Logo
image

নৈশপাৰ্টীত আছিল কোন? ভিভাণ্টা- কেন্দ্ৰিক কঁপনি

আমাৰ অসম, ১০ অক্টোবৰঃ মডেল-অভিনেত্ৰী ৰাজকন্যা বৰুৱা-কাণ্ডৰ বিতৰ্কই নতুন মোৰ লৈছে৷ পহিলা অক্টোবৰৰ নিশা ক’ভিড প্ৰট’কল ভংগ কৰি তাজ ভিভাণ্টা হোটেলত কোনে হাইপ্ৰফাইল বাৰ্থডে’ পাৰ্টী আয়োজন কৰিছিল এই লৈও আৰম্ভ হৈছে অনুসন্ধান৷ কিয়নো কাৰ্ফিউ উলংঘন কৰি মাজনিশালৈ বাৰ্থডে’ পাৰ্টী আয়োজন কৰা অভিজাত তাজ ভিভাণ্টা হোটেলো এতিয়া তদন্তলৈ অহাটো নিশ্চিত হৈ পৰিছে৷ জানিব পৰা মতে বিলাসী হোটেলখনত হাইপ্ৰফাইল পাৰ্টীটো আয়োজন কৰিছিল গুৱাহাটীৰ এজন চিকিৎসকে৷ উক্ত পাৰ্টীত আমোলা-বিষয়াকে ধৰি একাধিক প্ৰভাৱশালী ব্যক্তিয়ে অংশ লোৱাৰ তথ্য পোহৰলৈ আহিছে৷ স্বয়ং চৰকাৰে বান্ধি দিয়া ক’ভিড এছ অ’ পি চৰকাৰৰে একাংশ আমোলা-বিষয়াই ভংগ কৰাক লৈ দিছপুৰৰ অন্তৰ্মহলত কঁপনিৰ সৃষ্টি হৈছে৷ পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে খোদ মুখ্যমন্ত্ৰীয়ে নিজেই উক্ত নিশা পাৰ্টীটোত উপস্থিত থকা অতিথি আৰু আয়োজকৰ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে৷ উল্লেখ্য, গুৱাহাটীৰ ৰাজপথত ৮জনকৈ শ্ৰমিক-পথচাৰীক মহটিয়াই ত্ৰাসৰ সৃষ্টি কৰা মডেল ৰাজকন্যা বৰুৱা কাৰাগাৰলৈ গ’ল যদিও দিন অতিবাহিত কৰাৰ লগে লগে এটাৰ পাছত এটা গোপন অধ্যায় পোহৰলৈ অহাত সৰ্বত্ৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইপিনে শনিবাৰে সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তইও দুৰ্ঘটনাৰ দিনটোত মাজনিশালৈ পাৰ্টী আয়োজন কৰা তাজ ভিভাণ্টাৰ চিচিটিভি ফুটেজকে ধৰি উদ্যোক্তা আৰু অতিথিসকলৰ সবিশেষ তথ্য সংগ্ৰহ কৰিবলৈ মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক নিৰ্দেশ দিয়া বুলি স্পষ্ট কৰি দিছে৷ একে সময়তে কামৰূপ মহানগৰ জিলা প্ৰশাসনেও হোটেলখনৰ কতৃৰ্পক্ষক কাৰ্ফিউৰ মাজতে পাৰ্টী আয়োজন কৰা বুলি উঠা অভিযোগৰ সন্দৰ্ভত কাৰণ দৰ্শোৱা জাননী জাৰি কৰিব বুলি স্পষ্ট কৰি দিছে৷ লক্ষণীয়ভাৱে পহিলা অক্টোবৰৰ নিশা ভিভাণ্টা হোটেলত গুৱাহাটীৰ এজন চিকিৎসকৰ ৮ বছৰীয়া কন্যাৰ বাৰ্থডে’ পাৰ্টী আয়োজন কৰিছিল৷ উক্ত পাৰ্টীটোৰ ইভেণ্ট ডিজাইনিঙৰ দায়িত্বত আছিল বিতৰ্কিত ৰাজকন্যা বৰুৱা নামৰ মডেলগৰাকী৷ আনকি উক্ত দিনা ৰাজকন্যাই নিশা ৰঙীন লাইটৰ পোহৰত পাৰ্টীটোত নাচি থকাৰ ভিডিঅ’ ইনষ্টাগ্ৰামত আপলোড কৰি জীৱনৰ প্ৰথমটো বাৰ্থডে’ পাৰ্টীৰ ইভেণ্ট ডিজাইনিঙৰ কাম কৰা বুলিও ষ্টেটাছ দিছিল৷ কিন্তু নিশা প্ৰায় ডেৰ বজাত কৰ্তব্য সমাপন কৰি আহি থাকোতেই ৰুক্মিণীগাঁৱত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিছিল ৰাজকন্যাই৷ আৰক্ষীয়ে ইতিমধ্যে তাজ ভিভাণ্টা হোটেল কতৃৰ্পক্ষৰ পৰা বাৰ্থডে’ পাৰ্টীৰ আয়োজক, নিয়ন্ত্ৰিত অতিথি আৰু পাৰ্টীৰ অনুমতি সম্পৰ্কীয় তথ্যপাতি সংগ্ৰহ কৰা কাৰ্যই তাজ ভিভাণ্টা হোটল কতৃৰ্পক্ষকো কঁপাই তুলিছে৷ কিন্তু ডিজিপিয়ে তাজ ভিভাণ্টাক তদন্তৰ আউটিলৈ আনিবলৈ নিৰ্দেশ দিয়াত উক্ত দিনা পাৰ্টীত উপস্থিত থকা বিশেষ প্ৰভাৱশালী লোকসকলৰ বিপদ নিশ্চিত হৈ পৰা বুলিও চৰ্চা লাভ কৰিছে৷ ইপিনে, কামৰূপ মহানগৰ জিলা উপায়ুক্তই সংবাদ মাধ্যমৰ আগত তাজ ভিভাণ্টা হোটেলে বাৰ্থডে’ পাৰ্টীটোৰ অনুমতি লোৱা বুলি জানিবলৈ দি পাৰ্টীটো নিশা কেইবজালৈ চলিছিল সেই সন্দৰ্ভত শ্ব’কজ কৰাৰ প্ৰস্তুতি চলোৱা বুলি প্ৰকাশ কৰিছে৷ উক্ত পাৰ্টীটো নিশা ৯ বজালৈহে চলোৱাৰ অনুমতি দিছিল প্ৰশাসনে৷ ইপিনে, ৰাজকন্যাৰ বিৰুদ্ধে প্ৰথম অৱস্থাতে আইনী ব্যৱস্থা গ্ৰহণত আৰক্ষীৰ গাফিলতি আছিল বুলি স্বয়ং ডিজিপিয়ে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে৷ কেৱল ৰাজকন্যা বৰুৱাৰ গোচৰটোতেই নহয়, দালাল-মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কৰা আন বহু তদন্ততো একাংশই জামিন লাভ কৰাৰ কথা স্বীকাৰ কৰে ডিজিপিয়ে৷ এই সন্দৰ্ভত শনিবাৰে ডিজিপিয়ে এখন সংবাদ মেল আয়োজন কৰি কয়– যিকোনো গোচৰৰ ধাৰা আৰোপ কৰোঁতে ভুক্তভোগীসকলৰ ক্ষেত্ৰত যাতে সহায় হয়, এই সন্দৰ্ভত চি আই ডিয়ে আৰক্ষী বিষয়াসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ কাকো যাতে অন্যায় কৰা নহয়, তাৰ বাবে অ’ চি সকললৈ নিৰ্দেশনা জাৰি কৰিছোঁ৷ এন ডি পি এছ কেছত বহু মাফিয়াই জামিন লাভ কৰিছে৷ আমি উদ্বেগজনকভাৱে এই বিষয়টো লক্ষ্য কৰিছোঁ৷ এই সন্দৰ্ভত মহামান্য আদালতৰ সৈতে আলোচনা কৰা হ’ব৷ কেতিয়াবা দেখিছোঁ জামিন লাভ কৰা অভিযুক্ত জামিন পোৱাৰ যোগ্য নহয়৷ কিন্তু সকলো কাগজ-পত্ৰ ঠিকে থকাৰ পাছতো আদালতে জামিন মঞ্জুৰ কৰিছে৷ এই বিষয়টো আলোচনাৰ বাবে মহামান্য আদালতৰ সাক্ষাৎ বিচৰা হৈছে৷ অভিযুক্তৰ ক্ষেত্ৰত আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপত বহু গাফিলতি আছে৷ এই সন্দৰ্ভত আৰক্ষীয়ে কেনেদৰে এজাহাৰ লিখিব লাগে তাৰ ৪টা মডেল দিয়া হৈছে৷ অৱশ্যে তদন্তকাৰী আৰক্ষীৰ গাফিলতি থাকিলেও কোনো অভিযুক্তই ‘ডিফল্ট বেইল’ লাভ কৰা নাই৷ ৰাজকন্যা বৰুৱাই কেছটোত গুৱাহাটীৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক মই ফোন কৰি আই পি চি ৩০৮ ধাৰা লগাবলৈ কৈছিলোঁ৷ কিন্তু সেই ধাৰা বলৱৎ নকৰাত সংশ্লিষ্ট শীৰ্ষ বিষয়াজনলৈ মই কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছোঁ৷ ইপিনে, জি এন আৰ চি চিকিৎসক নভনীল বৰুৱাই অভিযুক্ত ৰাজকন্যাক আই চি ইউত ভৰ্তি কৰাৰ পূৰ্বে ডিজিপিৰ লগত কথা পতা বুলি উঠা অভিযোগৰ সত্যতা স্বীকাৰ কৰে ডিজিপি মহন্তই৷ উক্ত দিনা ডাঃ নভনীল বৰুৱাই ফোন কৰাৰ কথা স্বীকাৰ কৰিলেও আই চি ইউত ভৰ্তি কৰা সন্দৰ্ভত কোনো কথাই বাৰ্তালাপ হোৱা নাছিল বুলি সদৰী কৰিছে ডিজিপিয়ে৷ ডিজিপি মহন্তই সংবাদ মাধ্যমৰ আগত নিজৰ চাফাই গাবলৈ গৈ সাংবাদিকক বাতৰি পৰিৱেশনত সাৱধান হ’বলৈ নীতিপাঠ দিয়ে যদিও নিজৰ সংবাদ মেললৈ বৈদ্যুতিন সংবাদ মাধ্যমৰ একাংশ বছা বছা প্ৰতিষ্ঠানকহে নিমন্ত্ৰণ জনোৱা বুলি অভিযোগ উঠিছে৷