Logo
image

ৰাহি-যোৰা নিমিলিল, থাওৰা ভৱানীপুৰত কংগ্ৰেছ প্ৰাৰ্থী

আমাৰ অসম, ৬ অক্টোবৰঃ প্ৰদেশ কংগ্ৰেছে থাওৰা সমষ্টিত প্ৰাৰ্থী থিয় কৰোৱাৰ লগে লগে বিধানসভাৰ আগন্তুক উপ-নিৰ্বাচনত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ বুজাবুজিৰ পথ ৰুদ্ধ হৈ পৰিল৷ আনহাতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা সমষ্টিতে বিৰোধীৰ জয় লাভৰ আশাও সম্পূৰ্ণ ৰূপে নিৰ্বাপিত হ’ল৷ উল্লেখ্য যে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বহু পূৰ্বে ৰাইজৰ দলে থাওৰা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোৱৰে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ যুদ্ধকালীন তৎপৰতাৰে অব্যাহত ৰাখিছে৷ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছে নেতৃত্বক থাওৰা সমষ্টি তেওঁলোকক এৰি দিবলৈ বাৰম্বাৰ আহ্বান জনায়৷ থাওৰা সমষ্টি এৰি দিয়াৰ বিনিময়ত কংগ্ৰেছক মৰিয়নিত জয়ী কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিছিল অখিল গগৈয়ে৷ কংগ্ৰেছে থাওৰা এৰি দিলে ৰাইজৰ দলে অন্য সমষ্টি ৪টা কংগ্ৰেছক এৰি দিয়াৰ কথাও কৈছিল অখিল গগৈয়ে৷ কিন্তু কংগ্ৰেছ দলে কোনো কাৰণতে থাওৰা সমষ্টি এৰি দিবলৈ সাজু নহ’ল আৰু অৱশেষত এই সমষ্টিটোৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ থাওৰা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ বুজাবুজিৰ পথো স্তব্ধ হৈ পৰে৷ থাওৰা সমষ্টিক কংগ্ৰেছ আৰু ৰাইজৰ দলে সন্মানৰ বিষয় হিচাপে লোৱাৰ ফলত দুয়োটা দলৰ মাজত শেষ পৰ্যন্ত ৰাজনৈতিক বুজাবুজি সম্ভব হৈ নুঠিল৷ থাওৰাৰ পৰিৱৰ্তে কংগ্ৰেছ দলে ৰাইজৰ দলক ভবানীপুৰ সমষ্টি এৰি দিয়াৰ প্ৰস্তাৱ দিছিল৷ কিন্তু ৰাইজৰ দলে সেই প্ৰস্তাৱ মানি নল’লে৷ ভূপেন বৰা আৰু অখিল গগৈৰ মাজত সমষ্টিৰ ভাগ বটৰোৱাক কেন্দ্ৰ কৰি মত পাৰ্থক্য অব্যাহত থকাৰ মাজতে চামগুৰিত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অখিল গগৈৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় য’ত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত ২০২৪ চনলৈ দল দুটাৰ মাজৰ মিত্ৰতা অব্যাহত থাকিব বুলি ৰাজহুৱা ঘোষণা কৰা হৈছিল৷ উল্লেখ্য যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈও কংগ্ৰেছৰ সৈতে বৈঠক অনুষ্ঠিত কৰি উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা সমষ্টিত বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ  সপক্ষে মত প্ৰকাশ কৰিছিল৷ কংগ্ৰেছ জাতীয় পৰিষদক মাজুলী সমষ্টি এৰি দিয়াৰ কথা কৈছে৷ অৱশ্যে বৰ্তমান পৰ্যন্ত মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিনবাৰ ঘোষণা হোৱা নাই৷ আজি পুৱা কংগ্ৰেছে আনুষ্ঠানিকভাৱে থাওৰা, তামুলপুৰ আৰু গোসাইগাঁও সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে নিশা ভবানীপুৰ আৰু মৰিয়নি সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ সেই অনুসৰি ভবানীপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাস আৰু মৰিয়নিত লোহিত কোৱৰ  হ’ব৷ পাঁচোটা সমষ্টিতে কংগ্ৰেছ দলে প্ৰাৰ্থী থিয় কৰোৱাৰ পিছত বিৰোধী ঐক্য এতিয়া কেবল শ্লোগানত সীমাৱদ্ধ হৈ থাকি গ’ল৷ কংগ্ৰেছৰ এনে স্থিতিৰ পিছত ৰাইজৰ দলে অন্য ৪টা সমষ্টিত কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত বুজাবুজি নহোৱাৰ ফলত উৎফুল্লিত হৈ পৰিছে শাসকীয় বিজেপি দল৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা সমষ্টিয়ে বিজেপিৰ দখললৈ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিল৷ অখিল গগৈও একে দাবী কৰি কৈছে যে বিৰোধীৰ মাজত বুজাবুজি নোহোৱা মানে গোটেইকেইখন আসন বিজেপিক এৰি দিয়া হ’ব৷ উল্লেখ্য, থাওৰা সমষ্টি নিজৰ দখললৈ অনাৰ ৰণকৌশল হিচাপে সমষ্টিটোত বিজেপিৰ টিকটৰ অন্যতম দাবীদাৰ কুশল দুৱৰীক ইতিমধ্যে নিগমৰ অধ্যক্ষ পদ দিয়া হৈছে৷ কিন্তু ইয়াৰ পিছতো শেষ হোৱা নাই বিজেপি নেতাজনৰ বিদ্ৰোহ৷ এইপৰ্যন্ত চৰকাৰে কুশল দুৱৰীৰ বাহিৰে অন্য কোনো লোকক নিকায়-নিগমৰ অধ্যক্ষ পদ দিয়া নাই৷

