Logo
image

নতুন গোচৰ জাপি শ্বেৰমানক পুনৰ জিম্মাত ল’লে আৰক্ষীয়ে

আমাৰ অসম, ৯ অক্টোবৰঃ বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগত মুখ্যমন্ত্ৰী তদাৰকী বিশেষ কোষে শুকুৰবাৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰে৷ শ্ব’মটো গোচৰত গ্ৰেপ্তাৰ কৰা বিধায়ক শ্বেৰমান আলী আহমেদক শুকুৰবাৰে আৰক্ষীয়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গুৱাহাটীস্থিত বিশেষ আদালতত হাজিৰ কৰায়৷ আদালতে শ্বেৰমান আলী আহমেদক পাঁচ দিনৰ বাবে ভিজিলেঞ্চৰ জিম্মালৈ প্ৰেৰণ কৰে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে বাঘবৰ সমষ্টিত যোৱা ২০১৬-১৭ বৰ্ষত ১৪টা পথ নিৰ্মাণৰ নামত বিধায়ক পুঁজিৰ ৬৫ লাখ টকাৰ কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল৷ ঘটনা সন্দৰ্ভত লোক নিৰ্মাণ বিভাগৰ এটা তদন্তকাৰী দলে তদন্ত কৰি ১৪টা পথত আৱণ্টিত ৬৫ লাখ টকাৰ ভিতৰত ২৫,০৮,৩২৩ টকা অপচয় হোৱা বুলি ধৰা পেলায়৷ এই দুৰ্নীতি পোহৰলৈ অহাৰ পিছতেই মুখ্যমন্ত্ৰী তদাৰকী বিশেষ কোষে ভাৰতীয় দণ্ডবিধিৰ ১২০ [বি]/৪০৬/৪২০/৪০৯/৪৬৮/৪৭১ আৰু ১৩ [২] পি চি এক্টৰ অধীনত থানাত ০২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ প্ৰাথমিক তদন্তত তদন্তকাৰী সংস্থাই বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ তথ্য লাভ কৰি ২৮ জুনত মন্দিয়া ব্লকৰ উন্নয়ন বিষয়া যাদব চন্দ্ৰ চৌধুৰী, নিৰ্মাণ কমিটীৰ কাৰীকৰী সদস্য তথা কনিষ্ঠ অভিযন্তা আইনুৰ ৰহমান, নিৰ্মাণ কমিটীৰ সভাপতি আব্দুৰ ৰেজ্জাক, ছাজাহান আলী, মুজাহিদুৰ ৰহমান আৰু উন্নয়ন বিষয়া ইছুফুৰ ৰহমান আদি ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছিল৷ তদন্তৰকাৰী সংস্থাৰ জেৰাত ধৃত লোক কেইজনে বিধায়ক পুঁজিৰ কেলেংকাৰীত বিধায়ক শ্বেৰমান আলীৰ নাম প্ৰকাশ কৰিছিল৷ তদুপৰি তদন্তকাৰী সংস্থাই তদন্ত কৰি বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে বহু সাক্ষ্য প্ৰমাণ লাভ কৰিছিল৷ সাক্ষ্য প্ৰমাণ লাভ কৰি মুখ্যমন্ত্ৰী তদাৰকী বিশেষ কোষে আজি শ্বোমটো গোচৰত বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰে৷ জেলৰ পৰা আৰক্ষীয়ে শ্বেৰমান আলী আহমেদক আদালতত হাজিৰ কৰোৱাৰ সময়ত বিধায়কজনে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ আদালতৰ চৌহদত বিধায়ক শ্বেৰমান আলী আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে সাৰদা আৰু লুই বাৰ্জাৰ কেলেংকাৰীত অভিযুক্ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মোৰ বিৰুদ্ধে ভিজিলেঞ্চৰ জৰিয়তে তদন্ত কৰাৰ নৈতিক অধিকাৰী নাই৷ উল্লেখ্য যে শ্বহীদক অপমানসূচক মন্তব্য কৰাৰ অভিযোগত পাণবজাৰ আৰক্ষীয়ে শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷

শোণিতপুৰৰ চাৰি কৰ্মচাৰীক আৰক্ষীৰ তলব

যোৱা কালি তেজপুৰস্থিত শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয়হি অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা তদন্তকাৰী দল৷ এগৰাকী মহিলা বিষয়াৰ নেতৃত্বত উপস্থিত হোৱা তদন্তকাৰী দলটোৱে উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ শাখাৰ পৰা এটা ফাইল তথা এক বিশেষ নথি সংগ্ৰহ কৰিছে৷ ইফালে শুকুৰবাৰে ঠেলামৰা ৰাজহ চক্ৰৰ কাৰ্যালয় তিনিজন কৰ্মচাৰীক শুকুৰবাৰে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই তলব কৰা ঘটনাই সমগ্ৰ বিষয়টোৱে ৰাইজৰ মাজত ব্যপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শুকুৰবাৰে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই তলব কৰা কৰ্মচাৰী তিনিজন ক্ৰমে ঠেলামৰা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ উচ্ছবৰ্গ সহায়ক দিনৰঞ্জন বৰা, মণ্ডল অমিয় ৰয় আৰু ডাটা অপাৰেটৰ লোহিত কেওটক৷ উল্লেখ্য যে, শোণিতপুৰৰ ঠেলামৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডল গুলজাৰ হুছেইনক ২৮ ছেপ্টেম্বৰত গুৱাহাটীত গ্ৰেপ্তাৰৰ পাছত ঠেলামৰাৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰকো তিনি অক্টোবৰত গুৱাহাটীত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে তদন্তকাৰী দল উপস্থিত হয়হি তেজপুৰস্থিত শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয় চৌহদত৷ শোণিতপুৰৰ এগৰাকী নৱ-নিযুক্ত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাৰ কাৰ্যালয় কক্ষত উপস্থিত হৈ তদন্তকাৰী দলটোৱে প্ৰায় এঘণ্টা সময় ইয়াতে অতিবাহিত কৰে৷ দলটোৱে ৰাজহ বিভাগৰ পৰা ঠেলামৰাৰ জনৈক বৰুৱা নামৰ এজন লোকৰ বিৰুদ্ধে যোৱা ২৪ছেপ্টেম্বৰত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৰাজহ চক্ৰ বিষয়া বৰঠাকুৰে মাটিৰ দালালিৰে জড়িত থকাৰ সন্দৰ্ভত শোণিতপুৰৰ উপায়ুক্তক দাখিল কৰা এক অভিযোগৰ প্ৰতিলিপি সংগ্ৰহ কৰে৷ উল্লেখ্য যে, এই বৰুৱাৰ বিৰুদ্ধে ৰাজহ চক্ৰ বিষয়াই দাখিল কৰা এই অভিযোগত তেওঁ কিন্তু স্বাক্ষৰ কৰা নাছিল৷ ইপিনে, এই অভিযোগ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা ২৭ছেপ্টেম্বৰত শোণিতপুৰৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা হয়৷ উপায়ুক্ত কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই অভিযোগত বৰুৱা উপাধিৰ লোকজনৰ অগাধ সম্পত্তিৰ সবিশেষো উল্লেখ কৰা আছিল৷ ইপিনে তদন্তকাৰী দলটোৱে কিন্তু আজিৰ অনুসন্ধান সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰাৰ পৰা বিৰত থাকে যদিও এজনে মাটিৰ দালালৰ ক্ষেত্ৰত সম্প্ৰতি অব্যাহত তদন্তৰ অংশ হিচাপেই তেজপুৰত উপস্থিত হোৱা বুলি কয়৷ শোণিতপুৰ জিলাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য সহায়ক জয়ন্ত বসুমতাৰীকো তলব কৰিছে৷