Logo
image

গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা

আমাৰ অসম, ৫ অক্টোবৰঃ কাৰ্ফিউ ভংগ কৰি সুৰামত্ত অৱস্থাত গাড়ী চলাই ৮ জন শ্ৰমিকক মহটিয়াই নিয়া গুৱাহাটীৰ ৰাজকন্যা বৰুৱা নামৰ মডেল-যুৱতীগৰাকী পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে৷ মহানগৰীৰ ৰুক্মিনীগাঁৱৰ ‘হিট এণ্ড ৰান’ কাণ্ডৰ অভিযুক্ত ৰাজকন্যা বৰুৱাই আইনী সুৰুঙাৰে তদন্তকাৰী আৰক্ষীয়ে জামিন লাভৰ সুযোগ দিছিল যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অভিযুক্ত যুৱতীগৰাকীক পুনৰ থানাত হাজিৰ হোৱাৰ বাবে চমন দিছে দিছপুৰ আৰক্ষীয়ে৷ গুৱাহাটীৰ অভিজাত ‘তাজ ভিভাণ্টা’ হোটেলত শনিবাৰে মাজৰাতিলৈকে সুৰাৰ পাৰ্টী কৰি বেলতলাৰ ছাৰ্ভেৰ বাসগৃহলৈ গাড়ী চলাই উভটি আহোতেই মদৰ নিচাত লোক নিৰ্মাণ বিভাগৰ অধীনত জি এছ ৰোডত কৰ্মৰত ৮ জন শ্ৰমিক-পথচাৰীক খুন্দিয়াইছিল ৰাজকন্যাই৷ এই দুৰ্ঘটনাত পৰিচয় চিনাক্ত নোহোৱা এজন লোকৰ এখন ভৰি দুৰ্ঘটনাস্থলীতে ছিগি পৰাৰ বিপৰীতে আনখন ভৰিও দেওবাৰে জি এম চি এইচত অস্ত্ৰোপচাৰ কৰি কাটি পেলোৱা হয়৷ এই ভয়ংকৰ শোকাৱহ দুৰ্ঘটনা সংঘটিত কৰাতে ক্ষান্ত নাথাকি সুৰামত্ত যুৱতী মডেলগৰাকীয়ে কৰ্তব্যৰত আৰক্ষীক অশ্লীল গালি-গালাজ কৰাৰ লগতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্তক সহায় কৰা লোকৰ মোবাইল ফোন দলিয়াই ভাঙি পেলাইছিল৷ আনকি দিছপুৰ থানাৰ ভিতৰতো যুৱতীগৰাকীয়ে আৰক্ষীক ৰূঢ় ব্যৱহাৰ কৰাৰ লগতে সাংবাদিকৰ সৈতেও বাক-বিতণ্ডাত লিপ্ত হৈছিল৷ আনকি ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰি অলপো অনুসূচনাবোধ নকৰা মডেল ৰাজকন্যাই সাংবাদিকৰ কেমেৰাৰ সন্মুখতে প্ৰভাৱশালী বিষয়াৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ ইংগিত দি ভাবুকি প্ৰদান কৰিছিল৷ দুৰ্ঘটনাৰ সময়ত মোবাইলটো হেৰুৱাব লগা হোৱা নহ’লে এটা ফোনতে থানাৰ পৰা ওলাই যাব পাৰিলেহেতেন বুলিও মন্তব্য কৰি নিজৰ দম্ভ প্ৰদৰ্শন কৰিবলৈ পাহৰা নাছিল ৰাজকন্যাই৷ প্ৰভাৱশালী ব্যক্তিৰে সম্পৰ্ক থকাৰ ইংগিত দি দম্ভ দেখুওৱা ৰাজকন্যা বৰুৱাই সুৰাসক্ত হৈ গাড়ী চলোৱাৰ পাছতো জামিন লাভ কৰিবলৈ সক্ষম হৈছিল৷ দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল৷ ইয়াৰে তিনিটা ধাৰা আছিল জামিনযোগ্য৷ সেইকেইটা হৈছে ক্ৰমে দ্ৰুতগতিৰে বেপোৰোৱাভাৱে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুতগতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি৷ কিন্তু ৰাজকন্যাৰ বিৰুদ্ধে ৰুজু কৰা ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য৷ কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয়৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে প্ৰকাশ কৰা মতে তদন্তকাৰী আৰক্ষীয়ে আদালতত ৩৫৩ ধাৰাটোৰ সন্দৰ্ভত তথ্য দাখিল কৰা হ’লে ৰাজকন্যাৰ জামিন নাকচ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল৷ এক কথা অজ্ঞাত কাৰণত ৰাজকন্যা বৰুৱাক জামিনৰ সকলো সুৰুঙা ৰাখি থৈ গৈছিল সেয়া স্পষ্ট হৈ পৰিছে৷ আনকি এজাহাৰ দাখিল কৰা দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোক নিৰ্মাণ বিভাগৰ অধীনত ব্যৱহূত  বাহনখনৰ স্বত্বাধিকাৰী বুবুল চৌধুৰীও ৰাজকন্যাৰ জামিন পোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ কিয়নো সংবাদ মাধ্যমত প্ৰচাৰ হোৱা ভিডিঅ’ত স্পষ্ট ৰূপত দেখা গৈছে যে ৰাজকন্যা বৰুৱাই কৰ্তব্যৰত আৰক্ষী বিষয়াক কেৱল কৰ্তব্য সম্পাদনতে বাধা প্ৰদান কৰাই নহয়, তেওঁ কৰ্তব্যৰত আৰক্ষী বিষয়াক ঘটনাস্থলীতো আৰু আৰক্ষী থানাতো দুৰ্ব্যৱহাৰ কৰিছিল, অপমান কৰিছিল৷ তাৰ ভিডিঅ’ সংবাদ মাধ্যমতো সম্প্ৰচাৰ হৈছে৷ তাৰ পাছতো এই ধাৰাত ৰাজকন্যা বৰুৱাই কেনেকৈ জামিন পালে এই লৈ প্ৰশ্ন উত্থাপন হৈছিল৷ লক্ষণীয়ভাৱে সুৰামত্ত হৈ দ্ৰুতগতিৰে গাড়ী চলোৱাৰ অপৰাধত মটৰ ভেহিকল এক্টৰ ১৮৫ ধাৰা যুৱতীগৰাকীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নহ’ল৷ মদ খাই গাড়ী চলাই পথাচাৰীক নিহত কৰাৰ অভিযোগ উত্থাপন হোৱা গোচৰৰ ক্ষেত্ৰত আৰক্ষীয়ে সাধাৰণতে আই পি চি ধাৰা ৩০৮ বলৱৎ কৰে৷ কিন্তু ৰাজকন্যাৰ ক্ষেত্ৰত সেই ধাৰা প্ৰয়োগ কৰা নহ’ল৷ আৰক্ষীয়ে সুৰামত্ত হৈ গাড়ী চলোৱাৰ বাবে ৰাজকন্যাৰ বাবে আই পি চি ৩০৪ [এ] আৰু মটৰ ভেহিকল এক্টৰ ১৯৮৮ ৰ অধীনত ১৮৫ ধাৰা প্ৰয়োগ কৰা নাই৷ অথচ ভিডিঅ’ত দেখা গৈছে যুৱতীগৰাকীৰ সুৰামত্ত আছিল আৰু আৰক্ষীয়ে নিজেও সংবাদ মাধ্যমত এই কথা স্বীকাৰ কৰিছে৷ এই ধাৰা কেইটাত গোচৰ ৰুজু কৰি আদালতত এই অপৰাধৰ প্ৰমাণ হ’লে অপৰাধীয়ে জৰিমনা ভৰাৰ উপৰি ছমাহৰ পৰা দুবছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব৷ কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ বাকী দুটা ধাৰা প্ৰয়োগ কৰিলেও ৩০৪ [এ] আৰু মটৰ ভেহিকল এক্টৰ ১৯৮৮ৰ অধীনত ১৮৫নং ধাৰাত কিয় আৰক্ষীয়ে গোচৰ ৰুজু নকৰিলে বুলিও বিভিন্নজনে প্ৰশ্ন কৰিছিল৷ তদুপৰি কাৰ্ফিউ ভংগৰ বিৰুদ্ধেও গোচৰ ৰুজু নহ’ল