰা এই ভুৱা নিযুক্তি লাভ কৰিছিল৷ আৰক্ষীৰ তদন্ততহে ভুৱা নিযুক্তি পত্ৰ বিতৰণ কৰা চক্ৰটো ওলাই পৰিব৷

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অপৰাধ মুক্ত অসম গঢ়াৰ লক্ষ্য হিচাপে বিভিন্ন কাৰ্যালয়ৰ পৰা দালালৰাজ নিৰ্মূল কৰাৰ সময়তে কামৰূপ জিলাৰ হাজোত দালাল চক্ৰৰ জৰিয়তে ভুৱা টে’ট শিক্ষক হিচাপে শিক্ষকতা কৰি থকা চাৰিজনকৈ শিক্ষকক নিশা কামৰূপ আৰু হাজো আৰক্ষীয়ে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰা আৰু মুক্তাৰ হুছেইন নামৰ শিক্ষক এজনে আত্মসমৰ্পন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বঙালপাৰাৰ মনোৱাৰ ৰহমান [৪], আজিজুৰ ৰহমান [৩৯] আৰু আন্ধুপাৰাৰ ছাইবৰ ৰহমান [৩১], মনোৱাৰ খান [২৭] নামৰ লোককেইজনে বঙালপাৰাৰ ইছলামুদ্দিন আহমেদ তথা হাজো শনিয়াদি বি এ এছ বিদ্যালয়ৰ দালালৰূপী শিক্ষক এজনক পাঁচ লাখ টকাকৈ উৎকোচ দি এমাহ পূৰ্বে বাগ্‌সা আৰু চিৰাং জিলাত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল৷ ভুৱা বি এড প্ৰমাণ পত্ৰ, টে’ট অনুত্তীৰ্ণ তথা জালিয়তিৰে নিযুক্তি পোৱা খবৰ ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ হোৱাত নিশা বিভিন্ন জিলাৰ পৰা কেইবাজনো শিক্ষকক আটক কৰাৰ সমান্তৰালভাৱে হাজোৰ পৰাও চাৰিজনকৈ শিক্ষকক নিজ গৃহৰ পৰা কামৰূপ আৰু হাজো আৰক্ষীয়ে আটক কৰে৷ আজি পুৱা আটাইকেইজনকে অধিক সোধা পোছাৰ বাবে গুৱাহাটীলৈ নিয়ে৷ হাজো ৰতনপুৰৰ মুক্তাৰ হুছেইন [৩৬] নামৰ আন এজন ভুৱা টে’ট শিক্ষকে আজি দুপৰীয়া আৰক্ষী ওচৰত আত্মসমৰ্পণ কৰে৷

ভুৱা প্ৰমাণ-পত্ৰৰে একাংশ প্ৰাৰ্থীয়ে টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পাছতে পোহৰলৈ আহিল টেট্‌ শিক্ষকৰ প্ৰমাণ-পত্ৰ জালিয়াতিৰ তথ্য৷  ২৪ছেপ্টেম্বৰত বিটিচি শিক্ষা সঞ্চালকৰ পৰা ৫২জনীয়া ভুৱা প্ৰমাণ-পত্ৰৰে নিযুক্তি লাভ কৰা শিক্ষকৰ এখন তালিকা প্ৰকাশ পাইছিল৷ তাৰ আধাৰতে আজি বাগ্‌সা জিলাত নিযুক্তি লাভ কৰা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তিনিগৰাকী ভুৱা টেট শিক্ষয়িত্ৰীক তামুলপুৰ আৰক্ষীয়ে আটক কৰে৷ টেট শিক্ষয়িত্ৰীকেইগৰাকী ক্ৰমে কাজলী বড়ো ঢোলকুছী হাইস্কুল, অনিতা বড়ো দেউলকুছী উচ্ছতৰ মাধ্যমক বিদ্যালয়, ভৱানী বড়ো দ্বাৰকুছী হাইস্কুলত কৰ্মৰত আছিল৷ বাগ্‌সা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু চিআইডিয়ে তামুলপুৰ আৰক্ষীৰ সহযোগত শিক্ষক তিনিগৰাকীক দেউলকুছীস্থিত নিজ নিজ বাসগৃহৰ পৰা আটক কৰে৷ আজি তিনিওগৰাকীকে গুৱাহাটীৰ আৰক্ষী অনুসন্ধান শাখালৈ বাছেৰে প্ৰেৰণ কৰে তামুলপুৰ আৰক্ষীয়ে৷

