Logo
image

পূজাৰ মণ্ডপে মণ্ডপে থাকিব ফ্লায়িং স্কোৱাড

আমাৰ অসম, ৬ অক্টোবৰঃ নলবাৰী জিলাত ১০ অক্টোবৰৰ ভিতৰত ১৮বছৰৰ ঊৰ্ধৰ সকলো যোগ্য লোককে সামৰি ১০০শতাংশ প্ৰথম পালি ক’ভিড প্ৰতিষেধক সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ মন্ত্ৰীজনে মঙলবাৰে নলবাৰীত উপস্থিত হৈ এক বৈঠকত ভাগ লৈ স্বাস্থ্যমন্ত্ৰীজনে আগন্তুক দুৰ্গা পূজা সন্দৰ্ভত আন এক ঘোষণা আগবঢ়াই কয়– ৰাজ্যৰ প্ৰতিখন জিলাতে পূজা মণ্ডপে মণ্ডপে আয়োজক, দৰ্শনাৰ্থী আদিয়ে দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে নে নাই, তাৰ আকস্মিক পৰীক্ষা কৰিবলৈ ‘ফ্লায়িং স্কোৱাড’ গঠন কৰিব জিলাৰ উপায়ুক্তই৷ নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন-স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গৰে ক’ভিড পৰিস্থিতি তথা প্ৰতিষেধক অভিযান সম্পৰ্কীয় এক পৰ্যালোচনা কৰে মন্ত্ৰীজনে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ এছ. লক্ষ্মণন আৰু স্বাস্থ্য সেৱা [পৰিয়াল কল্যাণ] সঞ্চালক তথা ক’ভিড প্ৰতিষেধকৰ ৰাজ্যিক ন’ডেল বিষয়া মুনীন্দ্ৰ নাথ নাটেক লগত লৈ স্বাস্থ্যমন্ত্ৰীজনে নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকন, অতিৰিক্ত উপায়ুক্ত [স্বাস্থ্য] আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক তথা স্বাস্থ্য বিভাগৰ অন্যান্য দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত সম্বোধন কৰা বৈঠকখনত স্বাস্থ্যমন্ত্ৰীজনে বিশেষকৈ জিলাখনৰ ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি ল’বলৈ বাকী থকা সংখ্যকৰ শেহতীয়া ছবিখনৰ বুজ লয়৷ নলবাৰী জিলাত বৰ্তমানেও প্ৰথম পালি ক’ভিড প্ৰতিষেধক ল’বলৈ বাকী থকাসকলৰ সংখ্যা প্ৰায় ৯০,০০০৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীজনে চৰকাৰ-প্ৰশাসনৰ তৰফৰ পৰা বাৰম্বাৰ জাননী তথা অনুৰোধকো নেওচি বৰ্তমানলৈকে এপালিও ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰাসকলৰ ক্ষেত্ৰত জিলা উপায়ুক্তক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়ে৷ তেওঁ লগতে প্ৰতিষেধক নোলোৱাসকলৰ ভিতৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণৰ বাবে ১৮ বছৰ সম্পূৰ্ণ হোৱা আৰু অন্যান্য সকলো দিশৰ পৰা প্ৰকৃত ৰূপত যোগ্যসকলক বাচি উলিয়াই বাকী অযোগ্য বিবেচিতসকলৰ বিষয়ে কাৰণসহ তথ্য যুগুত কৰিবলৈও স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে যাতে প্ৰকৃত যোগ্যসকলৰ সঠিক সংখ্যা নিৰূপন কৰি আগন্তক ১০ অক্টোবৰৰ ভিতৰত সেই ব্যক্তিসকলৰ ১০০শতাংশৰেই প্ৰথম পালি প্ৰতিষেধক প্ৰদান নলবাৰী জিলাই সম্পূৰ্ণ কৰিব পাৰে৷ জিলা স্বাস্থ্য বিভাগক প্ৰতি দিনেই ১০,০০০ লোকক টিকাকৰণ কৰাৰ লক্ষ্যৰে আগবাঢ়ি যাবলৈ কয় আৰু এইক্ষেত্ৰত জিলা প্ৰশাসনক প্ৰয়োজন হোৱা সকলোধৰণৰ সহায়-সহযোগ আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে৷