যুৱতীগৰাকীৰ ক্ষেত্ৰত৷ কাৰ্ফিউ ভংগ কৰি তাজ ভিভাণ্টা হোটেলত বাৰ্থডে উদ্‌যাপনৰ নামত দোভাগ নিশালৈ সুৰাৰ পাৰ্টী চলাৰ পাছতো আৰক্ষীৰ তদন্তৰ পৰা ৰেহাই দিয়া হ’ল অভিজাত হোটেলখনো৷ আনকি তদন্তৰ পৰা ৰেহাই দিয়া হ’ল বাৰ্থডে পাৰ্টীৰ আয়োজক আৰু উপস্থিত থকা অতিথি  সকলকো৷ অভিযোগ অনুসৰি উক্ত পাৰ্টীত কেইবাজনো শীৰ্ষ আমোলাইও অংশ লৈছিল৷ তদন্তত এই সকলো পোহৰলৈ অহা ভয়তে ৰাজকন্যাক কোনো প্ৰভাৱশালী ব্যক্তিয়ে জামিনৰ সুযোগ দিবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছিল নেকি, সেয়া এতিয়া  অনুসন্ধানৰ বিষয় হৈ পৰিছে৷ গুৱাহাটীৰ আন কোনো হোটেল-ৰেস্তোৰাঁই কাৰ্ফিউ ভংগ কৰি সুৰা পাৰ্টী আয়োজন কৰা হ’লে লগে লগে প্ৰশাসনে ছীল কৰি দিলেহেঁতেন৷ কিন্তু তাজ ভিভাণ্টাই সকলো নিয়ম ভংগ কৰাৰ পাছতো প্ৰশাসন মৌন হৈ ৰ’ল৷ কিন্তু ৰাজকন্যাৰ জামিনক লৈ সংবাদ মাধ্যমৰ লগতে বিভিন্নজনে ছ’চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পাছতহে যেন সাৰ পাইছে চৰকাৰে৷ সোমবাৰে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক ৰাজকন্যাক গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে জামিন লাভত পূৰ্বতে সুৰুঙা ৰখা তদন্তকাৰী আৰক্ষীৰ বিৰুদ্ধেও তদন্ত ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতেই দিছপুৰ থানাৰ যান-বাহন শাখাৰ উপ-পৰিদৰ্শক শ্বাহিৰ আলী আৰু মহিলা উপ-পৰিদৰ্শক আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল’জড কৰিছে গুৱাহাটী আৰক্ষী আয়ুক্তই৷ ইপিনে দিছপুৰ আৰক্ষীয়ে মঙলবাৰৰ ভিতৰত পুনৰ থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে ৰাজকন্যা বৰুৱালৈ৷ অৱশ্যে চিকিৎসাৰ দোহাই দি জি এন আৰ চিত চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱাই আৰক্ষীৰ ওচৰত হাজিৰ হ’ব নে নাই সেয়া সময়েহে ক’ব৷ লক্ষণীয়ভাৱে লোকনিৰ্মাণ বিভাগৰ শ্ৰমিক সন্থাইও ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে সোমবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে৷ আৰক্ষী সূত্ৰই সদৰী কৰা মতে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে পূবেৰ্ও আছে কেইবাটাও গোচৰ৷ ২০১৭ চনত ৰাজভৱনৰ ওচৰত সুৰাৰ ৰাগীত মাতাল হৈ গাড়ী চলাই ৰাজকন্যাই দুৰ্ঘটনা সংঘটিত কৰি এজন লোকক চিৰ জীৱনলৈ ঘুণীয়া কৰিছিল৷ তদুপৰি ২০১৮ চনতো গুৱাহাটীৰ অনিল প্লাজাৰ এখন বাৰত সুৰাপান কৰি কৰ্তব্যৰত এজন কনিষ্টবলকো চৰ সোধাইছিল ৰাজকন্যাই৷