বিজেপিয়ে শত্ৰু হিচাপে গণ্য কৰে বিৰোধী দলকঃ কংগ্ৰেছ

উপ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া পাঁচটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছে৷ মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই প্ৰাৰ্থী কেইজনৰ নাম ঘোষণা কৰে৷ সেই অনুসৰি গোসাইগাঁও বিধানসভা সমষ্টিৰ বাবে জুৱেল টুডু, তামুলপুৰ সমষ্টিৰ বাবে ভাস্কৰ দাহাল আৰু থাওৰা সমষ্টিৰ বাবে মনোৰঞ্জন কোঁৱৰৰ নাম ঘোষণা কৰা হয়৷ প্ৰদেশ কংগ্ৰেছৰ উপসভাপতিজনে লগতে কয় আমাৰ আটাইকেইজন প্ৰাৰ্থীয়েই শক্তিশালী৷ ইয়াৰোপৰি কেইদিনমান পূৰ্বে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ এক কৃষকৰ প্ৰতিবাদী কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী এজনৰ পুত্ৰই গাড়ী চলাই ৬জন কৃষকক মহতিয়াই হত্যা কৰা কাৰ্য্যক গৰিহণা দিছোঁ৷ এই ঘটনাৰ ভুক্তভোগী আৰু ঘটনাটোৰ বুজ লোৱাৰ উদ্দেশ্যেৰে সেই ঠাইত উপস্থিত হ’বলৈ যোৱাৰ পথত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰিয়ঙ্কা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে অন্যায় ভাৱে আটক কৰাৰ লগতে অপদস্থ কৰাৰ চেষ্টা কৰা ঘটনাক প্ৰদেশ কংগ্ৰেছে তীব্ৰ গৰিহণা দিছে৷ এটা সময়ত অটল বিহাৰী বাজপেয়ী বিৰোধী দলৰ দলপতি থকা সময়ত কংগ্ৰেছে তেওঁক যথেষ্ট সন্মান দিছিল, কিন্তু আজি বিৰোধীক অপমান আৰু অপদষ্ট কৰি বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে৷ ইন্দিৰা গান্ধীৰ পৰিয়ালৰ হৈও প্ৰিয়ংকা গান্ধীক যিটো লেতেৰা গেষ্ট হাউচত ৰাখিলে তাত তেওঁ নিজে ঝাড়ু মাৰি পৰিষ্কাৰ কৰিব লগীয়া হৈছিল৷ বিজেপিয়ে শত্ৰু হিচাপে গণ্য কৰে বিৰোধী দলক৷ আনহাতে অসমত ৰাজকন্যা বৰুৱা নামৰ এগৰাকী মহিলাই গুৱাহাটীৰ ৰাজপথত শনিবাৰে নিশা সুৰামত্ত অৱস্থাত গাড়ী চলাই আঠজন কৰ্তব্যৰত শ্ৰমিকক মহতিয়াই লৈ যায়, যাৰ ফলত এজন বণুৱা শ্ৰমিকৰ দুয়োখন ভৰিয়েই কাটি পেলাব লগীয়া হয়৷ ৰাজকন্যা বৰুৱা ইমানেই প্ৰভাৱশালী যে তেওঁ পিছদিনাই জামিনত মুক্তি লাভ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ সহযোগিতাত দুৰ্বল কেছ ডায়েৰী দিয়া কাৰণে এনে ঘটনা হবলৈ পালে৷ যি সকল আৰক্ষী এই ঘটনাৰ লগত জড়িত আছে, তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি আঠজন শ্ৰমিকক সোনকালে যথোপযুক্ত ক্ষতি পূৰণ দিয়াৰ লগতে উক্ত ঘটনাত দুইখন ভৰিয়ে হেৰুৱাবলগীয়া হোৱা শ্ৰমিকজনক কৃত্ৰিম ভৰি লগোৱাৰ ব্যৱস্থা কৰাৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ৷ এইখন মুছলমান বিৰোধী চৰকাৰ৷ তেওঁলোকৰ মতে মুছলমানবোৰক হত্যা কৰিব লাগে৷ বিজেপি চৰকাৰে মানুহক মানুহ হিচাপে গণ্য কৰক৷ আহত এই সকল শ্ৰমিকক জীয়াই থকাৰ সুবিধা কৰি দিয়ক৷ আনহাতে মঙলবাৰে সন্ধিয়া কংগ্ৰেছ দলে ভবাণীপুৰ সমষ্টিত শৈলেন্দ্ৰ নাথ দাস আৰু মৰিয়নী সমষ্টিত লোহিত কোঁৱৰক দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰে৷

