Logo
image

ভাইৰাছ, ভেক্‌চিন এইবাৰ পূজা মণ্ডপৰ অন্যতম থীম

আমাৰ অসম, ১২ অক্টোবৰঃ ক’ভিড আক্ৰান্ত পৃথিৱীত এইটো দ্বিতীয় দুৰ্গা পূজা৷ ক’ভিড আক্ৰান্ত ধৰিত্ৰীত সোমবাৰৰে পৰা আৰম্ভ হৈছে দুৰ্গোৎসৱ৷ ৰাজ্য চৰকাৰৰ ক’ভিডবিধি অনুসৰি শদিয়াৰ পৰা ধুবুৰীলৈ পূজা সমিতি সমূহে আয়োজন কৰিছে দুৰ্গাপূজাৰ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাখনো পূজা কমিটীয়ে এইবাৰ ক’ভিড-১৯ক মূল ‘থিম’ হিচাপে লৈ অনুষ্ঠিত কৰিছে শাৰদীয় দুৰ্গোৎসৱ৷ ক’ভিড-১৯এ ৰাজ্যত সৃষ্টি কৰা ভয়াৱহ পৰিৱেশৰ পৰা আৰম্ভ কৰি ভেকচিনলৈকে সকলো থাকিব দুৰ্গা পূজাৰ মণ্ডপসমূহত৷ প্ৰকৃততে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবেই ক’ভিড ভেকচিনৰ বিষয়ে প্ৰতীকি ৰূপত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে পূজা কমিটীসমূহে৷ আজি মহাসপ্তমী৷ সোমবাৰে যথাবিহীত বিধিৰে ষষ্ঠীৰ বেদীত দেৱীৰ প্ৰতিমা স্থাপন কৰা হয়৷ এইবাৰ ধুবুৰীত ইজেকচন চিৰিঞ্জ আৰু নিডলৰ সহায়ত দেৱীৰ প্ৰতিমা সাজি উলিওৱা হৈছে৷ মূলতঃ ক’ভিড-১৯ ভাইৰাচ সম্পৰ্কে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছে৷ নগাঁৱৰ হিন্দু মিলন মন্দিৰৰ পূজা মণ্ডপৰ থিম হ’ল– ক’ভিড৷ পাঠশালাত আকৌ দৰ্শকে ভেকচিন লোৱা প্ৰমাণ-পত্ৰ প্ৰদৰ্শন কৰিহে দেৱী দৰ্শন কৰিব পাৰিব৷ ডিব্ৰুগড়ৰ এখন মণ্ডপত তুলি ধৰা হৈছে ক’ভিডসৃষ্ট পৰিস্থিতিত সাধাৰণ লোকৰ মাজত দেখা অভাৱনীয় পৰিৱেশৰ কথা৷ গুৱাহাটীৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীয়ে এইবাৰ ক’ভিডক মূল থিম হিচাপে  লৈ মহীষমৰ্দিনীৰ পূজা আয়োজন কৰিছে৷  মহানগৰীৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীয়ে এইবাৰ ক’ভিড-১৯ক মূল থিম হিচাপে লৈ শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন কৰিছে৷ এই সম্পৰ্কে কমিটীৰ সভাপতি অৰুণ মল্লিক আৰু নাৰায়ণ মালাকাৰে কয়– এইবাৰ আমি ৰাইজৰ মাজত ক’ভিডৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ক’ভিড-১৯ক মূল থিম হিচাপে লৈছোঁ৷ কৰ’না সম্পৰ্কে এতিয়াও ৰাইজৰ মাজত সজাগতাৰ প্ৰয়োজন আছে৷ আমাৰ থিমৰ জৰিয়তে ক’ভিড-১৯ৰ ভয়াৱহতা দেখুওৱা হ’ব৷ লগতে থাকিব ভাৰতবৰ্ষৰ এখন মানচিত্ৰ, য’ত দেশৰ জনগণ থাকিব৷ লগতে মাস্ক পিন্ধাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে৷ ক’ভিড ভেকচিন লোৱাৰ বাবে সজাগতা সৃষ্টি কৰাৰো আমি আমাৰ থিমৰ জৰিয়তে প্ৰয়াস কৰিছোঁ৷  আমাৰ মণ্ডপ সজাইছে শংকৰদেৱ নামৰ কলকাতাৰ শিল্পীজনে৷ 

