Logo
image

বজাৰত জ্বলিছে জুই চৰকাৰ আছে শুই

আমাৰ অসম, ৭ অক্টোবৰঃ চৰকাৰ ব্যস্ত ৰাজনীতিত৷ ইফালে, বজাৰৰ জুয়ে দেই পুৰি নিছে সাধাৰণ জনতাক৷ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা পেট্ৰ’ল-ডিজেললৈ, আলু-পিঁয়াজৰ পৰা জিকা-বিলাহীলৈ সকলো বস্তুৰে দাম প্ৰতিদিনে বৃদ্ধি পাইছে৷ বজাৰৰ পৰিস্থিতিলৈ লক্ষ্য কৰিলে এই কথা অনুমান কৰিবলৈ খুবেই টান হয় যে অসমত যোগান বিভাগ বুলি এটা বিভাগ আছে, সেই বিভাগৰ দায়িত্বত এজন প্ৰভাৱশালী মন্ত্ৰী আছে, আৰু আছে হাজাৰ হাজাৰ বিষয়া-কৰ্মচাৰী৷ আক্ষৰিক অৰ্থতেই জুই লাগিছে বজাৰত৷ চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই বজাৰত৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ কোনো বজাৰতে চৰকাৰ-প্ৰশাসনৰ অস্তিত্ব কাৰ্যতঃ বিচাৰি পাবলৈ নাই৷ বজাৰৰ জুয়ে আখলৰ জুইৰ গতি ৰুদ্ধ কৰাৰ পাছতো শুই আছে চৰকাৰ– যেন একো দায়িত্বই নাই, একো কৰ্তব্যই নাই– সাধাৰণ জনতাৰ প্ৰতি৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গো সুৰক্ষা, হিন্দুত্বৰ উপৰি বিজেপিবিৰোধী শক্তিক বশ কৰাত ব্যস্ত৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ সাধাৰণ মানুহৰ ঘৰত চৌকা জ্বলা নাই অত্যধিক মূল্যবৃদ্ধিৰ বাবে৷ ৰাজ্যৰ বজাৰত লাগিছে জুই, চৰকাৰখন আছে শুই৷ মূল্যবৃদ্ধিৰ বাবে সাধাৰণ মানুহে কিনি আনিব পৰা নাই চাউল, দাইল, মিঠাতেল, আলু-পিঁয়াজ তথা শাক-পাচলি৷ ইফালে, ৰন্ধন গেছৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবে পানীটুপি উতলাই খাবলৈ এবাৰ ভাবিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অক্টোবৰ মাহত ৰন্ধন গেছৰ দাম পুনৰ ১৫ টকা বৃদ্ধি পাইছে৷ যোৱা চাৰিটা মাহত ৰন্ধন গেছৰ দাম চাৰিবাৰ বৃদ্ধি পাইছে৷ বিগত বছৰটোত ৰন্ধন গেছৰ মূল্য ৩০০ টকা বৃদ্ধি পাইছে৷ আজিৰ তাৰিখত ঘৰুৱা ৰন্ধন গেছৰ দাম হৈছে ৯৫২.৫০ টকা৷ একেদৰে শেহতীয়াভাৱে ৰাজ্যৰ বজাৰত আলু-পিয়াঁজ, চাউল-দাইল, শাক-পাচলিৰ মূল্য আকাশলংঘী হৈ পৰিছে৷ আজিৰ তাৰিখত আলুৰ দাম কিলোত ২৫-৩০ টকা, পিঁয়াজৰ দাম কিলোত ৪৫-৫০ টকা হৈছে৷ শাক-পাচলিৰ দাম কিলোত ১০০ টকাৰ তলত নোপোৱা অৱস্থা হৈছে৷ ৰাজ্যৰ বজাৰত জিকাৰ দাম কিলোত ৬০ টকা, স্কোৱাচৰ দাম কিলোত ৬০-৭০ টকা, ভাতকেৰেলাৰ দাম কিলোত ৬০ টকা, ফুলকবিৰ দাম কিলোত ১২০ টকা, ব্ৰকলিৰ দাম কিলোত ৩০০ টকা, তিঁয়হৰ দাম কিলোত ৬০-৭০ টকা, বিলাহীৰ ৫০-৬০ টকা, বেঙেনাৰ ৫০-৬০ টকা, ভোল-পটলৰ দাম কিলোত ৬০ টকা হৈছে৷ পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত ব্যাখ্যা নিয়োজন৷ আজৰি তাৰিখত পেট্ৰ’লৰ দাম লিটাৰত ৯৮.