Logo
image

নৈশপাৰ্টীৰ আয়োজক ব্যৱসায়ী পংকজ সাধনিদাৰৰ মুক্ত বিচৰণ

দীৰ্ঘ জেৰা, ডাঃ নভনীল গ্ৰেপ্তাৰ, ৰাজকন্যা জে’লত

আমাৰ অসম, ১১ অক্টোবৰঃ হোটেল তাজ-ভিভাণ্টাত ১ অক্টোবৰৰ নিশা অনুষ্ঠিত পাৰ্টী আয়োজন কৰিছিলে কোনে? আমোলা-বিষয়াৰ পৰা আৰম্ভ কৰি সমাজৰ বহু প্ৰভাৱশালী লোক উপস্থিত আছিল ১ অক্টোবৰৰ নিশাৰ পাৰ্টীত৷ পৰৱৰ্তী সময়ত ৰাজকন্যা বৰুৱা কাৰাগাৰলৈ গ’ল৷ ৰাজকন্যা বৰুৱাক সহায় কৰাৰ অভিযোগত ডাঃ নভনীল বৰুৱাক তিনিদিন ধৰি জেৰা কৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে৷ অথচ এই পাৰ্টীৰ আয়োজন কৰা মূল লোকজনৰ নাম কিন্তু এই পৰ্যন্ত কোনেও এবাৰো উচ্ছাৰিত নকৰিলে৷ ক’ভিড কালত চেনিটাইজাৰৰ ব্যৱসায় কৰি কোটি কোটি টকা উপাৰ্জন কৰা এজন ব্যৱসায়ী হ’ল ১ অক্টোবৰৰ নিশা তাজত অনুষ্ঠিত পাৰ্টীৰ মূল আয়োজক৷ দিছপুৰৰ ক্ষমতাৰ কৰিডৰত সঘন আহযাহ থকা এইজন ব্যৱসায়ীয়ে আয়োজন কৰা পাৰ্টীত উবুৰি খাই পৰিছিল বহু ‘বিশিষ্ট’ লোক৷ পংকজ সাধনিদাৰ নামৰ এই ব্যৱসায়ীজনে আয়োজন কৰা পাৰ্টী মাজনিশা পৰ্যন্ত চলিছিল সকলো ধৰণৰ নিয়ম নীতি উলংঘা কৰি৷ অথচ চৰকাৰৰ শেহতীয়া এছ অ পি অনুসৰি নিশা ৯ বজাৰ পিছত হোটেলত কোনো ধৰণৰ পাৰ্টী আয়োজন কৰিব নোৱাৰে৷ নিশা বহুপৰলৈ চলা এই পাৰ্টীত সুৰাৰ যোগান ধৰা হৈছিল৷ অথচ ১ অক্টোবৰৰ নিশা ১২ বজাৰ পিছত যিহেতু গান্ধী জয়ন্তী সেয়ে ১২ বজাৰ পিছত চৰকাৰী নিৰ্দেশনা অনুসৰি ড্ৰাই ডে৷ কিন্তু নিশা প্ৰায় ২ বজালৈ পূৰ্ণগতিত চলি আছিল এই পাৰ্টী৷ ১২ বজাৰ পিছত ড্ৰাই ডে হোৱাৰ পিছতো হোটেল কতৃৰ্পক্ষই কি দৰে সুৰাৰ যোগান ধৰিছিল লোকসকলক৷ ৯ বজাৰ পিছত কিয় বন্ধ কৰি দিয়া হোৱা নাছিল পাৰ্টী৷ হোটেল কতৃৰ্পক্ষই কিয় দুপৰ নিশালৈ চলিব দিছিল সুৰাৰ পাৰ্টী৷ ৰজা ঘৰৰ আশীষধন্য হোৱাৰ সুবাদতে পংকজ সাধনীদাৰ নামৰ ব্যৱসায়ীজনক তাজ হোটেল কতৃৰ্পক্ষই এনেদেৰ চৰকাৰী নীতি-নিয়ম ভৰিৰে মোহাৰি বিনা বাধাই পাৰ্টী চলাই নিয়াত সহায় কৰিছিলে নেকি? ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা ৰাজকন্যা বৰুৱা সেই নিশাৰ পাৰ্টীৰ ইভেণ্ট মেনেজমেণ্ট আৰু ডেকোৰেটৰৰ দায়িত্বত আছিল৷ গান্ধী জয়ন্তীৰ দিনা ড্ৰাই ডে হোৱা স্বত্বেও হোটেল তাজ কতৃৰ্পক্ষই কি যুক্তিত পৰিৱেশন কৰিছিল সুৰা৷ উল্লেখ্য যে অসম চৰকাৰৰ বহু আমোলা বিষয়া আৰু আৰক্ষীৰ লোক পংকজ সাধনীদাৰৰ পাৰ্টীত উপস্থিত আছিল যদিও অধিকাংশই নিশা ৯ বজাৰ পূৰ্বে উক্ত স্থান ত্যাগ কৰে৷ শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১ অক্টোবৰৰ নিশা অনুষ্ঠিত পাৰ্টীত ঠিকাদাৰ পংকজ সাধনীদাৰৰ অতিথি হিচাপে তাজত উপস্থিত থকা লোকৰ নামৰ তালিকা বিচাৰিছে৷ লক্ষণীয়ভাৱে এই পৰ্যন্ত কিন্তু কোনেও আঙুলিটোৱাব পৰা নাই এই ব্যৱসায়ীজনক৷ আৰক্ষীও জেৰাৰ বাবে তলব কৰা নাই পংকজ সাধনীধাৰ বা তাজ কতৃৰ্পক্ষক৷ কিন্তু ইয়াৰ বিপৰীতে ডাঃ নভনীল বৰুৱাক তিনিদিন ধৰি ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰা কৰে আৰক্ষীয়ে৷ ড্ৰাইডেৰ নীতি-নিৰ্দেশনা আৰু অসম দুৰ্যোগ ব্যৱস্থাপনা আইন উলংঘা কৰি পাৰ্টী অনুষ্ঠিত কৰা তাজ কতৃৰ্পক্ষক বৰ্তমানো আৰক্ষীৰ দৃষ্টিত নপৰাটো ৰহস্যজনক৷ তাজ হোটেলৰ পাৰ্টীৰ পৰা উভতি অহাৰ পথত মাজনিশা ৰাজপথত দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক আদালতে ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে৷ ইয়াৰ পিছতো মুক্ত বিচৰণ কৰি আছে ব্যৱসায়ী পংকজ সাধনীদাৰ৷ মূলতঃ দিছপুৰৰ সৈতে সু-সম্পৰ্কৰে সুবাদতে আৰক্ষীয়ে চুব পৰা নাই নেকি ব্যৱসায়ীজনক৷ নে কোনোবা অদৃশ্য শক্তিয়ে ৰক্ষণাবেক্ষণ দি আছে তেওঁক৷