ৰাজ্যত টেট শিক্ষকৰ পৰীক্ষাত সংঘটিত হৈছে বৃহৎ জালিয়াতি৷ শেহতীয়াভাৱে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰা হাইস্কুল টেট শিক্ষকৰ নিযুক্তিয়ে উদঙাইছে টেট শিক্ষকৰ বৃহৎ জালিয়াতি৷ জানিব পৰা মতে, টেট শিক্ষকসকলৰ একাংশই পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ পাছত পুনৰ নম্বৰৰ বাবে পুনৰীক্ষণ কৰাত উত্তীৰ্ণ হৈছিল৷ বাগ্‌সা জিলাৰ গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰিলে সাতজন টেট শিক্ষকক৷ তামুলপুৰতো তিনি টেট শিক্ষকক আটক সোধ-পোছৰ বাবে৷ টেট উত্তৰ্ীৰ্ণ ভুৱা প্ৰমাণ-পত্ৰ, ভুৱা বিএড ডিগ্ৰীৰে শিক্ষক নিযুক্তিৰ অভিযোগ৷ বাগ্‌সা আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলৰ দৰমহা বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল বিটিচিৰ শিক্ষা সঞ্চালকালয়ে বিটিআৰত টেটৰ নৱনিযুক্ত ৫২জন শিক্ষকৰ৷ গোৰেশ্বৰতো জালিয়াতিৰে টেটৰ চাকৰি লোৱাৰ অভিযোগত আটক শিক্ষকসকল হ’ল ৰাজীৱ কুমাৰ ডেকা, ১ নং গোৰেশ্বৰ, কৃষ্ণা বড়ো পূব নাওকাটা, মীৰা দৈমাৰী, হালংবাৰী, ৰীতা স্বৰ্গীয়াৰী, বালাবাৰী, জৌংচাৰী ব্ৰহ্ম, জানপাৰা, ৰংপী দৈমাৰী, হলংবাৰী, মন্দিৰা বড়ো, বালাবাৰী৷ আনহাতে, তামুলপুৰত আৰক্ষীয়ে আটক কৰাসকল হ’ল-ভৱানী বড়ো, দেউলকুছি, মেঘালী স্বৰ্গীয়াৰী, নিজ কাউৰবাহা আৰু অনিতা বড়ো, খন্দিকৰ৷ ইতিমধ্যে আৰক্ষীয়ে অপৰাধ অনুসন্ধান শাখাৰ গোচৰত আটক কৰা বাবে আটকাধীন শিক্ষকসকলক অধিক তথ্য আহৰণৰ বাবে গুৱাহাটীৰ অপৰাধ অনুসন্ধান বিভাগলৈ প্ৰেৰণ কৰে৷

এ পি ডি চি এলৰ চাকৰিৰ ১০ প্ৰাৰ্থীক জেৰা

এ পি ডি চি এলৰ চাকৰিৰ বাবে ধন দিয়া প্ৰাৰ্থীৰ বিপদ নিশ্চিত হৈ পৰিছে৷ সোমবাৰে চি এম ভিজিলেন্সৰ তদন্তকাৰী বিষয়াই অ’ এছ ডি দীপাংকৰ দিহিঙীয়া এণ্ড কোম্পানীৰ সৈতে চাকৰিৰ বাবে ধনৰ লেনদেন কৰা ১০ প্ৰাৰ্থীক জেৰা কৰে৷ প্ৰাৰ্থীৰ উপৰি তদন্তকাৰী আৰক্ষীয়ে এ পি ডি চি এলৰ পৰীক্ষাৰ মূল্যায়ন নিৰীক্ষণকাৰী ব’ৰ্ডৰ অধ্যক্ষ ভাস্কৰজ্যোতি বৰা, সদস্যদ্বয় প্ৰদীপ বৰা আৰু গুণজিৎ ভূঞাক দীৰ্ঘসময় ধৰি জেৰা কৰে৷ লক্ষণীয়ভাৱে, আৰক্ষীয়ে ডেইজিম হাজৰিকা নামৰ আনজন পৰীক্ষা পৰিচালনাকাৰী ব’ৰ্ডৰ সদস্যকো জেৰা কৰে যদিও আটাইকেইজনকে জেৰাৰ অন্তত যাবলৈ দিয়ে৷ ইপিনে, তদন্তকাৰী আৰক্ষীৰ অনুসন্ধানত চাকৰিৰ বাবে যোগাযোগ তথা লেনদেন কৰা প্ৰায় ৩ শতাধিক প্ৰাৰ্থীৰ তথ্য লাভ কৰিছে৷ প্ৰথম পৰ্যায়ত ১২৪জন প্ৰাৰ্থীলৈ চমন জাৰি কৰিছে আৰক্ষীয়ে৷ সোমবাৰে জেৰা কৰা ১০জন প্ৰাৰ্থীয়েই ধৃত বিষয়া-কৰ্মচাৰীকেইজনৰ সৈতে যোগাযোগৰ প্ৰমাণ লাভ কৰিছিল৷ সোমবাৰে অ’ এছ ডি দীপাংকৰ দিহিঙীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনিষ্ঠ সহায়ক শশাংক শইকীয়া, ত্ৰিদিপ শৰ্মা আৰু নেইকম ইম্প্ৰেছনৰ কৰ্মচাৰী জয়ন্ত ডেকাৰ সৈতে যোগাযোগ কৰা প্ৰাৰ্থীকেইজনক জেৰা কৰা বুলি তদন্তকাৰী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে৷ মঙলবাৰেও জেৰাৰ বাবে আন দহজন প্ৰাৰ্থীক তলব কৰিছে তদন্তকাৰী বিষয়াই৷ ইপিনে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক দিলীপ বৰাক পুনৰ জেৰা কৰা হ’ব বুলিও তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰিছে৷