Logo
image

নাকী লাগিব ফেচবুক হোৱাট্‌ছএপ, নিউজ প’ৰ্টেলৰ

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ যি মাধ্যমেৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল, দেশৰ চুকে-কোণে, ঘৰে ঘৰে সোমাই পৰিছিল, সেই ছ’চিয়েল মিডিয়াই এতিয়া ‘ফ্ৰাংকেনষ্টাইন’ হৈ পৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বাবে৷ তাতোকৈ ভয়ংকৰ ‘শত্ৰু’ৰ ৰূপ ধৰি আগবাঢ়ি আহিছে দেশৰ অ’ত ত’ত কাঠফুলাৰ দৰে ‘গজি’ উঠা নিউজ পৰ্টেলবোৰ৷ টেলিভিছন চেনেল মূৰৰ বিষৰ কাৰণ নহয়৷ ছপা মাধ্যমো ভাল৷ অৰ্থাৎ দেশৰ পৰম্পৰাগত মিডিয়াৰ ৰং-ৰূপ এতিয়াও অনুকূল৷ কিন্তু নিয়ন্ত্ৰণহীন হৈ পৰিছে নিউজ পৰ্টেলবোৰ৷ পৰ্টেলত ওলোৱা বাতৰি সমূহ বাৰম্বাৰ বাজি থাকে ছ’চিয়েল মিডিয়া, অৰ্থাৎ ফেচবুক, টুইটাৰত, ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি থাকে হোৱাটছএপত৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক চৰম অসুবিধা আৰু অস্বস্তিত পেলোৱা এই নিউজ পৰ্টেলসমূহক নিয়ন্ত্ৰণ কৰাৰ বাবে সুনিৰ্দিষ্ট আচৰণবিধি তৈয়াৰ কৰিবলৈ উচ্ছতম ন্যায়ালয়ত সেয়ে শপতনামা দাখিল কৰি আবেদন জনাইছে মোদী চৰকাৰে৷ সুদৰ্শন টিভি নামৰ এটা চেনেলে ‘ইউ পি এছ চি জিহাদ’ নামৰ এটা বিতৰ্কিত প্ৰগ্ৰেম সম্প্ৰচাৰ কৰিছিল আৰু তাৰ বিৰুদ্ধে জনোৱা আবেদনৰ প্ৰত্যুত্তৰত উচ্ছতম ন্যায়ালয়ে পৰম্পৰাগত মিডিয়া অৰ্থাৎ টিভি আৰু ছপা মাধ্যমৰ বাবে আচৰণবিধি তৈয়াৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল৷ পিছে তাৰ প্ৰত্যুত্তৰত মোদী চৰকাৰে উচ্ছতম ন্যায়ালয়ত শপতনামা দাখিল কৰি ক’লে– ‘টিভি চেনেল আৰু পেপাৰ ভাল৷ তেওঁঁলোকে ভাবি-গুণি, বিবেচনা কৰি বাতৰি সম্প্ৰচাৰ আৰু প্ৰকাশ কৰে৷ নিয়ন্ত্ৰণ নাই য’তে ত’তে জন্ম পোৱা নিউজ পৰ্টেলবোৰৰ৷ ডিজিটেল মাধ্যমটোৱে সঁচাই মিছাই যিকোনো বাতৰি সম্প্ৰচাৰ কৰি থাকে৷ ডিজিটেল মিডিয়া অনেক দ্ৰুতভাৱে মানুহৰ কাষলৈ যায়৷ ফেচবুক, টুইটাৰ, ইউটিউবত বাজিয়েই থাকে, বাজিয়েই থাকে৷ হোৱাটছএপত দ্ৰুতভাৱে বিয়পি পৰে৷ উচ্ছতম ন্যায়ালয়ে তেওঁলোকক নিয়ন্ত্ৰণ কৰা বিধি প্ৰস্তুত কৰক, যাতে যিহকে মন যায় তাকে তেওঁলোকে বজাব, সম্প্ৰচাৰ কৰিব নোৱাৰে৷’ উচ্ছতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত এতিয়াও ৰায়দান কৰা নাই৷ কিন্তু বিজেপি চৰকাৰৰ অতি প্ৰিয় ছ’চিয়েল মিডিয়া যে এতিয়া বুমেৰাং হৈ পৰিছে, মোদী চৰকাৰৰ শপতনামাৰ ৰূপ দেখিয়েই বুজিব পৰা হৈছে৷