Logo
image

যশক বিয়া কৰোৱাৰ কথা স্বীকাৰ নুছৰতৰ!

আমাৰ অসম, ১২ অক্টোবৰঃ অভিনেত্ৰী তথা সাংসদ নুছৰত জাহানে অভিনেতা যশ দাশগুপ্তক বিয়া কৰোৱাৰ কথা ইংগিতেৰে প্ৰকাশ কৰাৰ পাছতে তোলপাৰ লাগে ছ’চিয়েল মিডিয়া৷ নুছৰতৰ সন্তান ঈশানৰ পিতৃ যে যশ দাশগুপ্ত, সেই কথা পোহৰলৈ আহিছে৷ ঈশানৰ জন্মৰ প্ৰমাণ পত্ৰত মাতৃ নুছৰত আৰু পিতৃ যশ বুলি উল্লেখ কৰা হৈছে৷ গতিকে সন্তানৰ পিতৃক লৈ চলি অহা কৌতূহলৰ ওৰ পৰে৷ কিন্তু নুছৰত আৰু যশৰ মাজত বিয়া হৈছিল নে নাই তাকে লৈ সকলোৰে মাজত চৰ্চা অব্যাহত আছে৷ কিন্তু দেওবাৰে মাজনিশা নুছৰতে এটা কেক্‌ৰ ছবি ছ’চিয়েল মিডিয়াত আপলোড কৰে তেওঁ৷ কেক্‌ৰ ওপৰত লিখা আছিল ‘ৱাই ডি’৷ তাৰ তলতে লিখা আছিল ‘হাজবেণ্ড’ আৰু ‘ডাড’ শব্দ দুটা৷ ফলত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত কথাটোক লৈ চৰ্চা আৰম্ভ হয়৷ ‘হাজবেণ্ড’ বুলি লিখি নুছৰতে স্বীকাৰ কৰিলে যে তেওঁ আৰু যশৰ মাজত ইতিমধ্যে বিয়া হৈ গৈছে৷ কেক্‌ কাটি যশৰ জন্মদিন উদ্‌যাপন কৰাৰ সময়তে নুছৰতে তেওঁক স্বামী হিচাপে ইংগিতেৰে ঘোষণা কৰে৷