Logo
image

বিধায়ক ভাস্কৰৰ হেনো স্বভাৱেই তেনেকুৱা...

আমাৰ অসম, ১১ অক্টোবৰঃ বিজেপিৰ ঘৰলৈ যোৱা, অগপৰ ঘৰলৈ যোৱা বা আন যিকোনো দলৰ মানুহৰ ওচৰলৈ যোৱাটো হেনো কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ স্বভাৱ৷ তেওঁ হেনো এই স্বভাৱ সলনি নকৰে, কৰিবও নোৱাৰে৷ দেওবাৰে বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই সংবাদ মাধ্যমৰ আগত আৰু কয়–মই বিজেপিৰ ঘৰলৈও যাম, অগপৰ ঘৰলৈও যাম৷ কোনো এটা দলত থাকিলো বুলিয়েই আন দলৰ মানুহৰ ওচৰলৈ নাযাম  এইটো হ’ব নোৱাৰে৷ কোনো সভ্য মানুহে এনে কৰিব নোৱাৰে৷ ৮ অক্টোবৰত মৰিয়নিৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত কুৰ্মীক সংগ দিয়া তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই কয়–মই সকলোৰে সৈতে মিলিজুলি থাকি ভাল পাওঁ৷ এইটো মোৰ স্বভাৱ৷ কোনো এজন মানুহক মাতিলেও যদি সেই মানুহজনৰ দললৈ যোৱা হয় তেতিয়া হ’লে আমি কাকোৱেই মাতিব নোৱাৰিম৷ কাৰোবাক নেদেখিবৰ বাবে ক’লা কাপোৰ মেৰিয়াই যাব লাগিব৷ মই যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰিছো মই সমষ্টিৰ বাবে কি কৰিছো তাকলৈহে চৰ্চা হ’ব লাগে৷ সমষ্টিৰ উন্নয়নৰ বাবে কাৰ ওচৰলৈ গৈছো তাক লৈ আলোচনা হ’ব লাগে৷ আমি সভ্য সমাজৰ মানুহ৷ আন দলৰ মানুহ দেখিলে অসভ্যৰ দৰে আচৰণ কৰিব নোৱাৰো৷ উল্লেখ্য, প্ৰয়াত তৰুণ গগৈৰ উত্তৰসুৰী ভাস্কৰজ্যোতি বৰুৱাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰথম অসম ভ্ৰমণ উপলক্ষে উলিওৱা আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত ভাগ লৈ সমালোচিত হৈছিল৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশৰ পাছত আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীৰ পৰা তিতাবৰৰ বিধায়কজনে আঁতৰি আহিছিল৷