নগাঁৱৰ হিন্দু মিলন মন্দিৰৰ পূজা মণ্ডপৰ ‘থিম’ ক’ভিড

কৰ’না ভাইৰাচে তচনচ কৰা দেশখনত সোমবাৰে ষষ্ঠীত শংখ-ঘণ্টা ধবনি, পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণেৰে দেৱী দুৰ্গাৰ প্ৰতিমা বেদীত স্থাপনৰ পিছত আজি পুৱাৰে পৰা আৰম্ভ হয় মহিষমৰ্দিনীৰ পূজা৷ ক’ভিড আক্ৰান্ত পৃথিৱীত এইটো দ্বিতীয় দুৰ্গা পূজা৷ শাৰদীয় দুৰ্গোৎসৱক লৈ এইবাৰ নাই পূৰ্বৰ উৎসাহ-উদ্দীপনা৷ চৰকাৰে ক’ভিড পৰিস্থিতিক লৈ জাৰি কৰা কঠোৰ এছ অ’ পি মানি দুৰ্গা পূজা উদ্‌যাপন কৰিবলৈ সাজু হৈছে পূজা সমিতিসমূহ৷ পূজা উপলক্ষে পূজা সমিতি সমূহৰ মাজত নাই আটকধুনীয়া মণ্ডপ আৰু আলোকসজ্জাৰ প্ৰতিযোগিতা৷ নগাঁৱৰ কেইবাখনো পূৰ্বৰ দুৰ্গা পূজাত দেখা গৈছিল সোমনাথ মন্দিৰ, কৈলাসত ধ্যানৰত মহাদেৱ, চাৰ্জিকেল ষ্ট্ৰাইক আদি বিভিন্ন আৰ্হিত নিৰ্মাণ কৰা সুন্দৰ সুন্দৰ মণ্ডপ৷ সেই দৃশ্য উপভোগ কৰিবলৈ পূজা মণ্ডপসমূহত বিৰ দি বাট নোপোৱা অৱস্থা সৃষ্টি হৈছিল৷ এইবাৰৰ পূজাত নাই তেনে অঘোষিত প্ৰতিযোগিতা৷ অৱশ্যে নগাঁও চহৰৰ এখন পূজাস্থলীত দেখা গ’ল ব্যতিক্ৰমী দৃশ্য৷ চহৰখনৰ ৰামকৃষ্ণ পথৰ ভাৰত সেৱাশ্ৰম সংঘৰ হিন্দু মিলন মন্দিৰৰ দুৰ্গা পূজাৰ মণ্ডপৰ মূল ‘থিম’ হ’ল ক’ভিড৷ মন্দিৰৰ সন্মুখত দেখা গ’ল ক’ভিডক লৈ সচেতনতা অনাৰ প্ৰয়াসেৰে সজাই তোলা ক’ভিড বিষয়ক দৃশ্য৷ মণ্ডপৰ সন্মুখ ভাগত নিৰ্মাণ কৰা হৈছে কিছুমান কৰ’না ভাইৰাচ৷ প্ৰৱেশ দ্বাৰৰ দুয়োফালে দুটা বৃহদাকাৰৰ বেজী দিয়া চিৰিঞ্জ৷ কাষতে ক’ভিড ভেকচিন থকা বটল আৰু এফালে ক’ভিড আক্ৰান্ত ভাৰতৰ মানচিত্ৰ৷ ক’ভিডক লৈ সচেতনতা অনাৰ প্ৰয়াসেৰে তৈয়াৰ কৰা এই মণ্ডপে ক’ভিডকালত আকৰ্ষণ কৰিছে দৰ্শকক৷ এই সম্পৰ্কত আয়োজকসকলে সংবাদ মাধ্যমক কয়, ক’ভিডৰ পৰা ৰক্ষা পৰাৰ একমাত্ৰ উপায় ভেকচিনৰ দুয়োটা ড’জ লোৱা আৰু ছেনিটাইজাৰ, মাস্ক ব্যৱহাৰ কৰা৷ ক’ভিডৰ বিৰুদ্ধে সজাগতা অনাৰ লক্ষ্যেৰে আমি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব বিচাৰিছো৷