৫৪-১০০.৬৮ টকা হৈছে৷ গুৱাহাটীত পেট্ৰ’লৰ দাম লিটাৰত ৯৮.৫৪ আৰু  সত্ৰনগৰী মাজুলীত ১০০.৬৮ টকা৷ কৰিমগঞ্জ, শিলচৰ আদিতো পেট্ৰ’লৰ দাম লিটাৰত ১০০ৰ ঘৰ অতিক্ৰম কৰিছে৷ একেদৰে ডিজেলৰ দাম ৯০.৫৭-৯২.৪৭ টকা হৈছে প্ৰতিলিটাৰত৷ গুৱাহাটীত ডিজেলৰ দাম লিটাৰত ৯০.৫৭ আৰু  সত্ৰনগৰী মাজুলীত ৯২.৪৭ টকা৷ ফলত গাড়ী-মটৰ থাকিও গৃহবন্দী হৈ থাকিবলগীয়া হৈছে সাধাৰণ লোক৷ উল্লেখ্য, পূৰ্বৰ চৰকাৰৰ কাৰ্যকালতো ৰাজ্যৰ অভাৱনীয় মূল্যবৃদ্ধি সন্দৰ্ভত ‘আমাৰ অসম’ত সবিস্তাৰে আৰু ধাৰাবাহিকভাৱে প্ৰতিবেদন প্ৰকাশ হৈছিল৷ সংবাদ মাধ্যমৰ হেঁচাত চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ফ্লায়িং স্কোৱাদো গঠন কৰিছিল৷ কিন্তু কাৰ্যক্ষেত্ৰত সকলো ফুটুকাৰ ফেনত পৰিণত হৈছিল৷ বৰ্তমানৰ চৰকাৰখনো অত্যধিক মূল্যবৃদ্ধি সন্দৰ্ভত নীৰৱ, নিৰুদ্বেগ৷ এই সন্দৰ্ভত যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ‘আমাৰ অসম’ক কয়– সম্প্ৰতি উৎসতে বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ মূল্য৷ উৎসত মূল্যবৃদ্ধি হ’লে ৰাজ্য চৰকাৰে একো কৰিব নোৱাৰে৷ তদুপৰি চাহিদাৰ তুলনাত বিভিন্ন সামগ্ৰীৰ যোগান কম হৈ আছে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ হ’লে আমি খাদ্য সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰ হ’ব লাগিব৷ ৰাজ্যত আকাশলংঘী মূল্যবৃদ্ধিত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ‘আমাৰ অসম’ক কয়– সম্প্ৰতি ৰাজ্যৰ জনসাধাৰণ মূল্যবৃদ্ধিৰ বোজাত ঠিয় হ’ব নোৱাৰা হৈছে৷ পেট্ৰ’ল-ডিজেলৰ পৰা ৰন্ধন গেছলৈ, শাক-পাচলিৰ পৰা মাছ-মাংসলৈ অভাৱনীয় মূল্যবৃদ্ধি হৈছে৷ ৰাজ্যবাসীক মূল্যবৃদ্ধি তথা অন্যান্য জ্বলন্ত সমস্যাৰ পৰা আঁতৰাই ৰাখিবলৈ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান, বেদখল উচ্ছেদৰ পদক্ষেপ লৈছে৷ সৰ্বসাধাৰণ শ্ৰেণীৰ লোকে মূল্যবৃদ্ধিৰ বাবে চকুৰে সৰিয়হ ফুল দেখাৰ উপক্ৰম হৈছে৷ তাৰ পাছতো এখন চৰকাৰ নিৰুদ্বেগ হৈ থকাতো দুৰ্ভাগ্যজনক, লজ্জাজনক৷