Logo
image

বিজেপিৰ হৈ চলাব ভোট প্ৰচাৰ, ঘোষণা হাগ্ৰামাৰ

আমাৰ অসম, ৮ অক্টোবৰঃ হাগ্ৰামাই কোনো কাৰণে এৰিব বিচৰা নাই বিজেপিৰ সংগ৷ কিন্তু বিজেপিয়ে নিজৰ লগত ৰাখিব বিচৰা নাই হাগ্ৰামা মহিলাৰীক৷ বিজেপিয়ে হাগ্ৰামা মহিলাৰীৰ মিত্ৰতাৰ প্ৰস্তাৱ যিমানে প্ৰত্যাখ্যান কৰিছে, হাগ্ৰামা মহিলাৰীয়ে সিমানে কাষ চাপিব বিচাৰিছে বিজেপিৰ৷ কাৰ্যতঃ এতিয়া নিজে উপযাচি গৈ বিজেপিৰ কাষত থিয় দিব বিচাৰি আছে হাগ্ৰামাই৷ শেহতীয়াভাৱে হাগ্ৰামাই বাৰম্বাৰ দাবী কৰি আছে যে বিজেপিৰে তেওঁৰ পুনৰ মিত্ৰতা হৈছে৷ কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছে৷ দুই এদিনতে সেই ঘোষণাও হৈ যাব৷ কিন্তু  হাগ্ৰামা মহিলাৰীৰ এই দাবী স্পষ্টভাৱে নস্যাৎ কৰি আহিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বি পি এফ আৰু বিজেপিৰ মাজত পুনৰ মিত্ৰতাৰ যি দাবী হাগ্ৰামা মহিলাৰীয়ে কৰি আছে তাক সম্পূৰ্ণভাৱে নস্যাৎ কৰিলেও হাগ্ৰামা যে অটল আছে নিজৰ স্থিতিত৷ বৃহস্পতিবাৰে পুনৰ নিজৰ দাবী দোহাৰি হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়– কোনে কি কৈছে ইয়াৰ লগত মোৰ কোনো সম্পৰ্ক নাই৷ চি এম ছাৰে আমাক যিটো পৰামৰ্শ দিছে আমি সেইমতে কাম কৰি আছোঁ আৰু সেইমতে কাম কৰি যাম৷ বি পি এফৰ মুৰব্বীজনৰ এই দাবীক মন্ত্ৰী অশোক সিংঘালেও নস্যাৎ কৰি কয়– কোনো কাৰণত বি পি এফক আমাৰ লগত ৰখাৰ ইচ্ছা নাই৷ আমি বি পি এফৰে মিত্ৰতা নকৰোঁ৷ হাগ্ৰামা মহিলাৰীয়ে মিছা কথা কৈ দলটোৰ কৰ্মীসকলক নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰি আছে৷ অহা দিনবোৰত বি পি এফ দল নিঃচিহ্ন হৈ যাব৷ বি পি এফ দলত কোনো নাথাকিব৷ হাগ্ৰামাই নিজে উপযাচি আহি প্ৰচাৰ চলালে আমি কিয় বাধা দিম৷ ইয়াৰ পাছতো হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰি কয়– গোসাঁইগাঁৱত বি পি এফৰ প্ৰাৰ্থী জয়ী হোৱাটো এশ শতাংশই নিশ্চিত৷ ভবানীপুৰ, মৰিয়নি আৰু থাওৰাত মই বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাম৷ তামুলপুৰ সমষ্টিৰ বিষয়ে আজি বা কালিৰ ভিতৰত কিবা এটা সিদ্ধান্ত হ’ব৷ বিজেপিয়ে দিয়া পৰামৰ্শ মতে কাম কৰা হ’ব সমষ্টিটোত৷ আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়– হাগ্ৰামা মহিলাৰীয়ে যদি ইউ পি পি এলৰ প্ৰাৰ্থীক সমৰ্থন দিছে তেন্তে ভাল কথা৷ গোসাঁইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰত হাগ্ৰামা সমৰ্থকে ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক৷ কিন্তু আমাৰ মিত্ৰতা ইউ পি পি এলৰ সৈতে থাকিব৷ আনহাতে, আজিৰ দিনটোত আগন্তুক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শাসক আৰু বিৰোধী দলৰ কেইবাজনো প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে৷ ৩০ অক্টোবৰত গোসাঁইগাঁও, তামুলপুৰ, ভৱানীপুৰ, থাওৰা আৰু মৰিয়নি সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ ২ নৱেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব৷