Logo
image

পেট্ৰ’ল ১০০ নট আউট

আমাৰ অসম, ৮ অক্টোবৰঃ অসমত শতকৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ মূল্যই৷ পেট্ৰ’লৰ সমান্তৰালভাৱে শেহতীয়াভাৱে ডিজেলৰো মূল্য অভাৱনীয় হাৰত বৃদ্ধি পোৱাত ইয়াৰ প্ৰভাৱ পৰিছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত৷ ফলত পেট্ৰ’ল-ডিজেলৰ সমান্তৰালভাৱে আকাশলংঘী হৈ পৰিছে এনে সামগ্ৰীৰ মূল্য৷ বজাৰত অনিয়ন্ত্ৰিত হৈ পৰিছে শাক-পাচলি আৰু অন্যান্য খাদ্যসামগ্ৰীৰ মূল্য৷ উৎসৱৰ বতৰত পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতিদিনে বাঢ়ি বাঢ়ি শতকৰ ঘৰ অতিক্ৰম কৰাৰ ফলত ম্লান হৈ পৰিছে উৎসৱৰ আনন্দ৷ হ্ৰাস পাইছে সৰ্বসাধাৰণ লোকৰ ক্ৰয় ক্ষমতা৷ বিগত দুবছৰ ধৰি অব্যাহত থকা ক’ভিডৰ ভয়াৱহতাই সম্পূৰ্ণৰূপে থান-বান কৰিছে দেশ আৰু ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামোক৷ ইয়াৰ পাছতো সৰ্বসাধাৰণ ৰাইজক সকাহ দিয়াৰ পৰিৱৰ্তে প্ৰতিদিনে বৃদ্ধি পাই গৈ আছে পেট্ৰ’ল-ডিজেলৰ মূল্য৷ আজিৰ দিনটোত অসমৰ বহুকেইখন জিলাত পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ স্পৰ্শকৰে৷ বহুকেইখন জিলাত এই মূল্য শতকৰ ঘৰ অতিক্ৰম কৰিছে৷ বিশ্বনাথত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০০.৫১ টকা হয়৷ বুধবাৰে বিশ্বনাথত পেট্ৰ’লৰ মূল্য আছিল ১০০.০৯ টকা৷ ঠিক তেনেদৰে আজিৰ দিনটোত চৰাইদেউত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০০.২৭ টকা, ধেমাজিত ১০০.৬০ টকা, ধুবুৰীত ১০০.১৬ টকা, ডিমা হাচাওত ১০১.৩৬ টকা, গোৱালপাৰাত ১০০.০৪ টকা, হাইলাকান্দিত ১০০.১১ টকা, কাৰ্বি আংলঙত ১০০.৪৬ টকা, কৰিমগঞ্জত ১০০টকা, লখিমপুৰত ১০১.৫৫ টকা, মাজুলীত ১০১.৫৪টকা, মৰিগাঁৱত ১০০.৫৩ টকা, নগাঁৱত ১০০.৩৩টকা, শিৱসাগৰত ১০০.৪৩ টকা, পশ্চিম কাৰ্বি আংলঙত ১০০.৫৩ টকা হয়৷ ঠিক তেনেদৰে বুধবাৰে ধেমাজিত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০০.০১ টকা ডিমা হাচাওত ১০১.৩০ টকা, কৰিমগঞ্জত ১০০.১২ টকা, লখিমপুৰত ১০১.২৪ টকা, মাজুলীত ১০১.২৮ টকা, নগাঁৱত ১০০.০২ টকা, শিৱসাগৰত ১০০.১৫ টকা, ওদালগুৰিত ১০০.২১ টকা আৰু পশ্চিম কাৰ্বি আংলঙত ১০০.২২ টকা আছিল৷ গুৱাহাটী মহানগৰীত আজিৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.১৫ টকা হোৱাৰ বিপৰীতে কালি ৯৮.৮৪ টকা আছিল৷ অসমৰ যিসমূহ চহৰত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০০ৰ ঘৰ স্পৰ্শ কৰা নাই সেই চহৰসমূহত পেট্ৰ’লৰ মূল্য কিন্তু ৯৯ৰ ঘৰ অতিক্ৰম কৰিছে৷ যিকোনো মুহূৰ্তত এই চহৰসমূহতো পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰিব৷ পেট্ৰ’লৰ সমান্তৰালভাৱে ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই গৈ আছে ডিজেলৰ মূল্যও৷ অসমত ইতিমধ্যে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৯০ ঘৰ অতিক্ৰম কৰিছে৷ ডিমা হাচাওত আজিৰ দিনটোত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯৩.৩১ টকা হোৱাৰ বিপৰীতে মাজুলীত ৯৩.২০ টকা আৰু লখিমপুৰত ৯৩.১৮ টকা হয়৷ আজিৰ দিনটোত ওদালগুৰিত প্ৰতিলিটাৰ ডিজেলৰ মূল্য সৰ্বাধিক ৯৩ পইচা বৃদ্ধি পায়৷ চহৰখনত প্ৰতিলিটাৰ ডিজেলৰ মূল্য হয় ৯২.২৩ টকা৷ উল্লেখ্য, ২০১৭ চনৰ জুন মাহৰ পৰা দেশত প্ৰতিদিনে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা আৰম্ভ কৰা হয়৷ বিশ্বনাথত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৯২.১২ টকা, ধেমাজিত ৯২.০২ টকা, কৰিমগঞ্জত ৯২.১৭ টকা, নগাঁৱত ৯২.০৩ টকা, শিৱসাগৰত ৯২.১৫ টকা, ওদালগুৰিত ৯২.২৩ টকা আৰু পশ্চিম কাৰ্বি আংলঙত ৯২.২৫ টকা হয়৷ পেট্ৰ’ল-ডিজেলৰ সমান্তৰালভাৱে অসমত অভাৱনীয়ভাৱে মূল্যবৃদ্ধি হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰো৷ ইতিমধ্য বহুকেইখন জিলাত ৰন্ধন গেছৰ চিলিণ্ডাৰে হাজাৰ টকা অতিক্ৰম কৰিছে৷ আজিৰ দিনটোত কৰিমগঞ্জত এটা চিলিণ্ডাৰৰ মূল্য ১,০১৯.৫০ টকা হোৱাৰ বিপৰীতে কাছাৰতো ১,০১৯.৫০ টকা, ডিমা হাছাওত ১,০৪৩ টকা, হাইলাকান্দিত ১,০২৮ টকা হয়৷ গুৱাহাটীত আজিৰ দিনটোত এটা চিলিণ্ডাৰৰ মূল্য ৯৩৩.৫০ টকা হয়৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে বজাৰৰ ওপৰত৷ যাৰ ফলত দুৰ্বিসহ হৈ পৰিছে সৰ্বসাধাৰণ লোকৰ দৈনন্দিন জীৱনযাত্ৰা৷

সোণাৰিত পেট্ৰ’লিয়ামমন্ত্ৰীৰ প্ৰতিকৃতি দাহ যুৱ-ছাত্ৰ পৰিষদৰ

পেট্ৰ’ল-ডিজেলৰ  অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে জিলা সদৰ সোণাৰিত কেন্দ্ৰীয় পেট্ৰ’লিয়ামমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে৷ আজি দুপৰীয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে সোণাৰি নগৰৰ মাজমজিয়াত কেন্দ্ৰীয় পেট্ৰ’লিয়ামমন্ত্ৰীজনৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰবিৰোধী বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে পেট্ৰ’ল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবেই অসমত অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলংঘী হোৱা বুলি মন্তব্য কৰি অচিৰেই পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক দাবী জনাইছে৷