Logo
image

সাগৰলৈ আৰু বেছি দূৰ নাই

কলকাতাত ব্ৰহ্মপুত্ৰ-বৰাকৰ পৰা সাগৰ সংযোগী জলপথ ঘোষণা সোণোৱালৰ

অসম আৰু অসমীয়াৰ বাবে এতিয়া সাগৰলৈ আৰু বেছি দূৰ নাই৷ নৰেন্দ্ৰ মোদী চৰকাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাকক বংগোপসাগৰৰ সৈতে সংযোগ কৰাৰ অভিলাসী আঁচনি যুগুত কৰিছে৷ সুষম, কম খৰচী আৰু সুগম জলপথৰ উপৰি এই পথেৰে ব্যৱসায়-বাণিজ্যক উৎসাহিত কৰাৰ দিহা কৰা হৈছে৷ জলমাৰ্গৰ মাধ্যমেৰে কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ আৰু হালদিয়া বন্দৰক অসমৰে সংলগ্ন কৰাৰ কাম অধিক ক্ষিপ্ৰ কৰি তোলা হ’ব৷ –কলকাতাত এই ঘোষণা কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ সোণোৱালে ঘোষণা কৰে যে নদী জলপথৰ বাবে এহাজাৰ কোটি টকাৰ পেকেজ আগবঢ়োৱা হ’ব৷ পূৰ্বোত্তৰত স্থাপন কৰা হ’ব মেৰাইন প্ৰতিষ্ঠান৷ গংগা-ব্ৰহ্মপুত্ৰ-বৰাকৰ জলপথ সংযোগৰ কথাও ভবা হৈছে৷ দক্ষিণ-পূব এছিয়াৰ হাবৰূপে উত্তৰ-পূৰ্বাঞ্চলক গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে৷ জলপথেৰে ৰপ্তানি-বাণিজ্যই অহা বছৰ চাৰিশ নিযুত ডলাৰৰ সীমা স্পৰ্শ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত এই সম্পৰ্কীয় এটা এপো মুকলি কৰে৷ শুল্ক বিভাগৰ জটিলতা হ্ৰাসৰ বাবে বন্দৰৰ বাহিৰতে ব্যৱস্থাটো শেষ কৰা কাৰ্যও আৰম্ভ কৰা হৈছে৷ সামগ্ৰী উঠোৱা-নমোৱাৰ সহজ পদ্ধতিৰ নতুন প্ৰযুক্তি সঁজুলিও সোণোৱালে উদ্বোধন কৰে৷ উল্লেখ্য, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথমন্ত্ৰী তথা কেন্দ্ৰীয় আয়ুষমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ক’লকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ পোনপ্ৰথমে কেন্দ্ৰীয় মন্ত্ৰীজনে ক’লকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ ন্যাসৰ শতবৰ্ষ গৰকা চিকিৎসালয়ত ৩০০০ লিটাৰযুক্ত লিকুইড মেডিকেল অক্সিজেন টেংকিৰ শুভ উদ্বোধন কৰে৷ প্ৰকল্পটোৱে ১০৪খন বিছনাযুক্ত চিকিৎসালয়খনত ২৪ঘণ্টা অক্সিজেন যোগান ধৰাৰ লগতে ক’ভিড যত্ন আৰু চিকিৎসা অধিক ত্বৰান্বিত কৰিব৷ ইয়াৰ পাছতে তেওঁ খিদিৰপুৰত জাহাজঘাট পৰিদৰ্শন কৰি উপলব্ধ বিভিন্ন সা-সুবিধা আৰু কাম-কাজৰ বুজ লয়৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰীজনে খিদিৰপুৰ জাহাজঘাটতে প্ৰি-গেট সুবিধাৰ শুভ উদ্বোধন কৰে আৰু জাহাজঘাটটোৰ প্ৰি-গেটৰ পৰা ৰপ্তানি সামগ্ৰী কঢ়িয়াই নিয়া প্ৰথমখন বাহনৰ ফ্লেগ-অফ্‌ কৰে৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মন্ত্ৰীজনে এটা গছপুলিও ৰোপণ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীজনে  নেতাজী সুভাষ জাহাজঘাট পৰিদৰ্শন কৰি সেউজ বন্দৰ পদক্ষেপ [ধূলিময় পৰিৱেশৰ নিয়ন্ত্ৰণৰ বাবে ফ’গ কেনন আৰু স্বয়ংক্ৰিয় ছুইপিং মেচিন]ৰ শুভাৰম্ভ কৰে আৰু পেনা চিমেণ্ট প্ৰকল্প [বন্দৰ নেতৃত্বাধীন উদ্যোগ] তথা ৰিফাৰ পাৰ্কৰো শুভ উদ্বোধন কৰে৷ সেউজ বন্দৰ পদক্ষেপে এই