Logo
image

ৰাজকন্যাৰ গল্প এৰক, ইমৰান মফিদুলহঁতৰ কথাও ভাবক

আমাৰ অসম, ৮ অক্টোবৰঃ ঘটনাবহুল পৰিক্ৰমাৰ মাজেৰে গ্ৰেপ্তাৰ হ’ল ৰাজকন্যা বৰুৱা৷ বুধবাৰৰ নিশাটো পানবজাৰৰ মহিলা থানাত এখন বেঞ্চতে বহি কটালে গুৱাহাটীৰ বহু চৰ্চিত মটৰ দুৰ্ঘটনাৰ অভিযুক্ত মডেল-যুৱতী ৰাজকন্যাই৷ ২৯ বছৰীয়া ৰাজকন্যা বৰুৱাক নিশা পাঁচ মহিলা কনিষ্টবলৰ নজৰত ৰখাৰ পাছত  বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত তদন্তকাৰী বিষয়াৰ আবেদনৰ ভিত্তিত এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ শুকুৰবাৰে পুনৰ অভিযুক্ত ৰাজকন্যাক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে অভিযুক্তগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ গুৱাহাটীৰ ৰাজপথত আঠজন শ্ৰমিক-পথচাৰীক মহটিয়াই নিয়া ৰাজকন্যাক লৈ সকলো ব্যস্ত হৈ থাকিলেও দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত জেহিৰুল, ইমাৰণ দৰে ভুক্তভোগী শ্ৰমিককেইজনৰ বাবে চিন্তা কৰা কোনো ওলোৱা নাই৷ এতিয়াও জি এম চি এইচৰ বিচনাত দুয়োখন ভৰি হেৰুৱাই যন্ত্ৰণাত চটফটাই আছে যোচেফ মাৰাক নামৰ পথচাৰীজনে৷ চিৰজীৱনৰ বাবে পংগুত্বক আকোৱালি লোৱা পত্নীহাৰা দুৰ্ভগীয়া লোকজনৰ কাষত আত্মীয় বুলিবলৈও কোনো নাই৷ জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰকাশ কৰা মতে দীঘলীয়া হ’ব যোচেফ মাৰাকৰ চিকিৎসা৷ উপ-ৰাষ্ট্ৰপতিৰ গুৱাহাটী ভ্ৰমণক কেন্দ্ৰ কৰি শনিবাৰে মাজনিশাও ৰুক্মিণীগাঁৱৰ ৰাজপথৰ মেৰামতি কামত নিয়োজিত হৈ আছিল দুৰ্ভগীয়া শ্ৰমিক কেইজন৷ তেওঁলোকে হয়তো ভবা নাছিল মাজনিশাতো হ’ব পাৰে তেওঁলোকৰ বাবে কাল অমানিশা৷ বিলাসী তাজ ভিভাণ্টা হোটেলত বাৰ্থদে পাৰ্টী কৰি  সুৰাৰ ৰাগীত গাড়ী চলাই ঘৰলৈ উভতি আহোতেই মডেল যুৱতী ৰাজকন্যা বৰুৱাৰ বাহনে এখন মালবাহী বাহনত খুন্দিয়াই মহটিয়াই নিছিল কৰ্মৰত আঠজন শ্ৰমিক-পথচাৰীক৷ এই দুৰ্ঘটনাটোত ঘটনাস্থলীতে সোঁভৰিখন ছিগি গৈছিল মেঘালয়ৰ যোছেফ মাৰাক নামৰ শ্ৰমিকজনৰ৷ দুৰ্ঘটনাৰ তিনি-চাৰিদিনলৈ যোছেফৰ পৰিচয়ো পোহৰলৈ অহা নাছিল৷ ইপিনে, আঘাতপ্ৰাপ্ত হৈ নলবাৰীৰ ইমৰাণ চৌধুৰী, চিৰাজ আলী, আটিকুৰ ৰহমান, মফিজুল ইছলাম, জেহৰুল ইছলাম আৰু আইনুল আলী জি এম চি এইছত চিকিৎসাধীন হৈছিল৷ হাস্পতালৰ পৰা ইতিমধ্যে যোছেফক বাদ দি আন আহত আটাইকেইজনকে ডিচাৰ্জ দিয়া হৈছে৷ ৰাজকন্যাই