Logo
image

মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ জালত আইপিএল জুৱাৰী

আমাৰ অসম, ১২ অক্টোবৰঃ সুদূৰ ডুবাইত চলি থকা আই পি এলৰ প্ৰভাৱ পৰিছে অসমতো৷ বাহিৰৰ পৰা অসমত ক্ৰিকেট জ্বৰ নাথাকিলেও ভিতৰি ডুবাইত চলি থকা আই পি এলক লৈ ৰাজ্যত ক্ৰিকেটক কেন্দ্ৰ কৰি এখন বিশাল জুৱাৰ বজাৰ ধৰা পেলাইছে গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই৷ অপৰাধ শাখাই দেওবাৰৰ মাজনিশাৰ পৰা সোমবাৰে পুৱালৈকে গুৱাহাটীৰ পল্টন বজাৰ আৰু পাণবজাৰত অভিযান চলায় ৩জন ক্ৰিকেট জুৱাৰীক আটক কৰে৷ অপৰাধ শাখাৰ অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত নুমল মাহাতোৰ নেতৃত্বত চলোৱা অভিযানত পল্টন বজাৰৰ নিজ গৃহৰ পৰা মাজনিশা দুই ভ্ৰাতৃদ্বয় ক্ৰমে ৰৌণক বাজৰিয়া আৰু দীপেশ বাজৰিয়াক আটক কৰা হয়৷ তেনেদৰে পাণবজাৰৰ নিজ গৃহৰ পৰা সোমবাৰে পুৱা ৰাজেশ জৈন নামৰ আন এজন জুৱাৰীক আটক কৰে৷ সম্প্ৰতি ধৃত তিনিওজন জুৱাৰীকে অপৰাধ শাখাই জেৰা কৰি আছে৷ প্ৰাথমিক তদন্তত তিনিওজনে দীৰ্ঘদিনৰ পৰা ম’বাইল ফোন আৰু লেপটপৰ জৰিয়তে ৰাজ্যত ক্ৰিকেটৰ জুৱাৰ বজাৰ মেলা বুলি নিশ্চিত তথ্য পাইছে অপৰাধ শাখাই৷ ইতিমধ্যে অপৰাধ শাখাৰ তদন্তকাৰী বিষয়াই তেওঁলোকৰ পৰা উদ্ধাৰ কৰা ম’বাইল ফোন আৰু লেপটপ পৰীক্ষা কৰি আছে৷ অৱশ্যে, অধিক তদন্তৰ খাতিৰত অপৰাধ শাখাই বিশেষ সদৰি কৰা নাই যদিও ডুবাইৰ সৈতে তেওঁলোকৰ কেনে ধৰণৰ যোগাযোগ আছে বা দেশৰ আন ৰাজ্যত থকা আই পি এলৰ জুৱাৰীৰ যোগসূত্ৰ, কিমান টকা জুৱাত কোনে বিনিয়োগ কৰিছে তাক তদন্তকাৰী বিষয়াই পৰীক্ষা কৰি আছে৷