থাওৰাত সুশান্তক হৰুৱাবলৈ কংগ্ৰেছ সাজু

বিশ্বাসঘাটক, প্ৰতাৰক সুশান্ত বৰগোহাঁইক হৰুৱাবলৈ আমি সাজু-থাওৰাত কংগ্ৰেছৰ ভেটি শক্তিশালী ৰূপত আছে- আজি এইদৰে সংবাদ মেলত ঘোষণা কৰে উপ-নিবাৰ্চনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে৷ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ নিবাৰ্চনী সমিতিৰ ইনচাৰ্জ মুকুল ৱাচনিকে কালি থাওৰাৰ প্ৰাথ¹ৰূপে মনোৰঞ্জন কোঁৱৰৰ নামত মোহৰ মৰাৰ পাছতে আজি থাওৰাৰ ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ প্ৰাথ¹ তথা জ্যেষ্ঠ নেতা মনোৰঞ্জনে কয় যে কংগ্ৰেছ দলৰ প্ৰতিগৰাকী তৃণমূলৰ কৰ্মীয়েই এতিয়া সমষ্টিত কাম কৰি আছে আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে নিবাৰ্চনী যুঁজত নামি পৰিম আৰু সুশান্ত বৰগোঁহাইক আমি থাওৰাৰ পৰা উৎখাত কৰিম৷ সংবাদ মেলত মনোৰঞ্জন কোঁৱৰে কয় যে ২৭ বছৰে মই কংগ্ৰেছ দলক সেৱা আগবঢ়াই আছোঁ আৰু দলৰ সভাপতিয়ে মোৰ ওপৰত আস্থা প্ৰকাশ কৰি মোক টিকট প্ৰদান কৰাত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ মনোৰঞ্জন কোঁৱৰে আগন্তুক দিনত সকলোৰে সহযোগিতা আৰু আশীবাৰ্দ বিচাৰে৷ ইফালে বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ক আক্ৰমণ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে বিধায়ক কিনা-বেচা ৰাজনীতি কৰি ৰাজনৈতিক বাতাবৰণ কুলুষিত কৰিছে৷ এই উপ-নিবাৰ্চনৰ ফলাফলে বেচা-কিনাৰ ৰাজনীতি বন্ধ কৰিব বুলি মনোৰঞ্জন কোঁৱৰে কয় আৰু থাওৰা সমষ্টিবাসীয়ে আগন্তুক নিবাৰ্চনত বিশ্বাসঘাটকক পৰাস্ত কৰি ইতিহাস ৰচিব বুলি কয়৷ তেওঁ অভিযোগ কৰি কয় যে এতিয়া শাসকীয় দলৰ পৃষ্ঠপোষকতাত থাওৰাত মদ, মাংস আৰু বিলাসী গাড়ীৰ পয়োভৰ ঘটিছে৷ এইবাৰ থাওৰাবাসীৰ বিবেকক টকাৰে বিজেপি দলে ক্ৰয় কৰিব নোৱাৰে বুলি কংগ্ৰেছ প্ৰাৰ্থীজনে দৃঢ়তাৰে প্ৰকাশ কৰে৷ ইফালে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্ষ কোঁৱৰক কটাক্ষ কৰি কয় যে ধৈৰ্ষ কোঁৱৰে কেৱল পোন্ধৰশৰ পৰা দুহাজাৰ ভোট লাভ কৰিব৷ ৰাইজৰ দলে থাওৰাত প্ৰাৰ্থী দি বিৰোধীৰ ভোট বিভাজন কৰিবলৈ নামি পৰিছে বুলি কটাক্ষ কৰাৰ লগতে শাসকীয় দলৰ হৈ ৰাইজৰ দলে থাওৰাত কাম কৰি আছে বুলি অভিযোগ কৰে৷ আজিৰ সংবাদ মেলত কংগ্ৰেছ টিকটপ্ৰত্যাশী অধিবক্তা চন্দনজ্যোতি ফুকনে সাংবাদিকৰ আগত কয় যে আমি সকলো ঐক্যবদ্ধ আৰু দলৰ হাইকমাণ্ডৰ নিৰ্দেশ মানি আমি প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰক সহায় কৰি যাম৷ আজিৰ সংবাদ মেলত থাওৰা ব্লক কংগ্ৰেছৰ সভাপতি ডম্বৰু টাও, সাধাৰণ সম্পাদক মানিক বৰগোহাঁই, মৃদুল কোঁৱৰ, নিৰেন তাঁতী, মহিলা কংগ্ৰেছৰ সভাপতি বুলুমনি চেতিয়া, যুৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোতি তামুলী, ৰজাবাৰী মণ্ডলৰ সভাপতি দীপেন কচাৰীকে ধৰি ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে৷

সুশান্ত আৰু ধৈৰ্ষ আৰু কৃষ্ণৰ মাৰাথন প্ৰচাৰঃ ইফালে থাওৰা সমষ্টিৰ প্ৰাৰ্থীৰূপে বিজেপি দলে নাম ঘোষণা কৰাৰ লগে লগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুশান্ত বৰগোঁহায়ে কয় যে অহা নিবাৰ্চনত আমি বিশৰ পৰা পিঁচিশ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ম৷ থাওৰা সমষ্টিটো আগন্তুক দিনত অসমৰ অন্যতম শ্ৰেষ্ঠ সমষ্টি ৰূপে গঢ়ি তোলা হ’ব বুলি সুশান্ত বৰগোঁহায়ে ঘোষণা কৰে৷ বিজেপি প্ৰাৰ্থীজনে চৰগুৱা পঞ্চায়তত কেইবাখনো সৰু-বৰ সভাত অংশগ্ৰহণ কৰি নিবাৰ্চনী প্ৰচাৰ চলায়৷ ইফালে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্ষ কোঁৱৰে ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰুৱা চাংমাইত কেইবাখনো সভাত অংশগ্ৰহণ কৰে৷ ধৈৰ্ষ কোঁৱৰৰ সৈতে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে নিবাৰ্চনী সভাত অংশলৈ ভোটাৰ ৰাইজক ধৈৰ্ষ কোঁৱৰক জয়ী কৰিবলৈ আহ্বান জনায়৷ ইফালে চিপিআই দলৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে আজি ডিমৌ আৰু নিতাইপুখুৰীত প্ৰচাৰ চলাই ৰাইজৰ আশীবাৰ্দ বিচাৰে৷