চলোৱা তীব্ৰবেগী বাহনখনৰ খুন্দাত কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈ ঘৰতে চিকিৎসা চলি থকা নলবাৰীৰ মুকালমুৱাৰ লোহাকাটা অঞ্চলৰ শ্ৰমিককেইজনৰ কথা এতিয়া ভাবিব কোনেঞ্জ কিয়নো দুৰ্ঘটনাটোৰ আগলৈকে ৰাজকন্যা বৰুৱা সকলোৰে বাবে অপৰিচিত আছিল৷ যদিও ৰাজকন্যাই ফেমিনা মিছ ইণ্ডিয়া খিতাপ জয় লাভ কৰিছিল৷ অপৰিচিত ৰাজকন্যাক এদিন সকলোৱে পাহৰি যাব৷ জামিন অযোগ্য তিনিটা ধাৰাত দ্বিতীয়বাৰ গ্ৰেপ্তাৰ কৰিলেও কিছুদিনৰ পাছত ন্যায়ালয়ে জামিনো মঞ্জুৰ কৰিব ৰাজকন্যাক৷ দুৰ্ভগীয়া আঘাতপ্ৰাপ্ত শ্ৰমিককেইজনে কাম কৰা দিছপুৰৰ উৰণীয়া সেঁতুখন এদিন মুকলি হৈ জিলিকি উঠিব৷ কিন্তু শ্ৰমিককেইজনৰ জীৱনলৈ জানো পৰিৱৰ্তন আহিব৷ ঠিকাদাৰৰ অধীনত নিয়োজিত শ্ৰমিককেইজন একো-একোটা পৰিয়ালৰ ভৰণ-পোষণৰ মূল ব্যক্তি আছিল যদিও দুৰ্ঘটনাৰ দিন ধৰি বন্ধ হৈ আছে তেওঁলোকৰ উপাৰ্জন৷ বৰ্তমানৰ ভোগবাদী সমাজ ব্যৱস্থাত ছ’চিয়েল মিডিয়াত নিজকে সমাজ সচেতক হিচাপে পৰিচয় দিয়া সকলেও দুৰ্ঘটনাটোৰ বাবে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত যিমান হৈ-চৈ কৰিলে, দুৰ্ভগীয়া শ্ৰমিককেইজনৰ বাবে কোনো সহানুভূতি প্ৰকাশ কৰা দেখা নগ’ল৷ সকলোৰে অলক্ষিতে দুৰ্ভগীয়া শ্ৰমিক কেইজনে ঘৰতে দুৰ্ভোগ ভূগি থাকিবলগীয়া হৈছে৷

শোণিতপুৰত ভিজিলেঞ্চৰ তদন্তকাৰী দল

আজি দিনৰ প্ৰায় ১২-৩০বজাত তেজপুৰস্থিত শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয়হি অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা তদন্তকাৰী দল৷ এগৰাকী মহিলা বিষয়াৰ নেতৃত্বত উপস্থিত হোৱা তদন্তকাৰী দলটোৱে উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ শাখাৰ পৰা এটা ফাইল তথা এক বিশেষ নথি সংগ্ৰহ কৰিছে৷ জিলাখনৰ ঠেলামৰা ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় তথা ঠেলামৰাৰ মাটিৰ দালালিৰ ঘটনাৰ তথ্য সংগ্ৰহৰ বাবেই দলটো উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, ৰাজ্যজুৰি চলা মাটিৰ দালালবিৰোধী অভিযানৰ অংশ হিচাপে তথা উৎকোচ গ্ৰহণ সন্দৰ্ভত ইতিমধ্যে শোণিতপুৰৰ ঠেলামৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডল গুলজাৰ হুছেইনক যোৱা ২৮ছেপ্টেম্বৰত গুৱাহাটীত গ্ৰেপ্তাৰৰ পাছত ঠেলামৰাৰ চক্ৰ বিষয়া আৰু বৰেণ্য ৰঞ্জন বৰঠাকুৰকো তিনি অক্টোবৰত