Logo
image

চিকিৎসাৰ মাজতে হাত জোকাৰি জোকাৰি হাস্পতাল এৰিলে ট্ৰাম্পে

আমাৰ অসম, ০৭ অক্টোবৰঃ ক’ভিড পজিটিভ হৈ চিকিৎসাধীন হৈ থকা মহাশক্তিধৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প চিকিৎসা চলি থকাৰ মাজতে সোমবাৰে হাস্পতালৰ পৰা ওলাই অহাৰ ঘটনাই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ যোৱা ২ অক্টোবৰ ক’ভিড সংক্ৰমিত হোৱাটো নিশ্চিত হোৱাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ৱাল্টাৰ ৰীড সামৰিক হাস্পতালত ভৰ্তি কৰা হৈছিল৷ তেওঁৰ শৰীৰত কৰ’না আক্ৰান্তৰ কেইবাটাও উপসৰ্গ আছিল৷ ফলত চিকিৎসা চলিছিল অতি গুৰুত্বসহকাৰে৷ বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰনেতাগৰাকী ক’ভিডত আক্ৰান্ত হোৱাটোৱেই আছিল আচৰিত ঘটনা৷ তদুপৰি অহা ৬ নৱেম্বৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, য’ত পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব ট্ৰাম্পে৷ তদুপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ প্ৰতিটো পদক্ষেপেই নিয়ন্ত্ৰণ কৰি থাকে দেশখনৰ সৰ্বোচ্ছ প্ৰশাসনে, যাতে তেওঁৰ ওপৰত সামান্য খুঁত এটাও নপৰে৷ চিকিৎসাৰ প্ৰতি ট্ৰাম্পৰ শৰীৰে সঁহাৰি জনাইছিল বুলিও প্ৰকাশ কৰিছিল মাৰ্কিন প্ৰশাসনে৷ তেওঁক সোনকালে হাস্পতালৰ পৰা হোৱাইট হাউছলৈ পঠিয়াই দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, ঘাইকৈ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সাজু আৰু অভিযান চলোৱাৰ অৰ্থে৷ কিন্তু ইয়াৰ মাজত হঠাতে সোমবাৰে ড’নাল্ড ট্ৰাম্পে কাকো একো নজনোৱাকৈ হাস্পতালৰ পৰা ওলাই আহি গাড়ীত উঠি কোনো এক অজ্ঞাত স্থানলৈ যাত্ৰা কৰে৷ মুখত মাস্ক পৰিধান কৰি ওলাই অহা ট্ৰাম্পে সমৰ্থকক উদ্দেশ্যি হাত জোকাৰি অভিবাদনো স্বীকাৰ কৰে৷ ট্ৰাম্প এনেদৰে হঠাতে হাস্পতালৰ পৰা ওলাই অহাৰ ঘটনাক লৈ সমস্ত মাৰ্কিন প্ৰশাসনত হুৱাদুৱাৰ সৃষ্টি হয় আৰু দেশবাসীয়ে মুকলিকৈ উদ্বিগ্নতা প্ৰকাশ কৰে৷ অৱশ্যে কিছু সময়ৰ পাছত ৰাষ্ট্ৰপতি ট্ৰাম্প পুনৰ উভতি আহি হাস্পতালত ভৰ্তি হয়৷ ৰাষ্ট্ৰপতিৰ চৰকাৰী চিকিৎসক ছন কনলিয়ে ট্ৰাম্পৰ এই কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰাৰ উপৰি দেশখনৰ প্ৰখ্যাত স্বাস্থ্য বিজ্ঞানী আৰু চিকিৎসকে বিস্ময় প্ৰকাশ কৰিছে৷ মাৰ্কিন ৰাষ্ট্ৰপতিৰ দৰে এজন দায়িত্বশীল ব্যক্তিয়ে কৰ’না পজিটিভ হৈ থকাৰ মাজতে কিদৰে অকতৃৰ্ত্বশীলভাৱে হাস্পতালৰ পৰা ওলাই আহিব পাৰে সেই লৈ  অনেকেই বিস্ময় প্ৰকাশ কৰিছে৷ কেৱল ওলাই অহাই নহয়, তাৰ মাজতে ট্ৰাম্পে এটা টুইট কৰি কয়– এই কেইদিনত মই বহু কথা শিকিলো৷ ক’ভিডৰ চিকিৎসাৰ পৰা শিকিবলগীয়া বহু আছে৷ ইপিনে ট্ৰাম্পৰ বয়স, শৰীৰৰ ওজন আৰু তেওঁৰ উপসৰ্গৰ বাবে কমেও পাঁচদিন হাস্পতালত থকাটো জৰুৰী বুলি আগশাৰীৰ চিকিৎসকে মত প্ৰকাশ কৰিছে৷ এনে অৱস্থাৰ ৰোগীৰ বাবে প্ৰথম দিনাৰ পৰা পৰৱৰ্তী দহটা দিন অতি গুৰুত্বপূৰ্ণ বুলি জনাইছে চিকিৎসা বিজ্ঞানীয়ে৷ সেই সকলো কথা ইতিমধ্যে ৱাল্টাৰ ৰীড হাস্পতালৰ চিকিৎসকে বুজাই দিয়াৰ পাছতো মাৰ্কিন ৰাষ্ট্ৰপতিয়ে হঠাতে চিকিৎসালয় এৰাৰ ঘটনাটো কোনেও সহজভাৱে গ্ৰহণ কৰা নাই৷