Logo
image

মুখ্যমন্ত্ৰীক ৰিপ’ৰ্ট-কাৰ্ড দি নিশা জুবিনৰ গানত মচগুল মন্ত্ৰী-বিধায়ক

আমাৰ অসম, ১১ অক্টোবৰঃ মুখ্যমন্ত্ৰীক কামৰ ৰিপ’ৰ্ট কাৰ্ড দিলে বিজেপি তথা মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়কে৷ দেওবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত কইনাধৰাৰ এক নং ৰাজ্যিক অতিথিশালাত বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা আৰু খতিয়ান ল’বৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়৷ প্ৰায় দিনজোৰা এই বৈঠকত বিজেপি, অগপ আৰু বিপিএফৰ মন্ত্ৰী-বিধায়কসকল উপস্থিত আছিল৷ এই বৈঠকৰ অন্তত সন্ধিয়ালৈ উক্ত অনুষ্ঠানত বিজেপি মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়কসকলক গানৰ যাদুৰে আহ্লাদিত কৰিবৰ বাবে উপস্থিত হয় কণ্ঠশিল্পী জুবিন গাৰ্গ৷ উল্লেখ্য যে ‘কা’ আন্দোলনৰ সময়ত বিজেপিৰ বাবে গান নাগাও বুলি কোৱা জুবিন গাৰ্গে আজি নিজৰ প্ৰতিজ্ঞা ভংগ কৰি বিজেপিৰ মন্ত্ৰী-বিধায়কৰ মনোৰঞ্জনৰ বাবে গালে ইটোৰ পিছত সিটো মোহন মুৰুলী গান৷ কাৰ্যতঃ মুখ্যমন্ত্ৰীক ৰিপ’ৰ্ট কাৰ্ড দি নিশা জুবিনৰ গানত মছগুল হ’ল মন্ত্ৰী-বিধায়ক৷ আজিৰ বৈঠকত বিভিন্ন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আঁচনি বসুন্ধৰা আঁচনিৰ কাম-কাজৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিধায়কসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে৷ কেনেদৰে বিধায়কসকলে  কাম-কাজ আগুৱাই নিব লাগিব এই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে বিধায়কসকলক দিয়ে বিশেষ মন্তনা৷ কইনাধৰাৰ বিশেষ বৈঠকৰ বিষয়ে সাংবাদিকক অৱগত কৰি ৰাজ্যৰ সংসদীয় পৰিক্ৰমা, জনসংযোগ তথা জল সম্পদমন্ত্ৰী পীয়ূষ হাজৰিকাই কয়–‘চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে বিধায়কসকলক অৱগত কৰিবৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছিল৷ আজি এনডিএৰ বিধায়কসকল আছিল৷ পৰৱৰ্তী সময়ত বিৰোধী বিধায়কসকলক আমন্ত্ৰণ জনোৱা হ’ব৷ মিত্ৰজোঁটৰ মুৰব্বী সকলক মতা গৈছিল৷ চৰকাৰৰ কিছু বিভাগৰ বিষয়াও বৈঠকত উপস্থিত আছিল৷’ লক্ষণীয় যে কইনাধৰাৰ এই বিশেষ বৈঠকখন লোকচক্ষুৰ পৰা আঁতৰত ৰাখিবৰ বাবে চৰকাৰী পক্ষই সংবাদমাধ্যমৰ প্ৰৱেশত বাধা আৰোপ কৰে৷ ইফালে উপ-নিৰ্বাচনৰ প্ৰসংগত মন্ত্ৰী হাজৰিকাই কয়–উপ-নিৰ্বাচনত ৫-০ গ’লত জয় লাভ কৰিব বিজেপিয়ে৷ এখন আসনতো জয় লাভ কৰিব নোৱাৰে বিৰোধীয়ে৷ মৰিয়নী, থাওৰাত ২০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ব বিজেপি৷ কংগ্ৰেছ তৃতীয় স্থানত থাকিব৷ অসমীয়া বিৰোধী অৱস্থান লোৱাৰ বাবে হ্ৰাস পাব কংগ্ৰেছৰ ভোট৷ ভূপেন বৰাই চোলা ফলা আৰু শ্বেৰমান কাণ্ডৰ বাবে অসমীয়াই ভোট নিদিয়ে কংগ্ৰেছক৷