গুৱাহাটীত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰাৰ পাছত আজি তদন্তকাৰী দল উপস্থিত হয়হি তেজপুৰস্থিত শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয় চৌহদত৷ শোণিতপুৰৰ এজন নৱ-নিযুক্ত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাৰ কাৰ্যালয় কক্ষত উপস্থিত হৈ তদন্তকাৰী দলটোৱে প্ৰায় এঘণ্টা সময় ইয়াতে অতিবাহিত কৰে৷ দলটোৱে ৰাজহ বিভাগৰ পৰা ঠেলামৰাৰ জনৈক বৰুৱা নামৰ এজন লোকৰ বিৰুদ্ধে যোৱা ২৪ছেপ্টেম্বৰত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৰাজহ চক্ৰ বিষয়া বৰঠাকুৰে মাটিৰ দালালিৰে জড়িত থকাৰ সন্দৰ্ভত শোণিতপুৰৰ উপায়ুক্তক দাখিল কৰা এক অভিযোগৰ প্ৰতিলিপি সংগ্ৰহ কৰে৷ উল্লেখ্য যে,  বৰুৱাৰ বিৰুদ্ধে ৰাজহ চক্ৰ বিষয়াই দাখিল কৰা এই অভিযোগত তেওঁ কিন্তু স্বাক্ষৰ কৰা নাছিল৷ ইপিনে, এই অভিযোগ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা ২৭ছেপ্টেম্বৰত শোণিতপুৰৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা হয়৷ উপায়ুক্ত কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই অভিযোগত বৰুৱা উপাধিৰ লোকজনৰ অগাধ সম্পত্তিৰ সৱিশেষো উল্লেখ কৰা আছিল৷ ইপিনে তদন্তকাৰী দলটোৱে কিন্তু আজিৰ অনুসন্ধান সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰাৰ পৰা বিৰত থাকে যদিও এজনে মাটিৰ দালালৰ ক্ষেত্ৰত সম্প্ৰতি অব্যাহত তদন্তৰ অংশহিচাপেই তেজপুৰত উপস্থিত হোৱা বুলি কয়৷ আনহাতে, শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰমি বৰুৱায়ো এই সন্দৰ্ভত কোনো কথা তেওঁ নিয়ম অনুসৰি প্ৰকাশ কৰিব নোৱাৰে বুলি মন্তব্য কৰে৷ উল্লেখ্য যে, ঠেলামৰা ৰাজহ চক্ৰ অন্তৰ্গত অঞ্চলত মাটিৰ দালালিয়ে ব্যাপকৰূপ লোৱাৰ লগতে চাৰিদুৱাৰ ৰাজহ চক্ৰ অন্তৰ্গত অঞ্চলতো মাটিৰ দালালৰ বৃহৎ চক্ৰ গঢ়ি উঠাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে৷ আনহাতে, আজি ঠেলামৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত চি.এম ভিজিলেন্স আৰু আৰক্ষীৰ দল উপস্থিত হয়৷ কেইদিনমান পূৰ্বে আটক হোৱা লাট মণ্ডল আৰু ৰাজহ চক্ৰ বিষয়াৰ দুনীৰ্তিৰ তদন্তৰ বাবে উপস্থিত বিশেষ তদন্তকাৰী দলটোৱে বহুসময় ধৰি বহু নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰি কিছু নথি-পত্ৰ জব্দ কৰাৰ বিষয়েও জানিব পৰা গৈছে৷