সমগ্ৰ অঞ্চলটোত ধূলি নিয়ন্ত্ৰণ আৰু স্বাস্থ্যকৰ পৰিৱেশ গঢ় দিয়াত সহায় কৰিব৷ লগতে ৰিফাৰ পাৰ্কে আমদানি-ৰপ্তানি ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও বিশেষকৈ কৃষিজাতযমাছ ধৰা সামগ্ৰী আদিৰ ৰপ্তানি বৃদ্ধি কৰিব৷ তাৰ পাছত, অনুষ্ঠানসমূহৰ সৈতে সংগতি ৰাখি বন্দৰটোত আয়োজিত ৰাজহুৱা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীজনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানটোত তেওঁ নলাৰ উপযুক্ত ব্যৱস্থা, নিষ্কাসন প্ৰণালী আৰু ফুটপাথৰ উন্নয়নৰ লগতে পথ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ প্ৰকল্প, কাৰ্গ’ প্ৰেৰণ, ডিজিটাইজড ভূমি ব্যৱস্থাপনা তথ্য ব্যৱস্থা, জাহাজঘাটৰ অত্যাধুনিক নিৰীক্ষণ ব্যৱস্থা আদি বিভিন্ন প্ৰকল্প মুকলি কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ দূৰদৃষ্টিপূৰ্ণ সপোনক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সকলোৰে ঐক্যবদ্ধ দায়ৱদ্ধতাক দোহাৰি সোণোৱালে ভাষণ প্ৰসংগত কয় যে- মোদীজীয়ে শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰক অত্যাধুনিকভাৱে সজ্জিত কৰি বিশ্বৰ ভিতৰতে এক উল্লেখযোগ্য বন্দৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে৷ ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ উপৰিও কাষৰীয়া দেশসমূহ যেনে- নেপাল, বাংলাদেশ, ভূটান, ম্যানমাৰ আদিলৈ থলুৱাভাৱে উৎপাদিত কৃষিজাত আৰু অন্যান্য সা-সামগ্ৰী ৰপ্তানি কৰাত এই বন্দৰটোৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ৷ ভাৰতৰ কৃষক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, উদ্যমী আদিৰ থলুৱা সা-সামগ্ৰী ৰপ্তানি কৰি দেশৰ অৰ্থনৈতিক বুনিয়াদ সবল কৰাত ই এক শক্তিশালী ভূমিকা পালন কৰিব পাৰিছে৷ দেশৰ জলশক্তিৰ অভূতপূৰ্ব সুযোগ-সম্ভাৱনাক দেশৰ সৰ্বাংগীণ উন্নয়নৰ হকে অত্যাধুনিক দৃষ্টিভংগীৰে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সোণোৱালে লগতে কয় যে- সাগৰমালা প্ৰকল্পৰ অধীনত শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰৰ সামগ্ৰিক বিকাশৰ বাবে অনাগত দিনত বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব সঞ্জয় বন্দোপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰৰ অধ্যক্ষ বিনিত কুমাৰ, উপাধ্যক্ষদ্বয় সম্ৰাট ৰাহী আৰু এ কে মেহৰা প্ৰমুখ্যে উচ্ছপদস্থ বিষয়াসকল বৈঠকত উপস্থিত থাকে৷ এই অনুষ্ঠানৰ পাছতে সোণোৱালে শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰৰ অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰিও সংবাদ মাধ্যমক সম্বোধন কৰে৷ বৰাক-ব্ৰহ্মপুত্ৰ জলপথেৰে বংগোপসাগৰ হৈ আমদানি-ৰপ্তানি বৃদ্ধি কৰি পূৰ্বোত্তৰ ভাৰতৰ অৰ্থনৈতিক গতি ত্বৰান্বিত কৰাত শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰে বিশেষ ভূমিকা পালন কৰিছে বুলি সোণোৱালে আজি উল্লেখ কৰে৷