Logo
image

পূজাৰ নিশা ১০ বজাৰ পাছত পথলৈ ওলোৱা নিষেধ

পূজা চাওঁতে সাৱধান! মুখ্য সচিবৰ সকীয়নি

আমাৰ অসম, ১০ অক্টোবৰঃ ‘পূজাত কঠোৰ হ’ব প্ৰশাসন৷ পূজা কমিটীয়ে মানি চলিব লাগিব ক’ভিড প্ৰট’কল৷ ক’ভিড প্ৰট’কল নামানিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব পূজা কমিটী৷ পূজাৰ নিশা ১০ বজাৰ পাছত পথলৈ ওলোৱা নিষেধ৷’– এই মন্তব্য ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ৷ শনিবাৰে সাংবাদিকৰ আগত বৰুৱাই কয়– ‘পূজা কমিটীসমূহক সম্পূৰ্ণ দায়িত্ব দিয়া হৈছে৷ তেওঁলোকে চেক কৰিব লাগিব যে ডাব্‌ল ভেক্‌চিনলৈ ৰাইজ পূজা চাবলৈ আহিছেনে নাই৷ কেৱল চৰকাৰে সকলো কাম কৰিব নোৱাৰে৷ পূজা চাবলৈ অহাসকলে ডাব্‌ল ভেক্‌চিনৰ প্ৰমাণ-পত্ৰ লগত লৈ আহিছে নে নাই, এই বিষয়টো পূজা সমিতিসমূহে তন্নতন্নকৈ চাব লাগিব৷ যদিহে পূজা কমিটীয়ে ক’ভিড বিধি ভংগ কৰে আৰু চৰকাৰে বান্ধি দিয়া ডাবল ভেক্‌চিনৰ নিয়ম ভংগ কৰে তেন্তে ইয়াৰ প্ৰমাণ পালে পূজা কমিটীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ সাৱধান হ’বই লাগিব৷ সাৱধান নহ’লে আমাৰটো বিপদ হ’ব৷ সতৰ্ক হৈ থাকিব লাগিব যাতে আৰু কোনো ঘটনা নহয়৷ নিশা ১০টা বজাৰ পাছত ৰাস্তাত ঘূৰাঘূৰি কৰাৰ ক্ষেত্ৰত বাধা আছে৷ পুলিছে এনে লোকক পালে নিশ্চয় ব্যৱস্থা ল’ব৷ নিজেই নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব৷’ ইফালে, দুৰ্গা পূজাৰ সময়তে ৰাজ্যত কূটাঘাতৰ আশংকা প্ৰকাশ কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত কয় যে শত্ৰুৰ চকু আছে অসমৰ ওপৰত৷ অসম আৰক্ষীক ইণ্টেলিজেন্সে বহু তথ্য দিছে৷ পূজা মণ্ডপত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জগায় ডিজিপিগৰাকীয়ে৷