ক’ভিডৰ সজাগতাক লৈ ডিব্ৰুগড়ত নিৰ্মাণ মণ্ডপ

এখন ব্যতিক্ৰমী পূজা৷ যিখন পূজাই দৃষ্টি আকৰ্ষণ কৰিছে ডিব্ৰুগড়বাসীক৷ কম বাজেটেৰে নিৰ্মাণ কৰি উলিওৱা এইখন পূজাই এতিয়া ডিব্ৰুগড় চহৰত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ডিব্ৰুগড়তো নীতি-নিৰ্দেশনাৰ মাজেৰে শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠিত কৰিছে৷ ডিব্ৰুগড়ৰ মাৰোৱাৰী যুৱ মঞ্চ আৰু মাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে যুটীয়াভাৱে অনুষ্ঠিত কৰি আহিছে পূজা৷ ৬৫ বছৰীয়া এই পূজা সমিতিখনে এইবাৰ ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰিছে মণ্ডপ৷ ক’ভিড-১৯ৰ সজাগতাৰ উদ্দেশ্যৰে মণ্ডপ নিৰ্মাণ কৰিছে কাৰিকৰে৷ বহিঃৰাজ্যৰ কাৰিকৰৰ বিপৰীতে স্থানীয় কাৰিকৰৰ জৰিয়তে এই মণ্ডপ নিৰ্মাণ কৰিছে৷ মণ্ডপত তুলি ধৰা হৈছে ক’ভিডসৃষ্ট পৰিস্থিতিত সাধাৰণ লোকৰ মাজত দেখা অভাৱনীয় পৰিৱেশৰ কথা৷ লকডাউনৰ সময়ছোৱাত প্ৰৱাসী শ্ৰমিক আৰু সাধাৰণ লোকসকলৰ মাজত দেখা সমস্যাৰ কথা তুলি ধৰিছে মণ্ডপত৷ তদুপৰি ভয়াবহ পৰিস্থিতিৰ সময়ত চিকিৎসক-স্বাস্থ্যকৰ্মী তথা আৰক্ষীৰ লোকসকলে আগশাৰীৰ যোদ্ধা হিচাপে কাম কৰি অহাত ছবিৰ মাধ্যমেৰে প্ৰশংসা কৰা হৈছে৷ সেইদৰে এই সময়ছোৱাত ভাৰতত নিৰ্মাণ কৰা ক’ভাক্সিন আৰু ক’ভিশ্বিল্ড ভেকচিন আছিল ক’ভিডৰ প্ৰতিকাৰক৷ ক’ভিডৰ পৰা পৰিত্ৰাণ পাবলৈ মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ মণ্ডপৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস কৰা হৈছে৷ ৬৫ বছৰীয়া এই পূজাৰ এনেধৰণৰ ব্যতিক্ৰমী প্ৰচেষ্টাই দৃষ্টি কাঢ়িছে ডিব্ৰুগড়বাসীৰ৷ প্ৰতি বছৰে ব্যতিক্ৰমী পূজা মণ্ডপ নিৰ্মাণেৰে চৰ্চালৈ অহা ডিব্ৰুগড়ৰ মাৰোৱাৰী যুৱ মঞ্চ আৰু মাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ দুৰ্গা পূজা চাবলৈ মহাষষ্ঠীৰ দিনাই আগমণ ঘটিছে ভক্তৰ৷ বিগত বৰ্ষত এই পূজা চহৰখনৰ পুৰণি হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰি আহিছিল যদিও এইবাৰ চহৰখনৰ ঝালুকপাৰাস্থিত মৌতিলাল জিলানী ভৱনত অনুষ্ঠিত কৰিছে দুৰ্গাপূজা৷

পাঠশালাত দৰ্শকে ভেক্‌চিনৰ লোৱা প্ৰমাণ লগত লৈ আহিব লাগিব

দহটা দশকৰ পূৰ্বে পাঠশালা অঞ্চলৰ কেইগৰাকীমান দুৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত অদুৰ ভৱিষ্যতে এখন বিশাল চহৰৰ সপোন দেখি পাঠশালা বজাৰ কমিটী গঠন হৈছিল৷ এই বজাৰ কমিটীৰ নেতৃত্বত ১৯১৭ চনৰ পৰা পাঠশালা সাৰ্বজনীন শাৰদীয় দুৰ্গাপূজা আৰু লক্ষ্মীপূজা প্ৰতিবছৰে পালন কৰি আহিছে৷ বজালী মহকুমাৰ পৰা এতিয়া জিলালৈ উন্নিত হোৱাত সেই দূৰদৰ্শী ব্যক্তিসকলৰ মনৰ আশা বাস্তৱত পৰিণত হল৷ নতুন জিলা সদৰ হিচাপে পাঠশালাত মহাধুমধামেৰে পূজাৰ আয়োজন কৰিব লাগিছিল যদিও কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত ক’ভিডবিধিমতে পাঠশালা বজাৰ কমিটিয়ে দুৰ্গাপূজা উদ্‌যাপন কৰিবলৈ লৈছে৷ যোৱা বছৰৰ দৰে এইবাৰো কৰ’না মহামাৰীৰ বাবে পাঠশালাৰ ভগবটি ক্ষেত্ৰৰ সলনি পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণ সাধাৰণ ভাবে দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে৷ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰী আৰু সম্পাদক জিতেন তালুকদাৰে জনোৱা মতে ঢুলীয়া আৰু অজাপালি অবিহনে হ’ব এইবাৰৰ দুৰ্গাপূজা৷ পূজাস্থলীত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ তদুপৰি দৰ্শানাৰ্থীৰ বাবে ভেকচিন লোৱা প্ৰমাণ-পত্ৰও বাধ্যতামূলক কৰা হৈছে৷ দৰ্শকে ভেকচিন লোৱা প্ৰমাণ-পত্ৰ বা মেছেজ লগত লৈ আহিব লাগিব বুলিও পূজা সমিতিয়ে জানিবলৈ দিয়ে৷  প্ৰৱেশদ্বাৰত ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে পূজা কমিটীয়ে৷ পূজাথলীত উত্তাপ জোখা যন্ত্ৰ ব্যৱহাৰ কৰা হ’ব৷