Logo
image

ক’ভিড-উত্তৰ কাজিৰঙাত প্ৰথম বিদেশী পৰ্যটক

আমাৰ অসম, ৬ অক্টোবৰঃ মহামাৰী ক’ভিডৰ প্ৰকোপ কিছু হ্ৰাস পোৱাত অৰ্থাৎ দীৰ্ঘদিনৰ বিৰতিৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষই পৰ্যটকৰ দৰ্শনৰ সুবিধাৰ্থে পুনৰ মুকলি কৰি দিয়াত ২০২১-২২পৰ্যটন বৰ্ষত প্ৰথমজন বিদেশী পৰ্যটকে মঙলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে৷ জানিব পৰা মতে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে পহিলা অক্টোবৰত ৰাজ্যখনৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ কেন্দ্ৰীয় বনাঞ্চল কহঁৰাৰ মিহিমুখত ফিতা কাটি পৰ্যটকৰ বাবে উদ্যানৰ দ্বাৰ মুকলি কৰিছিল৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ পাছত ইতিমধ্যে দেশীয় কিছু পৰ্যটকৰ আগমন ঘটিছে যদিও মঙলবাৰে প্ৰথমজন অৰ্থাৎ ৰুমানীয়াৰ এজন পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি আনন্দ প্ৰকাশ কৰে৷ জানিব পৰা মতে, নুমলীগড় তেল শোধনাগাৰ অতিথিগৃহত ৰাত্ৰি যাপন কৰি ৰুমানিয়ানৰ পৰ্যটক গাডেচিউ নিকোলাচে [Gadescu Nicolac] মঙলবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলত জীপ ছাফাৰী কৰে৷ উল্লেখ্য, বিদেশী পৰ্যটকজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গঁড়, পহু, বিভিন্ন প্ৰজাতিৰ পক্ষী তথা প্ৰাকৃতিক মনোৰম দৃশ্য উপভোগ কৰে৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সৃষ্টি কৰাত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ কেৱল কহঁৰা আৰু বাগৰি বনাঞ্চলহে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে৷ বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চলৰ অধীনত থকা বাট-পথ, দলং আদি মেৰামতি কৰি থকা হৈছে৷ অতি সোনকালে উক্ত দুখন বনাঞ্চলো মুকলি কৰা হ’ব বুলি বিভাগীয় সূত্ৰে প্ৰকাশ৷ আনহাতে, এলিফেণ্ট ছাফাৰী নৱেম্বৰ মাহৰ পৰাহে মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হৈছে যদিও পৰ্যটকৰ আগমন আশা কৰাৰ দৰে হোৱা নাই বুলি একাংশ পৰ্যটন ব্যৱসায়ীয়ে জানিবলৈ দিয়ে৷ বৃহত্তৰ কাজিৰঙা অঞ্চলত থকা পৰ্যটন নিবাসবোৰত আন বৰ্ষৰ তুলনাত আশা কৰাৰ দৰে পৰ্যটকে আগতীয়াকৈ কোঠা সংৰক্ষণ কৰা নাই বুলিও ব্যৱসায়ীয়ে জানিবলৈ দিয়ে৷